--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকান একাডেমী অৱ স্লিপ মেডিচিনৰ এক অধ্যয়ন অনুসৰি এক তৃতীয়াংশ প্ৰাপ্তবয়স্ক লোকে ৰাতি পত্নীৰ পৰা পৃথকে শোৱে। প্ৰথমবাৰৰ বাবে মুঠ ২০০০ লোকৰ সমীক্ষা কৰা হৈছে।

দম্পতীৰ মাজত ৰাতি পৃথক পৃথক কোঠাত শোৱাটোক ‘স্লিপ ডিভৰ্ছ’ বুলি কোৱা হৈছে। সমীক্ষা অনুসৰি মুঠ ৪৫ শতাংশ পুৰুষে স্বীকাৰ কৰিছে যে তেওঁলোকে কেতিয়াবা বা বেছিভাগ সময়তে ৰাতি আন কোঠাৰ চোফাত বা অতিথিশালাত শুই  আৰাম অনুভৱ কৰে। আনহাতে ২৫ শতাংশ মহিলাই এই কথা স্বীকাৰ কৰে।

আমেৰিকান একাডেমী অৱ স্লিপ মেডিচিনৰ গৱেষকৰ মতে, অসম্পূৰ্ণ টোপনিয়ে শৰীৰৰ ক্ষতি কৰাই নহয়, মেজাজতো প্ৰভাৱ পেলায়। শান্তিৰে শুবলৈ হ’লে আজিকালি বহু দম্পতীয়ে পৃথকে পৃথকে শুবলৈ বাছি লৈছে। নাকৰ শব্দও ইয়াৰ এটা কাৰণ। এনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়। এই সৰু সৰু সমস্যাবোৰৰ ফলত স্লিপ এপনিয়াৰ দৰে ডাঙৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

এতিয়া বহুতে ছচিয়েল মিডিয়াত মুকলিকৈ ‘স্লিপ ডিভৰ্ছ’ৰ কথা কৈছে। এই পন্থা অনুসৰণ কৰাৰ পিছত তেওঁলোকৰ সম্পৰ্ক অধিক মজবুত হৈ পৰিছে বুলিও কিছু লোকে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক