--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰমৰ দিনত কুঁহিয়াৰৰ ৰসে মানুহক বৰ সকাহ দিয়ে। মিঠা মিঠা কুঁহিয়াৰ ৰস সকলো মানুহৰে বৰ প্ৰিয়। ভাৰতত অধিক পৰিমাণে কুঁহিয়াৰ উৎপাদন হয়। ই সোৱাদযুক্ত হোৱাৰ লগতে স্বাস্থ্যৰ পক্ষে লাভদায়ক বহুতো তত্ত্ব থাকে। ইয়াৰ ভিতৰত কেলচিয়াম, ক্ৰমিয়াম, কোবাল্ট, ক'পাৰ, মেগনেছিয়াম, মেংগানিজ, ফছফৰাছ, পটেছিয়াম আৰু জিংক উল্লেখযোগ্য।ইয়াৰ উপৰি ইয়াত ভিটামিন-এ,বি-1,বি-2,বি-3,বি-5,বি-6 আৰু ভিটামিন-চিৰ লগতে এণ্টি-অক্সিডেণ্ট, প্ৰ’টিন আৰু খাদ্য পাচক ফাইবাৰো উপলব্ধ। কুঁহিয়াৰ ৰসত বহু মানুহেই নেমুৰ ৰস, বৰফ, পদিনা দি খাই ভাল পায়।
 আহকচোন জানো কুঁহিয়াৰ ৰসৰ উপকাৰিতাৰ বিষয়ে

১)গৰমৰ দিনত ইয়াক পান কৰিলে অতি সোনকালে শক্তি পোৱা যায়। ভাগৰ ভাৱ দূৰ হয়।

২)কুঁহিয়াৰৰ ৰস গ্লুক’জৰ অতি ভাল উৎস, যাৰ বাবে ই শৰীৰক হাইড্রেট কৰি ৰখাৰ লগতে এনাৰ্জী বুষ্টাৰৰ কাম কৰে।

৩)ডায়েবেটিছৰ পৰা দূৰত ৰাখে। 

৪)কুঁহিয়াৰৰ ৰস পানে কেন্সাৰজনিত ভাইৰাছৰ শংকা কম কৰি ৰাখে, বিশেষভাৱে মহিলাসকলৰ মাজত অধিক পৰিমাণত দেখিবলৈ পোৱা ব্ৰেষ্ট আৰু প্ৰোষ্টেট কেন্সাৰৰ সম্ভাৱনা কম কৰি ৰাখে।

৫)কিডনী সুৰক্ষিত কৰি ৰাখে। গৰমৰ দিনত মহিলাসকলে ভোগা ইউৰিনেৰী, টেক্ট ইনফেকচন, এচিডিটী আৰু জ্বলন সমস্যাবোৰ কুঁহিয়াৰৰ ৰস পান কৰি দূৰ কৰিব পাৰে।

৬)এন্টি-অক্সিডেণ্টৰ কাম কৰে। যিয়ে বিভিন্ন প্রকাৰৰ ইনফেকচনৰ বাবে দেহৰ ইমিউনিটী ছিষ্টেম সবল কৰি ৰাখে।

৭)খাদ্যৰ পাচন ঠিক ৰাখে। পেটৰ বিভিন্ন প্রকাৰৰ ইনফেকচনৰ পৰা বচোৱাৰ লগতে তাক কেন্সাৰ, গেছ বদহজম, পেটৰ জ্বলন আদি সমস্যাৰ পৰাও দূৰত ৰাখে।

৮)দাঁতৰ সমস্যা দূৰ কৰে। মুখৰ দুৰ্গন্ধৰ সমস্যা বা দাঁতৰ আলুৰ লগত জড়িত বিভিন্ন সমস্যা, আনকি দাঁতৰ লগত জড়িত সকলো ৰোগ দূৰ কৰি ৰখাত কুঁহিয়াৰৰ ৰস অতি উপযোগী।

৯)নখসমূহ মজবুত কৰি ৰাখে।
 ১০)ছালৰ দাগ দূৰ কৰাত সহায় কৰে।কুঁহিয়াৰৰ ৰস ছালত লগালে বিভিন্ন প্রকাৰৰ চৰ্মৰোগৰ সমস্যা দূৰ হয়।

১১)জণ্ডিচ ৰোগীসকলৰ বাবে কুঁহিয়াৰৰ ৰস অতি প্রয়োজনীয়।

১২)কুঁহিয়াৰ ৰস সদায় একোবাৰ খাব পাৰিলে প্ৰসূতিৰ স্তনত গাখীৰ বৃদ্ধি হয়।

১৩)কুঁহিয়াৰ ৰস প্ৰতিদিনে দুবাৰকৈ পান কৰিলে কিডনিৰ পাথৰ গলি প্ৰস্ৰাৱৰ সৈতে ওলাই যাব পাৰে।

১৪)কুঁহিয়াৰৰ ৰসত যথেষ্ট পৰিমাণে আইৰণ থাকে। ৰক্তহীনতাত ভুগা মানুহে কুঁহিয়াৰ ৰস খালে যথেষ্ট উপকাৰ লাভ কৰে।

গৰমত প্ৰায়ে মানুহে দেশী-বিদেশী ক’ল্ড ড্ৰীংকছ পান কৰে। কিন্তু ক’ল্ড ড্ৰীংকছে আমাৰ শৰীৰৰ যথেষ্ট ক্ষতি কৰে। গৰমত কুঁহিয়াৰ ৰস খালে শৰীৰৰ লগতে মনো যথেষ্ট সতেজ হয়। আনহাতে কুঁহিয়াৰ ৰস খালে আমাৰ শৰীৰৰ বহু উপকাৰো হয়। গতিকে কোনো পেকেট জুচ বা ক’ল্ড ড্ৰীংকছ পান কৰাতকৈ সদায় এগিলাচ কুঁহিয়াৰৰ ৰস পান কৰা অতি লাভদায়ক।
 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement