--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিৰ্বাচনী আয়োগে নিজাববীয়াকৈ বিএলঅ প্ৰেৰণ কৰি জ্যেষ্ঠ ব্যক্তিসকলৰ পোষ্টেল ভোটৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰাব লাগিছিল।

ডিজিটেল ডেস্ক: শিৱসাগৰত নিৰ্বাচনী আয়োগৰ চৰম গাফিলতি। নিৰ্বাচনী আয়োগ আৰু জিলা প্ৰশাসনৰ চৰম গাফিলতিৰ বাবে ভোটদানৰ পৰা বঞ্চিত হৈ ৰ’ব নেকি ২৩০০ জন ৮০ ঊর্ধ্বৰ ব্যক্তি?


নিৰ্বাচনী আয়োগে নিজাববীয়াকৈ বিএলঅ প্ৰেৰণ কৰি জ্যেষ্ঠ ব্যক্তিসকলৰ পোষ্টেল ভোটৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰাব লাগিছিল।


অভিযোগমতে নিৰ্বাচনী আয়োগে এইসকল ব্যক্তিৰ কাষলৈ কোনো এজন বিএলঅই প্ৰেৰণ নকৰিলে।


তাৎপৰ্য্যপূৰ্ণভাৱে পদ্মশ্ৰী ইমৰান শ্বাহৰ পৰাও সংগ্ৰহ কৰা নহ’ল পোষ্টেল ভোট।


অসুস্থ তথা বাৰ্দ্ধক্যজনিত কাৰণত ভোটগ্ৰহণ কেন্দ্ৰৰ শাৰীত দীৰ্ঘসময় থিয় দি থকা অসম্ভৱ বুলি জানিবলৈ দিয়ে পোষ্টেল ভোটৰ পৰা বঞ্চিত জ্যেষ্ঠ ভোটাৰসকলে।


নিৰ্বাচনী আয়োগ তথা নিৰ্বাচনী বিষয়াৰ হেমাহিৰ বাবে পদ্মশ্ৰী ইমৰান শ্বাহ, সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুন, শিৱসাগৰ ছোৱালী কলেজৰ প্ৰাক্তন অধ্যক্ষ সোণাৰাম বৰুৱাৰ দৰে ৮৫ বছৰ ঊর্ধ্বৰ বহু জ্যেষ্ঠ নাগৰিক ভোটাধিকাৰৰ পৰা বঞ্চিত হয়।


শিৱসাগৰ বিধানসভা সমষ্টিত প্ৰায় ২৩০০ জন ৮৫ বছৰ বয়সৰ ব্যক্তিৰ বিপৰীতে কেৱল ৬১ জনৰহে তালিকাভুক্ত হোৱাক লৈ এতিয়া ব্যাপক চৰ্চা।


পদ্মশ্ৰী সন্মানেৰে সন্মানিত অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰা ইমৰান শ্বাহৰ দৰে ব্যক্তিও নিৰ্বাচনী আয়োগ তথা শিলসাগৰ জিলা প্ৰশাসন গাফিলতিৰ বাবে ভোটাধিকাৰৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম ঘটিছে।


শিৱসাগৰৰ সমাজ জীৱনৰ পৰিচিত নাম সোণাৰাম বৰুৱাৰ দৰে ব্যক্তিও ২০২৬ৰ নিৰ্বাচনত ভোটাধিকাৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম ঘটিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত