--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'বিশ্বৰ আটাইতকৈ দুখী হাতী’জনীৰ মৃ্ত্যু হৈছে। ফিলিপাইনছৰ মেনিলাৰ এখন চিৰিয়াখানাত দশক দশক ধৰি অকলে বাস কৰি আহিছিল 'মালি’ নামৰ এই হাতীজনীয়ে। পিপল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অৱ এনিমেলছ (পেটা)-ই হাতীজনীক “বিশ্বৰ আটাইতকৈ দুখী হাতী” বুলি অভিহিত কৰিছিল।
 
'মালি’ৰ প্ৰকৃত- বিশ্ব মা’আলি। মৃত্যুৰ সময়ত বয়স ৪৩ বছৰ বুলি অনুমান কৰা হৈছে। মঙলবাৰে বিয়লি ৩.৪৫ বজাত তেওঁৰ মৃত্যু হোৱা বুলি ফিলিপাইনছৰ ৰাজধানী মেনিলা চহৰৰ মেয়ৰ হানি লেকুনাই ঘোষণা কৰে। বেছিভাগ সময় অকলে বাস কৰা হাতীজনীক চাবলৈ মেনিলা চিৰিয়াখানাত নিয়মিতভাৱে ভিৰ হৈছিল।

চিৰিয়াখানাখনৰ মুখ্য পশু চিকিৎসক ডাঃ হাইনৰিখ পেট্ৰিক পেনা-ডমিংগোৱে কয় যে কিছুদিনৰ পৰা মালিয়ে নিজৰ গাটো ৱালত অহৰহ ঘঁহি থকা দেখা গৈছিল, যাৰ পৰা অনুমান কৰিব পাৰি যে তাইৰ বিষ হৈছে। মঙলবাৰে মালিৰ অৱস্থা বেয়া হৈ পৰিল আৰু তাই কাষতে পৰি থাকিল, উশাহ-নিশাহ ল’লে। চিৰিয়াখানাৰ পশু চিকিৎসকে এন্টিহিষ্টামিন আৰু ভিটামিন দিছিল যদিও দুপৰীয়াৰ ভাগত তেওঁৰ মৃত্যু হয়। মৰণোত্তৰ পৰীক্ষাত হাতীটোৰ অগ্নাশয়ৰ কৰ্কট ৰোগ ধৰা পৰিছে বুলি মুখ্য পশু চিকিৎসকগৰাকীয়ে জনায়।

উল্লেখ্য যে ১৯৮৮ চনত শ্ৰীলংকাই তেতিয়াৰ ফিলিপাইনছৰ প্ৰথম মহিলা ইমেল্ডা মাৰ্কছক উপহাৰ হিচাপে ফিলিপাইনছলৈ প্ৰেৰণ কৰিছিল মালিক। মেনিলালৈ লৈ যোৱাৰ সময়ত তাইৰ বয়স ১১ মাহ আছিল। ১৯৭৭ চনৰ পৰা চিৰিয়াখানাত বাস কৰা আন এটা হাতী শিৱৰ সৈতে প্ৰথম দিনকেইটা কটায়। ১৯৯০ চনত শিৱৰ মৃত্যু হয়। তেতিয়াৰ পৰাই মালি অকলে বাস কৰিছিল। মেনিলা চিৰিয়াখানাও আৰ্থিক অভাৱত ভুগিছিল, সেয়ে মালিৰ বাবে আন এটা হাতী ক্ৰয় কৰিবলৈ অসমৰ্থ্য আছিল।

পশু অধিকাৰ কৰ্মীসকলে মালিক আন এখন দেশলৈ অথবা অৰণ্যত মুকলি কৰি দিয়াৰ আহ্বান জনাইছিল আৰু মেনিলা চিৰিয়াখানা কৰ্তৃপক্ষক সমালোচনা কৰিছিল। ২০০৫ চনত পেটাই মালিক স্থানান্তৰিত কৰাৰ বাবে অভিযান আৰম্ভ কৰিছিল, যিয়ে নোবেল বঁটা বিজয়ী জে এম ক’টজি, মৰিচি, পশু কল্যাণ অভিযানকাৰী জেন গুডালৰ দৰে উচ্চ পদস্থ ব্যক্তিত্ববিদৰ পৰা সমৰ্থন লাভ কৰিছিল।

ফিলিপাইনছ চৰকাৰ আৰু চিৰিয়াখানা কৰ্তৃপক্ষই এইসমূহৰ প্ৰত্যুত্তৰত কয় যে মালিয়ে চিৰিয়াখানাত থকাটোৱেই উত্তম কাৰণ তেওঁ অৰণ্যত কেনেকৈ জীয়াই থাকিব নাজানিলেহেঁতেন। পশু কল্যাণকৰ্মী ইছা গাৰ্চিট’ৰেনাই মালিক “বিশ্বৰ আটাইতকৈ দুখজনক হাতী” আখ্যা দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মথুৰাত চলন্ত বাছত ভয়ংকৰ জুই! চালক জিতেন্দ্ৰৰ বুদ্ধিমত্তাত ৰক্ষা পৰিল ৪০ যাত্ৰীৰ প্ৰাণ
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
বাটতে ৰৈ আছিল যমদূত; ভয়ংকৰ পথ দুৰ্ঘটনাত পতি-পত্নী আৰু কণমানি দুই সন্তানৰ মৃত্যু
নাটকীয়ভাৱে দৃশ্যপট সলনি হৈছে বিহাৰৰ ৰাজনীতিত! ফাঁট মেলিছে শাসক মিত্রজোঁট NDAত
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী