--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শাক-পাচলিত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। দেহৰ পুষ্টি বৰ্ধন আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ নিতৌ শাক-পাচলি খাব লাগে। দৰাচলতে শৰীৰৰ অতিৰিক্ত ওজন হৈছে বিভিন্ন ৰোগৰ কাৰণ। সেয়েহে ওজন কমোৱাতো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু ইয়াৰ বাবে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত কিছু নিয়ম মানি চলাটো প্ৰয়োজন।

স্বাস্থ্য বিধি মানি চলিবলৈ প্ৰতিদিনৰ খাদ্য তালিকাত পুষ্টিকৰ খাদ্য অন্তৰ্ভুক্ত কৰাটো জৰুৰী। সেইদৰে, স্বাস্থ্য অটুট ৰাখি শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ শাক-পাচলিৰ ওপৰত গুৰুত্ব দিব লাগে।



শৰীৰৰ অতিৰিক্ত ওজন কমোৱাৰ ক্ষেত্ৰত অত্যন্ত কাৰ্যকৰী কেইবিধমান পাচলিৰ বিষয়ে জানো আহক।
ব্ৰুকলিঃ  ব্ৰুকলি হৈছে পুষ্টিৰ অফুৰন্ত শক্তিৰ উৎস। ইয়াত প্ৰচুৰ কেলছিয়াম, ভিটামিন-চি, ভিটামিন-কে আৰু আইৰন থাকে। ব্ৰুকলিত প্ৰচুৰ ফাইবাৰ থকাৰ বিপৰীতে কেল’ৰি যথেষ্ট কম। সেয়ে, ওজন কমোৱাত ই বিশেষভাৱে সহায় কৰে।

পালেংশাকঃ সেউজীয়া এই পাচলিত বিভিন্ন পুষ্টিগুণেৰে ভৰপূৰ। ইয়াত প্ৰচুৰ পৰিমানে আইৰন,পটাছিয়াম আৰু ফাইবাৰ থাকে। পালেংশাকত কেল’ৰিৰ পৰিমান অত্যন্ত কম।পালেংশাক কেবল ওজন কমোৱাতে নহয়, ই লগতে টাইপ-২ডায়েবেটিছ, হাৰ্টৰ ৰোগ আৰু যিকোনো কেন্সাৰ প্ৰতিৰোধত সহায় কৰে।

কেপছিকামঃ কেপছিকামত ভিটামিন-চি, ডায়েট্ৰি ফাইবাৰ, ভিটামিন-ই, বি-৬ৰে সমৃদ্ধ আৰু ই ফলিক যুক্ত। এই পাচলিত পানীৰ পৰিমানো বেছি থাকে। কেপছিকামে শৰীৰৰ মেটাবলিজমৰ হাৰ বৃদ্ধি কৰাৰ লগতেএ ওজন কমোৱাত সহায় কৰে।

বিলাহীঃ বিলাহীত প্ৰচুৰ পৰিমানে এন্টিঅক্সিডেন্ট লাইক’পিন থাকে। বিলাহীয়ে ওজন কমোৱাত সহায় কৰে। লগতে নিয়মীয়াকৈ বিলাহী খালে বহু ক্ৰনিক ৰোগৰ পৰা মুক্তি পোৱা যায়। তৰকাৰী বা চালাদ যিধৰণেই খাওক ই আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement