--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পিউৰ এই সমীক্ষা বা পূর্বাভাসৰ মতে, 'প্রধান ধৰ্মবোৰৰ নতুন সদস্যৰ বৃহত্তম উৎস ধৰ্মান্তৰ হোৱা প্ৰাপ্তবয়স্ক নহয়, সেয়া হৈছে কেঁচুৱাৰ জন্ম।

ডিজিটেল ডেস্ক: ২০৩৫ চনৰ ভিতৰত খ্ৰীষ্টান ধৰ্মাৱলম্বীক পিছ পেলাই বিশ্বত ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা সৰ্বাধিক হ'ব। বুধবাৰে প্ৰকাশ পোৱা পিউ ৰিছাৰ্চ চেণ্টাৰৰ এটা নতুন সমীক্ষাত এই কথা উল্লেখ কৰা হৈছে। পিউ-এ প্রকাশ কৰা মতে, যদি বৰ্তমানৰ প্ৰৱণতা অব্যাহত থাকে তেন্তে ২০৭০ চনৰ ভিতৰত বিশ্বজুৰি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংখ্যা ৩০০ কোটিৰো কম হোৱাৰ বিপৰীতে ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা ৩৬০ কোটিতকৈ অধিক হ'ব। ২০৭০ চনৰ ভিতৰত ভাৰত আৰু বিশ্বজুৰি হিন্দু ধৰ্মাৱলম্বী লোকৰ সংখ্যা ২০২০ চনৰ ১২০ কোটিৰ পৰা ১৪০ কোটিলৈ বৃদ্ধি পাব। কিন্তু বিশ্বত অহিন্দুৰ সংখ্যা দ্রুতহাৰত বৃদ্ধি পাব। 


ইয়াৰ ফলত বিশ্বৰ জনসংখ্যাৰ অংশত হিন্দুৰ জনসংখ্যাৰ হাৰ ২০২০ চনৰ ১৫ শতাংশৰ পৰা ২০৭০ চনত ১৪ শতাংশলৈ হ্রাস পাব। পিউৰ সমীক্ষা মতে, ২০২০ চনৰ পৰা ২০৭০ চনৰ ভিতৰত বিশ্বৰ জনসংখ্যা ২৯ শতাংশ বৃদ্ধি পাব। এই সময়ছোৱাত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংখ্যা ৩০ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা ৮০ শতাংশ বৃদ্ধি পাব। 


পিউৰ এই সমীক্ষা বা পূর্বাভাসৰ মতে, 'প্রধান ধৰ্মবোৰৰ নতুন সদস্যৰ বৃহত্তম উৎস ধৰ্মান্তৰ হোৱা প্ৰাপ্তবয়স্ক নহয়, সেয়া হৈছে কেঁচুৱাৰ জন্ম।' ২০২০-২০২৫ চনত মুছলমানৰ প্ৰজনন হাৰ বা জন্মদানৰ হাৰ (ফার্টিলিটি ৰে'ট) মহিলা পতি ৩.১, আনহাতে খ্ৰীষ্টানৰ জন্মদানৰ হাৰ মহিলা পতি ২.৫। আন সকলো মহিলাৰ জন্মদানৰ হাৰ ১.৬। যদি বৰ্তমানৰ জনসাংখ্যিক প্ৰৱণতা অব্যাহত থাকে তেন্তে ২০২০ চনৰ পৰা ২০৭০ চনৰ ভিতৰত হিন্দুৰ জনসংখ্যা ১৭.৬ কোটি বৃদ্ধি পাব। ভাৰতত শেহতীয়া দশকবোৰত জন্মদানৰ হাৰ দ্রুতভাৱে হ্রাস পোৱাৰ বিপৰীতে মহিলাই পতি হিন্দুতকৈ মুছলমানৰ শিশুৰ সংখ্যা বেছি। পিউৰ সমীক্ষাত এই কথা কোৱা হৈছে। পিউৰ অনুমান মতে, ২০২০ চনত ভাৰতত হিন্দুৰ সংখ্যা আছিল মুঠ জনসংখ্যাৰ ৭৯.৪ শতাংশ। - ২০৭০ চনৰ ভিতৰত এই সংখ্যা ৭৫.৮ শতাংশলৈ হ্রাস পাব। ২০২০ চনত ভাৰতত মুছলমানৰ সংখ্যা আছিল মুঠ জনসংখ্যাৰ ১৫.২ শতাংশ।


২০৭০ চনৰ ভিতৰত এই হাৰ ১৯.৪ শতাংশলৈ বৃদ্ধি পাব। ভাৰতৰ বাহিৰত হিন্দুৰ সংখ্যা বৃদ্ধি হ'ব পাকিস্তানত (৫০ লাখতকৈ অধিক) আৰু আমেৰিকাত (৪০ লাখতকৈ অধিক)। পিউৰ পূৰ্বাভাস মতে আমেৰিকাত হিন্দুৰ জনসংখ্যা হ'ব বিশ্বৰ ভিতৰত পঞ্চম সর্বাধিক। কেৱল নেপাল আৰু ভাৰত হিন্দু সংখ্যাগৰিষ্ঠ দেশ হৈ থাকিব। ইফালে বৌদ্ধধর্মীসকল সংখ্যা আৰু বিশ্বৰ জনসংখ্যাৰ অংশতো হ্রাস পাব। ইয়াৰ আংশিক কাৰণ হৈছে চীন, দক্ষিণ কোৰিয়া আৰু জাপানত সৰ্বমুঠ জনসংখ্যা হ্রাস পোৱা।

উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
২০৩৫ চনৰ ভিতৰত বিশ্বত ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা হ’ব সৰ্বাধিক
‘‘অসমত ভগৱানতকৈও অধিক জুবিনৰ ফটো দেখা পাইছোঁ’’! অসমবাসীৰ আৱেগত আপ্লুত ভাৰত ভ্ৰমণকাৰী যুৱক তাজ আলম
শোকস্তব্ধ খেৰী গাঁও; গেছ চিলিণ্ডাৰ বিস্ফোৰণত মাতৃসহ দুই কন্যাৰ কৰুণ মৃত্যু
মাজুলীৰ পৰ্যটন ক্ষেত্ৰখনক নতুন মাত্ৰা প্ৰদানৰ লক্ষ্য; আহি আছে দুমহলীয়া পর্যটক বাছ ‘পুষ্পক’
মধ্যপ্ৰদেশত চাঞ্চল্য! হোটেলত থকা প্ৰাপ্তবয়স্ক যুৱক-যুৱতীক ভুৱা গাঞ্জাৰ গোচৰত ফচোৱাৰ ভাবুকি; ৬ আৰক্ষী বিষয়া নিলম্বিত
দেশজুৰি খলকনি! Shazam India-ৰ শীৰ্ষস্থানত ৰিতো ৰিবাৰ ‘দিলৰুবা দিলনশী’
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী