--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিয়ন্ত্ৰণ হেৰুৱাই এখন তীব্ৰবেগী বাহন ডিভাইডাৰত খুন্দা মাৰি দলঙৰ সুৰক্ষা বেৰ ভাঙি পোনে পোনে নলাত বাগৰি পৰে। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত যুৱকজনক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে পৰীক্ষাৰ অন্তত মৃত ঘোষণা কৰে।

ডিজিটেল ডেস্ক: ঘৰত চলিছিল বিয়াৰ ব্যাপক প্ৰস্তুতি। মাত্ৰ তিনিমাহ পিছতেই জীৱনৰ এক নতুন অধ্যায়ৰ পাতনি মেলাৰ কথা আছিল এজন যুৱকে। ৰাজস্থানত আড়ম্বৰপূৰ্ণভাৱে বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে বুকিং কৰা হৈছিল বিলাসী ভৱন। ৰাজকীয় আয়োজনৰে বিয়াখন অনুষ্ঠিত কৰাৰ পৰিকল্পনা চলিছিল। আলহী-অতিথিৰ আপ্যায়নৰ পৰা আৰম্ভ কৰি বিবাহৰ বিভিন্ন অনুষ্ঠানৰ সকলো দায়িত্ব পৃথক পৃথক প্ৰতিষ্ঠানক অৰ্পণ কৰা হৈছিল। কিন্তু বিয়াৰ মণ্ডপত দৰা হিচাপে যুৱকজনে বহাৰ পূৰ্বেই কালৰ নিষ্ঠুৰ আঘাতে নিমিষতে সকলো আনন্দক শোকলৈ ৰূপান্তৰিত কৰিলে।


নিয়ন্ত্ৰণ হেৰুৱাই এখন তীব্ৰবেগী বাহন ডিভাইডাৰত খুন্দা মাৰি দলঙৰ সুৰক্ষা বেৰ ভাঙি পোনে পোনে নলাত বাগৰি পৰে। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত যুৱকজনক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে পৰীক্ষাৰ অন্তত মৃত ঘোষণা কৰে। নিহত যুৱকজনৰ নাম কণৱ অনুপ ছাহানী (২৯)। তেওঁ নাগপুৰৰ জৰীপটকা অঞ্চলৰ ক্লাৰ্ক টাউনৰ বাসিন্দা।


বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৪.৩০ বজাত অম্বাঝাৰী আৰক্ষী থানাৰ অন্তৰ্গত বিবেকানন্দ স্মাৰকৰ সমীপত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। জানিব পৰা মতে, নিৰ্মাণকাৰ্য আৰু অটোম'বাইল ব্যৱসায়ৰ সৈতে জড়িত আছিল কণৱ। তেওঁ পিতৃ-মাতৃ আৰু বিবাহিত ককায়েকৰ সৈতে বাস কৰিছিল।

কেইদিনমান পূৰ্বে কণৱৰ পিতৃ-মাতৃ দিল্লীলৈ গৈছিল। আনহাতে, ব্যৱসায়িক বৈঠকত অংশগ্ৰহণ কৰিবলৈ কণৱ চেন্নাইলৈ গৈছিল। বৈঠক সামৰি এদিন পূৰ্বেহে নাগপুৰলৈ উভতি আহিছিল তেওঁ।


প্ৰাপ্ত তথ্য অনুসৰি, দুৰ্ঘটনাৰ নিশা বন্ধুবৰ্গৰ সৈতে পাৰ্টিত অংশগ্ৰহণ কৰিবলৈ গৈছিল কণৱ। তাৰ পিছত বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৪.৩০ বজাত নিজৰ বাহনখনেৰে অম্বাঝাৰী গাৰ্ডেনৰ দিশৰ পৰা সুভাষনগৰ অভিমুখে গৈ আছিল তেওঁ। সেই সময়তে স্বামী বিবেকানন্দ স্মাৰক চৌহদৰ সমীপত হঠাৎ বাহনখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। ফলত তীব্ৰবেগী বাহনখনে প্ৰথমে ডিভাইডাৰত খুন্দা মাৰে আৰু পিছত দলঙৰ লোহাৰ পাইপেৰে নিৰ্মিত সুৰক্ষা বেৰ ভাঙি পোনে পোনে নলাত বাগৰি পৰে।


দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে বাহনখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে। কণৱে মূৰ, ডিঙি আৰু হাতত আঘাত পাই গুৰুতৰভাৱে আহত হয়। বাহনখনৰ প্ৰচণ্ড শব্দত ওচৰ-চুবুৰীয়া লোকসকলৰ টোপনি ভাঙি যায়। কিছু সময়ৰ ভিতৰতে ঘটনাস্থলীত বহু লোকৰ সমাগম ঘটে আৰু আৰক্ষীক খবৰ দিয়া হয়।

ইফালে নিশাৰ টহলত থকা যান-বাহন আৰক্ষীৰ এটা দলো ঘটনাস্থলীত উপস্থিত হয়। বাহনখনৰ ভিতৰৰ পৰা কণৱক উদ্ধাৰ কৰি এম্বুলেন্সযোগে মেয়ো চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু সকলো প্ৰচেষ্টা বিফল কৰি চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।


পুত্ৰৰ মৃত্যুৰ খবৰ লাভ কৰাৰ লগে লগে পৰিয়ালটোত শোকত ভাগি পৰে। দিল্লীত থকা পিতৃ-মাতৃয়ে এই মৰ্মান্তিক খবৰ লাভ কৰি ততাতৈয়াকৈ নাগপুৰলৈ উভতি আহে। মৰণোত্তৰ পৰীক্ষাৰ পিছত কণৱৰ মৃতদেহ পৰিয়ালৰ গতাই দিয়া হয়। পৰৱৰ্তী সময়ত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।


ইফালে মাত্ৰ তিনিমাহ পিছতেই অনুষ্ঠিত হ'বলগীয়া বিয়াখনক লৈ পৰিয়ালটোত চলিছিল ব্যাপক আনন্দ-উল্লাস আৰু প্ৰস্তুতি। কিন্তু মুহূৰ্তৰ ভিতৰতে সকলো সপোন থানবান হৈ গ'ল। যিখন ঘৰত কিছুদিন পিছতে বিয়াৰ আনন্দ-উল্লাসে বিৰাজ কৰাৰ কথা আছিল, সেইখন ঘৰতে এতিয়া বিৰাজ কৰিছে গভীৰ শোকৰ পৰিৱেশ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ মাহ পিছতেই যুগ্ম জীৱনৰ পাতনি মেলাৰ কথা, পথ দুৰ্ঘটনাই নিমিষতে শেষ কৰিলে সকলো সপোন
নিজৰ পকী ঘৰত এৰাতিও কটাবলৈ নাপালে ১২০ বছৰীয়া নৰ্মদা দেৱী আইতাই; ঘৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই চিৰদিনলৈ মুদিলে চকু
২৩ নৱেম্বৰত পুনৰ এহেজাৰ কোটি টকাৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
'টাইম' আলোচনীত লাভলীনা
২০৩৫ চনৰ ভিতৰত বিশ্বত ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা হ’ব সৰ্বাধিক
‘‘অসমত ভগৱানতকৈও অধিক জুবিনৰ ফটো দেখা পাইছোঁ’’! অসমবাসীৰ আৱেগত আপ্লুত ভাৰত ভ্ৰমণকাৰী যুৱক তাজ আলম
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী