--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্রণিধানযোগ্য যে ভোটৰ অংকত ৰাজ্য চৰকাৰখনে ইখনৰ পাছত সিখনকৈ হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰিবলৈ গৈ এতিয়া ঋণৰ ওপৰতে ভৰসা কৰিবলগীয়া হৈছে।

ডিজিটেল ডেস্ক: অব্যাহত আছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ ঋণ লোৱাৰ প্ৰক্ৰিয়া। যোৱা ৯ নৱেম্বৰত ১০০০ কোটি টকাৰ ঋণ লোৱা ৰাজ্য চৰকাৰখনে পুনৰ অহা ২৩ নৱেম্বৰত ১০০০ কোটি টকা ঋণ লোৱাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। ইতিমধ্যে ৰাজ্যৰ বিত্ত বিভাগে এই ঋণ লোৱাৰ বাবে ৰিজার্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। এটা পষেকৰ ভিতৰতে ৰাজ্য চৰকাৰখনে দ্বিতীয়বাৰৰ বাবে এনেদৰে ঋণ ল'বলৈ সিদ্ধান্ত গ্রহণ কৰা কাৰ্যই ৰাজ্যৰ বিত্তীয় অৱস্থাটোকে উদঙাই দিছে। 


প্রণিধানযোগ্য যে ভোটৰ অংকত ৰাজ্য চৰকাৰখনে ইখনৰ পাছত সিখনকৈ হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰিবলৈ গৈ এতিয়া ঋণৰ ওপৰতে ভৰসা কৰিবলগীয়া হৈছে। শাসনভাৰ লৈয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দেশৰ পাঁচখন শীর্ষ ৰাজ্যৰ তালিকাত অসমৰ নাম অন্তর্ভুক্ত কৰাৰ প্রতিশ্রুতি দিছিল। কিন্তু এতিয়া প্রতিমাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈহে ৰাজ্য চলাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। যাৰ ফলত ৰাজ্যবাসীৰ ওপৰত থকা ঋণৰ বোজাও দ্রুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। আজিৰ তাৰিখত ৰাজ্যবাসীৰ মূৰত জাপি দিয়া ঋণৰ বোজা হ'ল ২ লাখ ১৫ হাজাৰ কোটি টকা। অথচ স্বাধীনতাৰ পৰা তৰুণ গগৈৰ চৰকাৰৰ দিনলৈকে অৰ্থাৎ ২০১৬ চনৰ মাৰ্চলৈ অসমৰ সমুদায় ঋণৰ পৰিমাণ আছিল প্রায় ৪১,৯৬৪ কোটি টকা। 


ইয়াৰ পাছত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠন কৰিয়েই তৰুণ গগৈ চৰকাৰে ৰাজ্যবাসীক ধৰুৱা কৰি থৈ গ'ল বুলি শ্বেতপত্রও প্রকাশ কৰিছিল। কিন্তু পূৰ্বৰ কংগ্ৰেছ চৰকাৰক সমালোচনা কৰিলেও ঋণ ল'বলৈ এৰা নাছিল ৰাজ্য চৰকাৰখনে। যাৰ বাবে সোণোৱাল চৰকাৰ অন্ত পৰালৈকে ঋণৰ বোজা ৮৯,৭০৯ কোটি টকালৈ বৃদ্ধি পায়। ইয়াৰ পাছত ২০২১ চনত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছৰে পৰা প্ৰতিমাহে ইমানেই ঋণ লোৱা আৰম্ভ কৰিলে যে ২০২৫ চনৰ মাৰ্চলৈকে অসম চৰকাৰৰ ঋণৰ বোজা ১,৭৭,৯৮৩ কোটি টকা হয়গৈ আৰু এতিয়া এই পৰিমাণে দুই লাখ কোটি টকা অতিক্ৰম কৰিছে। 


আনকি যোৱা পাঁচ বছৰতেই ৰাজ্য চৰকাৰখনে প্রায় এক লাখ কোটি টকাৰ ঋণ লৈছে। কিন্তু সেই বিশাল পৰিমাণৰ ঋণ লোৱাৰ পাছতো চৰকাৰখনে ঋণ লোৱাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ফলত ধাৰৰ বোজা ক্ৰমাৎ বৃদ্ধি পাইছে। আনকি বর্তমান সময়ত জনমূৰি ঋণো প্রায় ৪২,৫০০ টকালৈ বৃদ্ধি পাইছে। কিন্তু ইমানৰ পাছতো ৰাজ্যৰ উন্নয়নৰ বাবে ঋণ লোৱা বুলি যুক্তি দি প্রতিমাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈয়ে আছে ৰাজ্য চৰকাৰখনে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
২৩ নৱেম্বৰত পুনৰ এহেজাৰ কোটি টকাৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
'টাইম' আলোচনীত লাভলীনা
২০৩৫ চনৰ ভিতৰত বিশ্বত ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা হ’ব সৰ্বাধিক
‘‘অসমত ভগৱানতকৈও অধিক জুবিনৰ ফটো দেখা পাইছোঁ’’! অসমবাসীৰ আৱেগত আপ্লুত ভাৰত ভ্ৰমণকাৰী যুৱক তাজ আলম
শোকস্তব্ধ খেৰী গাঁও; গেছ চিলিণ্ডাৰ বিস্ফোৰণত মাতৃসহ দুই কন্যাৰ কৰুণ মৃত্যু
মাজুলীৰ পৰ্যটন ক্ষেত্ৰখনক নতুন মাত্ৰা প্ৰদানৰ লক্ষ্য; আহি আছে দুমহলীয়া পর্যটক বাছ ‘পুষ্পক’
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী