--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা জুনৰ প্ৰথম সপ্তাহত ভাৰতৰ প্ৰথমটো দল ইংলেণ্ডলৈ ৰাওনা হ'ব। ইংলেণ্ডৰ মাটিত ভাৰতে ৫খনীয়া টেষ্ট শৃংখলাত অৱতীৰ্ণ হ'ব। প্রথম টেষ্টখন ২০-২৪ জুনুত অনুষ্ঠিত হ'ব। তাৰ আগেয়ে প্রস্তুতি মেচ খেলাৰ কথা আছে ভাৰতে। পিছে এই পর্যন্ত ইংলেণ্ডগামী ভাৰতীয় টেষ্ট দল ঘোষণা কৰা হোৱা নাই। 

ভাৰতৰ টেষ্ট দলত মহম্মদ ছামীৰ স্থানক লৈ অনিশ্চয়তাই দেখা দিছে। চলিত আই পি এলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ জাৰ্ছীৰে অৱতীৰ্ণ হোৱা ছামী ফর্মত নাই। ওজন বৃদ্ধি পোৱাৰ লগতে তেওঁৰ বলিঙৰ চোক হ্রাস পাইছে। তথাপি একাংশ প্রাক্তন ক্রিকেটাৰে ইংলেণ্ড ভ্রমণ কৰিবলগীয়া ভাৰতীয় দলত ছামীক ৰখাটো দৰকাৰী বুলি ভাবে। 

নতুন ডিউক বল খুব ভালদৰে তেওঁ ছুইং কৰোৱাব পাৰে। সেই ক্ষেত্ৰত সুবিধা হ'ব যশপ্রীত বুমৰাহৰ বাবে। ইফালে, ৰোহিত শৰ্মাৰ অৱসৰৰ পাছত নতুন অধিনায়ক নিৰ্বাচন কৰিবলৈ গৈ সমস্যাৰ সন্মুখীন হৈছে অজিত আগৰকাৰ নেতৃত্বাধীন নির্বাচক সমিতি। সেই অনুসৰি একাংশ প্রাক্তন নির্বাচকে বুমৰাহক পৰৱৰ্তী টেষ্ট অধিনায়ক হিচাপে বিচাৰে। 

এম এছ কে প্রসাদে কয়, 'মই প্রধান নির্বাচকৰ পদত থকা হ'লে বুমৰাহৰ কান্ধতেই অধিনায়কৰ দায়িত্ব অর্পণ কৰিলোঁহেঁতেন। কাৰণ বুমৰাহে ইতিমধ্যেই নেতৃত্বৰ দায়িত্ব সুকলমে পালন কৰিছে। বৰঞ্চ সহঃ অধিনায়কৰ দায়িত্ব কাৰ হাতত অর্পণ কৰিব তাকে লৈহে ভাৰতে চিন্তা কৰাৰ প্ৰয়োজন। এই ক্ষেত্রত শুভমন গীল নিঃসন্দেহে ফেভাৰিট।' সুনীল গাভাস্কাৰৰ দৰে প্ৰাক্তন ক্রিকেটাৰো বুমৰাহৰ পক্ষত থিয় হৈছে। 
গাভাস্কাৰৰ যুক্তি হ'ল অধিনায়কৰ দায়িত্ব বুমৰাহৰ হাতত থাকিলে তেওঁ নিজকে ফিট ৰখাৰ সুযোগ পাব। যোৱা অষ্ট্ৰেলিয়া ভ্ৰমণত ৰোহিত শৰ্মাৰ অনুপস্থিতিত বুমৰাহে অধিনায়কৰ গুৰু দায়িত্ব সফলভাৱে চম্ভালি ছিল। ইয়াৰ মাজতে অনেকে শুভমন গীলক যোগ্য বুলি ভাবে। আনহাতে, অধিনায়কৰ দৌৰত আণ্ডাৰডগ হিচাপে আছে ঋষভ পন্ট। অৱশ্যে, সম্প্রতি ফর্মত নাই উইকেটকীপাৰ-বেটাৰ পণ্ট।
উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ