--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতৰ বেছিভাগ ৰাজ্যই ১ নৱেম্বৰৰ পৰা ভ্ৰমণৰ সীমাবদ্ধতা অলপ শিথিল কৰিছে। কিন্তু কিছুমান ৰাজ্য এতিয়াও ক'ভিড সংক্ৰমণৰ প্ৰতি সতৰ্ক হৈ আছে। সেই ৰাজ্যসমূহত কিছুমান প্ৰতিবন্ধকতা এতিয়াও আছে। ইয়াৰ ফলত বাকী ৰাজ্যসমূহৰ তুলনাত সেই ৰাজ্যসমূহ ভ্ৰমণ কৰাত সমস্যা হ'ব পাৰে। সেয়েহে এই শীতকাল ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰাৰ আগতে, ৰাজ্যসমূহত লাঘৱ হোৱা ক'ভিড নীতিৰ বিষয়ে আপুনি জানি লোৱাটো প্ৰয়োজন৷

কৰ্ণাটকঃ মহাৰাষ্ট্ৰত বৰ্ধিত ক'ভিড সংক্ৰমণৰ বাবে কৰ্ণাটক চৰকাৰে শেহতীয়াকৈ ৰাজ্যখনৰ সীমান্ত অঞ্চলসমূহত নতুন নিষেধাজ্ঞা ঘোষণা কৰিছে। ঘোষণাটোত কোৱা হৈছিল যে, চুবুৰীয়া ৰাজ্যসমূহৰ পৰা অহা লোকসকলক বিশেষ নিৰীক্ষণৰ অধীনত ৰখা হ'ব, বিশেষকৈ যেতিয়া মুম্বাইৰ যিকোনো লোকে ৰাজ্যখন ভ্ৰমণ কৰিবলৈ আহে তেওঁলোকৰ ওপৰত তীক্ষ্ণ নজৰ দিব। আপুনি যদি মায়ানগৰী মুম্বাই হৈ আন ৰাজ্যলৈ ভ্ৰমণ কৰিবলৈ খুজিছে তেনেহ'লে সাৱধানতা অৱলম্ভন কৰাটো বাঞ্চনীয়৷


কৰ্ণাটক


অসমঃ যিসকলে দুয়োটা কৰ'না ভেকছিন সম্পূৰ্ণ কৰিছে৷ তেনহ'লে আপুনি অসমলৈ অহাত কোনো বাধা নাপায়। ৰাজ্যখনে নৱেম্বৰৰ পৰা ক'ভিডৰ সীমাবদ্ধতা শিথিল কৰিছে।

অসম

পশ্চিম বংগঃ পশ্চিম বংগলৈ অহা সকলো বিমান যাত্ৰীৰ কৰ'না টিকা প্ৰমাণপত্ৰ থাকিব লাগিব। ৭২ ঘণ্টাৰ ভিতৰত কৰা কৰ'না টেষ্টৰ ৰিপ'ৰ্ট থকাটো বাঞ্চনীয়। উল্লেখ্য যে, পশ্চিম বংগ চৰকাৰে ৰাজ্যখনলৈ সপ্তাহত তিনিদিনকৈ পুনে, নাগপুৰ আৰু আহমেদাবাদৰ বিমান নিষিদ্ধ কৰিছে৷

পশ্চিম বংগ

উত্তৰাখণ্ড: উত্তৰাখণ্ড চৰকাৰে ২০ নৱেম্বৰৰ পৰা কৰ'নাভাইৰাছৰ নিষেধাজ্ঞা উঠাই লৈছে। যিকোনো জিলাত প্ৰৱেশ কৰাৰ আগতে পৰ্যটকসকলে ৱেব পৰ্টেল স্মাৰ্ট চিটিত নাম ভৰ্তি কৰিব লাগিব। ইয়াৰ উপৰিও, ভ্ৰমণ কৰিবলৈ অহা লোকজনৰ কৰ'নাৰ টেষ্টৰ ফলাফল নিগেটিভ হোৱাটো প্ৰয়োজনীয়৷

উত্তৰাখণ্ড

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ: আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত এতিয়াও কৰ'নাৰ নিষেধাজ্ঞা আছে। পৰ্যটকসকলৰ বাবে কৰ'নাৰ দুটা টিকা প্ৰমাণপত্ৰ থকাটো বাধ্যতামূলক।

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ
আজি গৰু বিহু ; চৌদিশে হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি