ডিজিটেল ডেস্ক : বিশ্বৰ প্ৰসিদ্ধ আমেৰিকাৰ 'টাইম' আলোচনীয়ে প্রথমবাৰৰ বাবে প্ৰকাশ কৰা 'টাইম ১০০ নেক্সট্ লিষ্ট' (ভাৰত-নিৰ্দিষ্ট সংস্কৰণ)ত অসম সন্তান তথা অলিম্পিক পদক জয়ী লাভলীনা বৰগোহাঁইৰ নাম অন্তর্ভুক্ত কৰিছে। আলোচনীখনত সৰ্বমুঠ ১০০ গৰাকী উদীয়মান অগ্রণী লোকৰ (ইমার্জিং লীডাৰ) নাম সন্নিৱিষ্ট কৰা হৈছে, যাৰ কৰ্ম, সফলতা আৰু প্ৰভাৱে দেশৰ ভৱিষ্যৎ গঢ় দিয়াত সহায় কৰিছে। এই তালিকাত স্থান পাইছে মনোৰঞ্জন, ব্যৱসায়, ক্রীড়া, বিজ্ঞান, প্রযুক্তি আৰু সমাজৰ হৈ মাত মতা বিভিন্ন ক্ষেত্ৰৰ লোকে। মুঠ ৫টা বিভাগত বিভক্ত তালিকাত দেশৰ তাৰকা বক্সাৰ, বজ্রকন্যা লাভলীনা বৰগোহাঁয়েও স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।
উল্লেখযোগ্য যে মাত্র এমাহমানৰ আগতে, যোৱা অক্টোবৰত, জাপানত অনুষ্ঠিত আইচি-নাগোয়া এছিয়ান গেমছত স্বর্ণপদক লাভ কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ইয়াৰ আগতে ২০২১ চনত অনুষ্ঠিত ২০২০ টকিঅ' অলিম্পিকত ৱেল্টাৰৱেইট (৬৯ কিল'গ্রাম) শাখাত লাভলীনাই ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইয়াৰ পাছত ২০২৩ চনৰ মাৰ্চত নতুন দিল্লীত অনুষ্ঠিত আই বি এ (ইণ্টাৰনেশ্যনেল বক্সিং এছচিয়েশ্যন) উইমেন বৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত মিডলৱেইট (৭৫ কিল'গ্রাম) শাখাত লাভলীনাই স্বর্ণপদক জয় কৰিছিল। ইয়াৰ পাছত ২০২৩ চনতে চীনত অনুষ্ঠিত হাংঝাউ এছিয়ান গেমছত গোলাঘাট জিলাৰ বৰপথাৰৰ বাৰমুখীয়াৰ লাভলীনাই ৰূপৰ পদক জয় কৰিছিল।
'টাইম ১০০ নেক্সট ইণ্ডিয়া'ত বিভিন্ন বিভাগত স্থান লাভ কৰা ক্ৰীড়া ক্ষেত্ৰৰ আন কেইগৰাকীমান হৈছে ক্রিকেটাৰ বৈভৱ সূৰ্যবংশী, মহিলা বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্রীত কৌৰ আৰু অলিম্পিক পদক বিজয়ী মণিপুৰৰ ভাৰোত্তোলক মীৰাবাঈ চানু। ইয়াৰ উপৰি আছে বিশ্ব দবা চেম্পিয়ন খেলুৱৈ ডি গুকেশ, মহিলাৰ ৪০০ মিটাৰ হাৰ্ডৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়োঁতা বিদ্যা ৰাজমৰাজ, এছিয়ান গেমছত স্বর্ণপদক বিজয়ী আৰ্চাৰ কুমকুম মাহোদ, মহিলা হকী দলৰ গ'লকীপাৰ সৱিতা পুণিয়া আৰু প্ৰাক্তন টেনিছ খেলুৱৈ ছানিয়া মির্জা। তালিকাৰ আৰ্টিষ্ট বা শিল্পী শাখাত অভিনয় শিল্পী আলিয়া ভাট, জিতেন্দ্ৰ কুমাৰ চামান্থা ৰুথ প্রভু, বিকী কৌশলৰ লগতে কণ্ঠশিল্পী, চলচ্চিত্র নির্মাতা, ভিজুবেল আর্টিষ্ট, পেইণ্টাৰ, টেক্সটাইল এণ্ট্ৰেপ্রিনিয়ৰকে ধৰি ২০ গৰাকীৰ নাম আছে। 'ফেনম' বা অসাধাৰণ প্ৰতিভা বিভাগত লাভলীনা, ডি গুকেশ আৰু বিদ্যা ৰামৰাজৰ সৈতে আছে অভিনয় শিল্পী সাই পল্লবী, আলী ফজল, ফেশ্বন ডিজাইনাৰ দিব্যা জৌকানী আদি। ইন'ভেটিভ বা উদ্ভাৱন বিভাগত মীৰাবাই চানু আৰু বৈভৱ সূৰ্যবংশীৰ সৈতে আছে আমাৰ প্ৰতিৱেশী ৰাজ্য নগালেণ্ডৰ উদীয়মান চলচ্চিত্ৰ পৰিচালক থেজা ৰিঅ'।
উল্লেখযোগ্য যে থেজা ৰিঅ' পৰিচালিত কন্যাক নগা ভাষাৰ চলচ্চিত্র 'আংঘ' চলচ্চিত্রখন অস্কাৰ বঁটাৰ আন্তঃৰাষ্ট্ৰীয় কাহিনী চলচ্চিত্ৰ শিতানৰ বাবে নিৰ্বাচিত হৈছে। 'টাইম ১০০ নেষ্ট ইণ্ডিয়া' লীডাৰ বা নেতা বিভাগত স্থান পোৱাসকলৰ ভিতৰত আছে এৰ'স্পে'চ এণ্ট্ৰেপ্রিনিয়ৰ পৱন কুমাৰ চন্দনা, অভিনেত্রী-প্রযোজক নয়নতৰা, কণ্ঠশিল্পী-অভিনেতা দিলজিত দোসাঞ্জ, দলিত আৰু ট্রেঞ্চজেণ্ডাৰ অধিকাৰ কৰ্মী গ্রে'চ বানু, ভেকচিন প্ৰস্তুতকৰ্তা আদৰ পুনাৱালা আদি। আনহাতে এডভ'কেট বা সামাজিক কৰ্মৰ সমৰ্থক বিভাগত ছানিয়া মির্জাৰ সৈতে আছে গ্রাম্য সাংবাদিক মীৰা দেৱী (খবৰ লহৰিয়া), গিগ আৰু এপ ভিত্তিক পৰিবহণ কর্মী সন্থাৰ নেতা শ্বেক ছালাউদ্দিন আদি।
উৎস: দৈনিক জনমভূমি