--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান দৌৰা-দৌৰি সময়, ব্যস্ত জীৱনশৈলী, অস্বাস্থ্যকৰ খাদ্যৰ বাবে মানুহ প্ৰায়ে মূৰৰ বিষত ভোগে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকে পেইন কিলাৰ ব্যৱহাৰ কৰে। এনে ঔষধ সেৱন কৰি তাৎক্ষণিক ফল লাভ কৰে যদিও এই পেইনকিলাৰ খাই থকাটো বৰ বিপদজনক।শৰীৰত যিকোনো ধৰণৰ সৰু সমস্যা হ’লে বেছিভাগ মানুহেই পেইন কিলাৰ গ্ৰহণ আৰম্ভ কৰে। কিছুমান মানুহে কেৱল পেইনকিলাৰৰ লগতে অভ্যস্ত হৈ পৰে। এই পেইন কিলাৰে নিশ্চয়কৈ আপোনাৰ বিষ কমাই দিয়ে কিন্তু ইয়াৰ ফলত শৰীৰত আন আন বেমাৰো হ’ব পাৰে। 

বহু গৱেষণাত প্ৰমাণিত হৈছে যে প্ৰয়োজনতকৈ অধিক পেইন কিলাৰ সেৱন কৰিলে শৰীৰৰ বাবে এয়া বৰ ক্ষতিকাৰক।এই ঔষধবোৰে শৰীৰৰ অংগবোৰত প্ৰভাৱ পেলায়। হাৰ্ট এটেক বা কিডনী-লিভাৰ ফেইলৰ দৰে সমস্যা হ’ব পাৰে। এক অধ্যয়নে এই সন্দৰ্ভত সতৰ্ক কৰি দিছে। বি এম জেত প্ৰকাশিত এই গৱেষণাত কোৱা হৈছে যে মানুহ পৰাপক্ষত পেইনকিলাৰৰ পৰা দূৰত থকাই ভাল। 

এই অধ্যয়নত পেৰাচিটামলৰ বিষয়েও সদৰী কৰিছে। কোৱা হৈছে যে পেৰাচিটামল এনেকুৱা এটা ঔষধ, যিটো সাধাৰণতে প্ৰতিটো ঘৰতে পোৱা যায়। এই ঔষধটো এটা সাধাৰণভাৱে ব্যৱহৃত ঔষধ। ইয়াৰ অত্যধিক সেৱনৰ বাবে বহু সময়ত এলাৰ্জীৰ অভিযোগ উত্থাপন হয়। ইয়াৰ লগতে যকৃতৰ ক্ষতি হোৱাৰো এক বৃহৎ আশংকা থাকে। গতিকে যদি আপুনি ইয়াক অবিৰতভাৱে ব্যৱহাৰ কৰি আছে, তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ