--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • বোকাকঘাটৰ দেৰগাঁৱত দীৰ্ঘদিন ধৰি ভুৱা পৰিচয় লৈ বাস কৰা এজন সন্দেহযুক্ত বাংলাদেশ নাগৰিকক আৰক্ষীয়ে আটক কৰে।

ঊৰ্ধ্ব অসমত ভুৱা পৰিচয় লৈ দীৰ্ঘদিন ধৰি বসবাস কৰি অহা এজন সন্দেহযুক্ত বাংলাদেশ নাগৰিকৰ ঘটনা পোহৰলৈ আহিছে। বুধবাৰে নিশা দেৰগাঁও আৰক্ষীয়ে চলোৱা এক অভিযানত আটক হয় এই ব্যক্তিজন। ১৯৯০ চনত বাংলাদেশত সংঘটিত এক অপৰাধমূলক ঘটনামূলক গোচৰৰ সৈতে তেওঁৰ জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে।

উপলব্ধ তথ্য অনুসৰি, মচুক মিয়া নামৰ লোকজন দেৰগাঁও থানাস্থিত নাৰাণীৰ ওচৰৰ মাজগাঁৱত বাস কৰিছিল আৰু কাঠৰ ব্যৱসায়ৰ সৈতে জড়িত আছিল। কিছুমান সজাগ নাগৰিকে প্ৰদান কৰা তথ্যৰ ভিত্তিত দেৰগাঁও থানাৰ ভাৰতপ্ৰাপ্ত বিষয়া বসন্ত শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে সন্দেহযুক্ত ব্যক্তিসকলক আটক কৰি থানালৈ লৈ আহে আৰু জেৰা অব্যাহত ৰাখে।

গোলঘাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সদৰী কৰা মতে, মচুক মিয়া ওৰফে মচুক আহমেদ নামৰ অভিযুক্তজনে নাম সলনি কৰি ফাৰুক আহমেদ নামৰ ভুৱা পৰিচয়েৰে অঞ্চলটোত আশ্ৰয় লৈছিল। অসমত বসবাস কৰাৰ সময়ত ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ নথিপত্ৰত ভুৱা তথ্য ব্যৱহাৰ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
বাটতে ৰৈ আছিল যমদূত; ভয়ংকৰ পথ দুৰ্ঘটনাত পতি-পত্নী আৰু কণমানি দুই সন্তানৰ মৃত্যু
নাটকীয়ভাৱে দৃশ্যপট সলনি হৈছে বিহাৰৰ ৰাজনীতিত! ফাঁট মেলিছে শাসক মিত্রজোঁট NDAত
IPLৰ দল বৃদ্ধি নহয়; স্পষ্ট কৰিলে BCCIৰ সচিব দেৱজিৎ শইকীয়াই
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী