--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বামীয়ে প্ৰতাৰণা কৰাত এগৰাকী পত্নীয়ে ৰাজপথত লগালে হুলস্থূল৷ প্ৰয়াগৰাজৰ কানপুৰ ঘাইপথত হাই ভল্টেজৰ নাটক সৃষ্টি কৰিলে এগৰাকী বিবাহিতা মহিলাই৷ তেওঁ ৰাস্তাৰে পাৰ হৈ যোৱা বাহনবোৰৰ বনেটত বহিও হুলস্থুল লগাইছিল৷ অৱশেষত আৰক্ষীয়ে মহিলাগৰাকীক শান্ত কৰি থানালৈ লৈ যায়।

মহিলাগৰাকীয়ে অভিযোগ কৰে যে স্বামীয়ে প্ৰতাৰণা কৰাত তেওঁ ৰাজপথত হুলস্থুলৰ সৃষ্টি কৰে। এই মহিলাগৰাকীয়ে প্ৰায় ৪৫ মিনিটমান ধৰি ৰাইজক হাৰাশাস্তি কৰে। এই দৃশ্য চাবলৈ বিপুল জনসমাগম হৈছিল। ধূমনগঞ্জ থানা এলেকাৰ নেহৰু পাৰ্কৰ সমীপত হাই ভল্টেজৰ নাটক সৃষ্টি কৰে মহিলাগৰাকীয়ে। তথ্য লাভ কৰাৰ লগে লগে ধুমনগঞ্জ আৰক্ষী থানাই সেই স্থানত উপস্থিত হৈ মহিলাগৰাকীক শান্ত কৰাৰ পিছত থানালৈ লৈ যায়।

মহিলাগৰাকীয়ে এখন গাড়ীৰ বনেটত বহি নিজৰ দুৰ্দশাৰ কথা মানুহক জনায়। চাৰিওফালে থিয় হৈ থকা মানুহখিনিয়েও তেওঁৰ কথা মন দি শুনিছিল।

আৰক্ষীয়ে জেৰা কৰা সময়ত প্ৰায় ৩০ বছৰীয়া মহিলাগৰাকীয়ে কয় যে তেওঁ ধূমনগঞ্জৰ ভোলা কা পূৰৱাৰ বাসিন্দা আৰু তেওঁৰ বিবাহ হৈছিল বিহাৰৰ আনন্দৰ সৈতে। মহিলাগৰাকীয়ে অভিযোগ কৰে যে তেওঁৰ স্বামীয়ে তেওঁক প্ৰায়ে প্ৰহাৰ কৰে। তেওঁ কয় যে তেওঁৰ স্বামীয়ে দ্বিতীয় বিবাহ কৰাইছে, যিগৰাকী বাৰাণসীত থাকে। স্বামীয়ে কেতিয়াবা মহিলাগৰাকীৰ লগত বাৰাণসীত আৰু কেতিয়াবা তেওঁৰ লগত প্ৰয়াগৰাজত থাকে।

স্বামীৰ মাৰপিটত ক্ষুব্ধ হৈ মহিলাগৰাকীয়ে কানপুৰ ঘাইপথলৈ আহি হাই ভল্টেজৰ নাটকৰ সৃষ্টি কৰে। বৰ্তমান আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে আৰু তেওঁৰ স্বামী আনন্দকো বিচাৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ