--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিজৰ বুলিবলৈ এখন পকী ঘৰত জীৱনৰ শেষকেইটা দিন কটাব বিচাৰিছিল আইতাই। সেই সপোন পূৰণৰ আশাত হাতযোৰ কৰি কেইবাবাৰো মুখ্যমন্ত্ৰীক কাতৰ আহ্বান জনাইছিল আইতাই।

ডিজিটেল ডেস্ক: আধৰুৱা হৈ ৰ’ল এগৰাকী আইতাৰ সপোন। জীৱনৰ বিয়লি বেলাত আইতাগৰাকীৰ এটাই সপোন আছিল—মূৰৰ ওপৰত এখন পকী চাল। নিজৰ বুলিবলৈ এখন পকী ঘৰত জীৱনৰ শেষকেইটা দিন কটাব বিচাৰিছিল আইতাই। সেই সপোন পূৰণৰ আশাত হাতযোৰ কৰি কেইবাবাৰো মুখ্যমন্ত্ৰীক কাতৰ আহ্বান জনাইছিল আইতাই। আইতাই বাস কৰিছিল ভেৰগাঁৱৰ ৰজাগড়ত৷


আইতাৰ সেই আকুল আহ্বান আৰু কৰুণ জীৱনগাঁথাই সকলোৰে হৃদয় স্পৰ্শ কৰিছিল। বিষয়টো Prag News-এ সম্প্ৰচাৰ কৰাৰ পিছতে তৎপৰ হৈ পৰে প্ৰশাসন। ওদালগুৰি জিলা আয়ুক্ত আৰু স্থানীয় জনপ্ৰতিনিধি পল ট'প্পো আইতাৰ কাষত উপস্থিত হৈ এটা পকী ঘৰ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।


প্ৰতিশ্ৰুতি অনুসৰি পল ট'প্পোৰ নেতৃত্বত আইতাৰ বাবে আৰম্ভ হয় পকী ঘৰ নিৰ্মাণৰ কাম। হয়তো আইতাৰ মনতো নতুন আশাৰ সঞ্চাৰ হৈছিল। ইমান বছৰৰ অপেক্ষাৰ অন্তত অৱশেষত নিজৰ এখন পকী ঘৰত আশ্ৰয় ল'ব পাৰিব, জীৱনৰ শেষ সময়কেইটা অলপ শান্তিৰে পাৰ কৰিব পাৰিব। কিন্তু নিয়তিৰ যে অন্য এক পৰিকল্পনা আছিল!


ঘৰটো নিৰ্মাণ সম্পূৰ্ণ হ'বলৈ নৌপাওঁতেই আজি বিয়লি চিৰদিনৰ বাবে চকু মুদিলে ১২০ বছৰীয়া নৰ্মদা দেৱী আইতাই। যিখন ঘৰৰ বাবে জীৱনৰ শেষ সময়লৈকে হাতযোৰ কৰি অনুৰোধ জনাইছিল, সেইখন ঘৰ সম্পূৰ্ণ হোৱা দেখাৰো সৌভাগ্য নহ'ল আইতাৰ। নিজৰ সপোনৰ পকী ঘৰখনত এৰাতিও কটাবলৈ নাপালে তেওঁ।


এতিয়া ঘৰখন থাকিব, কিন্তু নাথাকিব সেই ঘৰখনৰ বাবে হেঁপাহেৰে বাট চাই থকা মানুহজনী। থাকি যাব মাথোঁ আধৰুৱা সপোনৰ স্মৃতি আৰু বুকু গধুৰ কৰা এক কৰুণ কাহিনী।


সঁচাকৈয়ে, জীৱনৰ কিছুমান দুখৰ কোনো ভাষা নাথাকে। নৰ্মদা দেৱী আইতাৰ জীৱনগাথাই পুনৰ এবাৰ সোঁৱৰাই দিলে—কাৰোবাৰ বাবে এখন পকী ঘৰ হয়তো সাধাৰণ কথা, কিন্তু আন কাৰোবাৰ বাবে সেয়াই হ'ব পাৰে জীৱনৰ আটাইতকৈ ডাঙৰ সপোন।


আইতাৰ আত্মাই চিৰশান্তি লাভ কৰক, সেয়াই অঞ্চলবাসীৰ প্ৰাৰ্থনা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজৰ পকী ঘৰত এৰাতিও কটাবলৈ নাপালে ১২০ বছৰীয়া নৰ্মদা দেৱী আইতাই; ঘৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই চিৰদিনলৈ মুদিলে চকু
২৩ নৱেম্বৰত পুনৰ এহেজাৰ কোটি টকাৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
'টাইম' আলোচনীত লাভলীনা
২০৩৫ চনৰ ভিতৰত বিশ্বত ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা হ’ব সৰ্বাধিক
‘‘অসমত ভগৱানতকৈও অধিক জুবিনৰ ফটো দেখা পাইছোঁ’’! অসমবাসীৰ আৱেগত আপ্লুত ভাৰত ভ্ৰমণকাৰী যুৱক তাজ আলম
শোকস্তব্ধ খেৰী গাঁও; গেছ চিলিণ্ডাৰ বিস্ফোৰণত মাতৃসহ দুই কন্যাৰ কৰুণ মৃত্যু
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী