--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা পুৰুষৰ বাবেও উপলব্ধ হ’ব গৰ্ভনিৰোধক বেজী। দেশত ইতিমধ্যে মহিলাসকলৰ বাবে বহুপ্ৰকাৰৰ পৰিয়াল পৰিকল্পনাৰ ব্যৱস্থা উপলব্ধ হৈছে। এতিয়া পুৰুষৰ বাবেও ওকেধৰণৰ গৰ্ভনিৰোধক  বেজীৰ সফল পৰীক্ষণ সম্পন্ন কৰিছে  ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (আই.চি.এম.আৰ) । তিনিশৰো অধিক লোকৰ ওপৰত আইচিএমআৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰা হৈছে । 

বেজী লোৱাৰ পিছত কোনো পুৰুষৰ দেহতে গুৰুতৰ পাৰ্শ্বক্ৰিয়াও পৰিলক্ষিত হোৱা নাই। আই.চি.এম.আৰে প্ৰকাশ কৰা তথ্য অনুসৰি ৯৯ শতাংশ পুৰুষৰ ক্ষেত্ৰত গৰ্ভনিৰোধক  বেজী সম্পূৰ্ণ কাৰ্যক্ষম বুলি প্ৰমাণিত হৈছে।  

এক কথাত ক’বলৈ গ’লে ভাৰতত গৰ্ভনিৰোধক বেজী এতিয়া পুৰুষৰ বাবে এক সপোন হৈ নাথাকিব। হয়, এয়া  বাস্তৱত পৰিণত হৈছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে বহু বছৰৰ পৰাই পুৰুষৰ বাবেও গৰ্ভ নিৰোধক বেজী প্ৰস্তুত কৰাৰ চেষ্টা চলাই আহিছিল। অৱশেষত সেয়া সফল হৈছে। এই বিষয়ত গৱেষণা প্ৰতিষ্ঠানটোৱে  ৭ বছৰ ধৰি পৰ্যবেক্ষণ আৰু অধ্যয়ন চলাই আছিল। 

 ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মতে পুৰুষৰ দেহত এনে বেজীয়ে  দীঘলীয়া সময়ৰ বাবে কাম কৰিব।
 অধ্যয়নটোৰ তৃতীয় পৰ্যায়ৰ ফলাফলবোৰ আন্তৰ্জাতিক  আলোচনী এণ্ড্ৰোলজীত প্ৰকাশ পাইছে।।  ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মতে ৩০৩  জন স্বাস্থ্যৱান, যৌনভাবে সক্ৰিয় আৰু বিবাহিত পুৰুষক (২৫-৪০ বছৰ বয়সৰ) পৰিয়াল পৰিকল্পনাৰ ব্যৱস্থাৰ বাবে বাছনি কৰা হৈছিল আৰু তেওঁলোকৰ দেহত ৬০ মিলিগ্ৰামকৈ  আৰ.আই.এছ.ইউ.জি. থকা এটা বেজী দিয়া হৈছিল। বিশেষ কথাটো হ'ল আৰ.আই.এছ.ইউ.জি.-ৰ সৈতে কোনো গুৰুতৰ পাৰ্শ্বক্ৰিয়া অবিহনে ৯৯ শতাংশ গৰ্ভধাৰণ প্ৰতিৰোধ কৰিব পৰা গৈছিল।

এনে বেজী গ্ৰহণ কৰাৰ পিছত কিছুদিনলৈ বীৰ্যত কোনো সক্ৰিয় শুক্ৰাণু নাথাকে।ফলত গৰ্ভধাৰণৰো কোনো আশংকা নাথাকে।
পৰীক্ষাত ভাগ লোৱা  স্বেচ্ছাসেৱকসকলৰ পত্নীসকলৰ স্বাস্থ্ পৰীক্ষা কৰিও   কোনো বিৰূপ প্ৰভাৱ পৰা দেখা যোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ