--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভীমকল আমাৰ সকলোৰে পৰিচিত এক জনপ্ৰিয় কল। ভীমকল গ্ৰাম্য অঞ্চলত যথেষ্ট পৰিমাণে ব্যৱহাৰ হয়। এই কল সাধাৰণ কলতকৈ শকত-আৱত বাবেই হয়তো ভীম কল নাম দিয়া হৈছিল। এই কল অধিক বীজযুক্ত। পকিলে খাবলৈ বৰ মিঠা হয়। কিছুমানে ভীমকলক আঠীয়া কল বুলিও কয়। এই গছ জোপাৰ বৈজ্ঞানিক নাম হ’ল – Musa balbisiana Colla। অসমৰ সমাজ জীৱনত দৈনন্দিন বিভিন্ন কাৰুকাৰ্যত ভীমকল আৰু ভীমকল গছৰ বিভিন্ন অংশৰ ব্যৱহাৰ অপৰিসীম। 

ভাৰতৰ বাহিৰেও চীন, ইণ্ডোনেছিয়া, মালয়েছিয়া, ম্যানমাৰ, নেপাল, নিউঅ গিনি, ফিলিপাইনছ, শ্ৰীলংকা আৰু থাইলেণ্ডত ভীমকল পোৱা যায়। পকা ভীমকল পুহ মাহত নিয়মিত খালে গাত ভীমৰ সমান বল হয় বুলি গাঁৱৰ মানুহৰ মুখে মুখে শুনা যায়। পিঠাগুৰিৰ সৈতে পকা ভীমকল মিহলাই তৈয়াৰ কৰা লাডু খাবলৈ বৰ ভাল।পকা ভীমকলৰ জেলি তৈয়াৰ কৰিও খাব পাৰি।  খেতিয়কসকলক গৃহিণীয়ে ফিকা চাহৰ লগত ভীমকল আৰু পিঠাগুৰিৰ লাডু খাবলৈ প্ৰায়েই দিয়ে। এই লাডু খায়েই ঘৰৰ গৃহস্থই দিনৰ এপৰলৈ হাল বাই মাটি চহ কৰে। ভীমকলৰ আছে বহু গুণাগুণ। 

ভীমকলৰ উপকাৰিতাৰ বিষয়ে জানো আহক 

১)পকা ভীমকলৰ গুটিবোৰ চালনীৰে চালি আঁতৰাই ছমাহৰ কেঁচুৱাক খুৱালে শ্ৰী বৃদ্ধি হয়। 

২)শিশুৰ পয়ালগা ৰোগ ভীমকল খালে ভাল হয়। 

৩)পকা ভীমকল পাতল পাতলকৈ কাটি ৰ’দত ভালদৰে শুকুৱাই বিস্কুটৰ নিচিনাকৈ চাহৰ লগত খাব পাৰি। 

৪) পেটচলা বেমাৰত এটা কেঁচা ভীমকলৰ তিনি ভাগৰ এভাগ, মধুৰিআমৰ কুমলীয়া আগ তিনিটা আৰু পাঁচ ছেণ্টিমিটাৰমান বহল শিলিখা গছৰ বাকলিৰ সৈতে খুন্দি তাৰ পৰিশ্ৰুত খালে মাত্ৰ দুপালিতে পেটচলা ভাল হয়। 

৫)ভীমকল গৰম দিনত সাধাৰণতে পেট ঠাণ্ডা কৰিবলৈ খুওৱা হয়।

৬)ভীমকলৰ বাকলি শুকুৱাই পুৰি খাৰ তৈয়াৰ কৰিব পাৰি।

৭)ভীমকল কৃমিনাশক।

৮)গাঁঠিৰ বিষ হ’লে ভীমকলৰ পোৰা বাকলি ছাই আৰু ক’লা হালধি লগালে ভাল।

৯)পকা ভীমকল পুৱা খালী পেটত খালে গ্ৰহণী ভাল হয়।

১০) প্ৰস্ৰাৱৰ বিভিন্ন সমস্যাত ভীমকলৰ চৰবত বৰ উপকাৰী।

১১)ভীমকলে পেট ঠাণ্ডা কৰে আৰু প্ৰস্ৰাৱ খোলোচা কৰে।

১২)ক্ষীণ লোকে নিয়মীয়াকৈ ভীমকল সেৱন কৰিলে স্বাস্থ্যবান হৈ পৰে।

১৩)পকা ভীমকলত যথেষ্ট পৰিমাণে পটাচিয়াম থাকে৷ সেই কাৰণে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ভীমকল উপকাৰী৷

১৪)ভীমকলৰ পচলা খালে কোষ্ঠকাঠিন্যতা দূৰ হয়৷

১৫) ৰক্তহীনতাত ভোগা লোকৰ বাবে ভীমকলৰ কলডিল অতি উপকাৰী৷

গতিকে আহক পকা ভীমকল খাই শৰীৰটোক সুস্থ-সবল কৰি ৰখাৰ লগতে ৰোগমুক্ত কৰি ৰাখো।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে