--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা পুৰুষৰ বাবেও উপলব্ধ হ’ব গৰ্ভনিৰোধক বেজী। দেশত ইতিমধ্যে মহিলাসকলৰ বাবে বহুপ্ৰকাৰৰ পৰিয়াল পৰিকল্পনাৰ ব্যৱস্থা উপলব্ধ হৈছে। এতিয়া পুৰুষৰ বাবেও ওকেধৰণৰ গৰ্ভনিৰোধক  বেজীৰ সফল পৰীক্ষণ সম্পন্ন কৰিছে  ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (আই.চি.এম.আৰ) । তিনিশৰো অধিক লোকৰ ওপৰত আইচিএমআৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰা হৈছে । 

বেজী লোৱাৰ পিছত কোনো পুৰুষৰ দেহতে গুৰুতৰ পাৰ্শ্বক্ৰিয়াও পৰিলক্ষিত হোৱা নাই। আই.চি.এম.আৰে প্ৰকাশ কৰা তথ্য অনুসৰি ৯৯ শতাংশ পুৰুষৰ ক্ষেত্ৰত গৰ্ভনিৰোধক  বেজী সম্পূৰ্ণ কাৰ্যক্ষম বুলি প্ৰমাণিত হৈছে।  

এক কথাত ক’বলৈ গ’লে ভাৰতত গৰ্ভনিৰোধক বেজী এতিয়া পুৰুষৰ বাবে এক সপোন হৈ নাথাকিব। হয়, এয়া  বাস্তৱত পৰিণত হৈছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে বহু বছৰৰ পৰাই পুৰুষৰ বাবেও গৰ্ভ নিৰোধক বেজী প্ৰস্তুত কৰাৰ চেষ্টা চলাই আহিছিল। অৱশেষত সেয়া সফল হৈছে। এই বিষয়ত গৱেষণা প্ৰতিষ্ঠানটোৱে  ৭ বছৰ ধৰি পৰ্যবেক্ষণ আৰু অধ্যয়ন চলাই আছিল। 

 ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মতে পুৰুষৰ দেহত এনে বেজীয়ে  দীঘলীয়া সময়ৰ বাবে কাম কৰিব।
 অধ্যয়নটোৰ তৃতীয় পৰ্যায়ৰ ফলাফলবোৰ আন্তৰ্জাতিক  আলোচনী এণ্ড্ৰোলজীত প্ৰকাশ পাইছে।।  ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মতে ৩০৩  জন স্বাস্থ্যৱান, যৌনভাবে সক্ৰিয় আৰু বিবাহিত পুৰুষক (২৫-৪০ বছৰ বয়সৰ) পৰিয়াল পৰিকল্পনাৰ ব্যৱস্থাৰ বাবে বাছনি কৰা হৈছিল আৰু তেওঁলোকৰ দেহত ৬০ মিলিগ্ৰামকৈ  আৰ.আই.এছ.ইউ.জি. থকা এটা বেজী দিয়া হৈছিল। বিশেষ কথাটো হ'ল আৰ.আই.এছ.ইউ.জি.-ৰ সৈতে কোনো গুৰুতৰ পাৰ্শ্বক্ৰিয়া অবিহনে ৯৯ শতাংশ গৰ্ভধাৰণ প্ৰতিৰোধ কৰিব পৰা গৈছিল।

এনে বেজী গ্ৰহণ কৰাৰ পিছত কিছুদিনলৈ বীৰ্যত কোনো সক্ৰিয় শুক্ৰাণু নাথাকে।ফলত গৰ্ভধাৰণৰো কোনো আশংকা নাথাকে।
পৰীক্ষাত ভাগ লোৱা  স্বেচ্ছাসেৱকসকলৰ পত্নীসকলৰ স্বাস্থ্ পৰীক্ষা কৰিও   কোনো বিৰূপ প্ৰভাৱ পৰা দেখা যোৱা নাই।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ