ডিজিটেল ডেস্ক: বিলাসীপাৰাত নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ। পিতৃয়ে মদ-ভাং খাই কন্যাক শাৰীৰিক-মানসিক নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন হৈছে। পিতৃয়ে ধনৰ লোভত নাবালিকা ছোৱালীক বলপূৰ্বক বিয়া দিয়াৰ চেষ্টা কৰাৰ বিৰুদ্ধে বিলাসীপাৰা থানাত এজাহাৰ কন্যাৰ। বিলাসীপাৰাৰ পাইকানডাৰা প্ৰথম খণ্ড গাঁৱত সংঘটিত হৈছে এই নাভূত নাশ্ৰুত ঘটনা।
ৰাজ্যত বাল্যবিবাহৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলি থকাৰ সময়তেই পাইকানডাৰা প্ৰথম খণ্ড গাঁৱৰ ইছমাইল হুছেইনে নাবালিকা কন্যাই বিবাহত ৰাজি নোহোৱাৰ বাবেই শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
ইফালে এই বিবাহৰ তীব্ৰ বিৰোধিতা কৰি কন্যাই নিজৰ খুড়াকক লগত লৈ কাষ চাপিছিল বিলাসীপাৰা আৰক্ষীৰ। জানিব পৰা মতে বিলাসীপাৰা আৰক্ষীয়ে বিষয়টো চালিজাৰি চাই তদন্তৰ সময়খিনিত ছোৱালীগৰাকীক সুৰক্ষিত ৰখাৰ বাবে খুড়াকক দায়িত্ব দিছিল। এই ঘটনাৰ পিছতেই অভিযুক্ত পিতৃয়ে কন্যাক খুড়াকে অপহৰণ কৰি নিয়াৰ অভিযোগ তুলি লক্ষীগঞ্জ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ইফালে নিজ ইচ্ছাত খুড়াকৰ ঘৰত আশ্ৰয় লৈছিল কন্যাই। অভিযোগ পোৱাৰ পিছতেই লক্ষীগঞ্জ আৰক্ষীয়ে অভিযুক্ত পিতৃৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে উঠাই লৈ আহে খুড়াকক।
অভিযোগ অনুসৰি ছোৱালীজনীৰ খুড়াকক লক্ষীগঞ্জ আৰক্ষীয়ে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে। লক্ষীগঞ্জ আৰক্ষীয়ে খুড়াকক এৰি দিয়াৰ নামতো বৃহৎ অংকৰ ধন দাবী কৰাৰো অভিযোগ উত্থাপন হৈছে। সমগ্ৰ বিষয়টোৰ ওপৰত উচিত তদন্ত বিচাৰিছে ভুক্তভোগী ছোৱালীজনীৰ লগতে খুড়ীয়েক আৰু দল-সংগঠনে।