--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বামীয়ে প্ৰতাৰণা কৰাত এগৰাকী পত্নীয়ে ৰাজপথত লগালে হুলস্থূল৷ প্ৰয়াগৰাজৰ কানপুৰ ঘাইপথত হাই ভল্টেজৰ নাটক সৃষ্টি কৰিলে এগৰাকী বিবাহিতা মহিলাই৷ তেওঁ ৰাস্তাৰে পাৰ হৈ যোৱা বাহনবোৰৰ বনেটত বহিও হুলস্থুল লগাইছিল৷ অৱশেষত আৰক্ষীয়ে মহিলাগৰাকীক শান্ত কৰি থানালৈ লৈ যায়।

মহিলাগৰাকীয়ে অভিযোগ কৰে যে স্বামীয়ে প্ৰতাৰণা কৰাত তেওঁ ৰাজপথত হুলস্থুলৰ সৃষ্টি কৰে। এই মহিলাগৰাকীয়ে প্ৰায় ৪৫ মিনিটমান ধৰি ৰাইজক হাৰাশাস্তি কৰে। এই দৃশ্য চাবলৈ বিপুল জনসমাগম হৈছিল। ধূমনগঞ্জ থানা এলেকাৰ নেহৰু পাৰ্কৰ সমীপত হাই ভল্টেজৰ নাটক সৃষ্টি কৰে মহিলাগৰাকীয়ে। তথ্য লাভ কৰাৰ লগে লগে ধুমনগঞ্জ আৰক্ষী থানাই সেই স্থানত উপস্থিত হৈ মহিলাগৰাকীক শান্ত কৰাৰ পিছত থানালৈ লৈ যায়।

মহিলাগৰাকীয়ে এখন গাড়ীৰ বনেটত বহি নিজৰ দুৰ্দশাৰ কথা মানুহক জনায়। চাৰিওফালে থিয় হৈ থকা মানুহখিনিয়েও তেওঁৰ কথা মন দি শুনিছিল।

আৰক্ষীয়ে জেৰা কৰা সময়ত প্ৰায় ৩০ বছৰীয়া মহিলাগৰাকীয়ে কয় যে তেওঁ ধূমনগঞ্জৰ ভোলা কা পূৰৱাৰ বাসিন্দা আৰু তেওঁৰ বিবাহ হৈছিল বিহাৰৰ আনন্দৰ সৈতে। মহিলাগৰাকীয়ে অভিযোগ কৰে যে তেওঁৰ স্বামীয়ে তেওঁক প্ৰায়ে প্ৰহাৰ কৰে। তেওঁ কয় যে তেওঁৰ স্বামীয়ে দ্বিতীয় বিবাহ কৰাইছে, যিগৰাকী বাৰাণসীত থাকে। স্বামীয়ে কেতিয়াবা মহিলাগৰাকীৰ লগত বাৰাণসীত আৰু কেতিয়াবা তেওঁৰ লগত প্ৰয়াগৰাজত থাকে।

স্বামীৰ মাৰপিটত ক্ষুব্ধ হৈ মহিলাগৰাকীয়ে কানপুৰ ঘাইপথলৈ আহি হাই ভল্টেজৰ নাটকৰ সৃষ্টি কৰে। বৰ্তমান আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে আৰু তেওঁৰ স্বামী আনন্দকো বিচাৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ