--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভেন্দি(Lady finger)এবিধ জনপ্ৰিয় পাচলি। ভেন্দি বহু লোকেই খাই ভালপায় আৰু কিছুমানে বেয়া পায় ইয়াৰ বিজলুৱা গুণটোৰ বাবে। ভেন্দি ভাজি বা দাইলত দিও খাব পাৰি। ভেন্দিৰ বহুতো উপকাৰিতা আছে। ভেন্দি তিয়াই ৰখা পানী খালে মানুহৰ শৰীৰ যথেষ্ট স্বাস্থ্যৱান হৈ উঠে। 

ভেন্দি খালে কলেষ্টেৰল আৰু ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায়ক হয়, আনহাতে যেতিয়া আপুনি ইয়াৰ পানী সেৱন কৰিব তেতিয়া আপুনি আচৰিত ধৰণৰ উপকাৰ পাব। ইয়াৰ বাবে প্ৰথমে আপুনি দুটা ভেন্দি ডোখৰ ডোখৰকৈ কাটি এটা আইনাৰ গিলাচৰ পানীত ৰাতিটো ডুবাই ৰাখক। গিলাচটো ঢাকি থব৷ পুৱা চেকি লোৱা পানীখিনি খালি পেটত খাব৷ এনে কৰিলে আপুনি বহুতো সুফল লাভ কৰিব।গতিকে জানো আহক ভেন্দি পানীৰ কি কি উপকাৰিতা আছে।


১)ৰক্তহীনতা দূৰ হ’বঃ যদি আপুনি ভেন্দি পানী সেৱন কৰে তেন্তে শৰীৰত তেজৰ অভাৱ দূৰ হ’ব। আচলতে ভেন্দিত প্ৰচুৰ পৰিমাণে আইৰণ থাকে, যাৰ বাবে হিম’গ্লবিন বৃদ্ধি পায়। হিম’গ্লবিন বৃদ্ধি হ’লে এনিমিয়াৰ অভাৱ দূৰ হয়।

২)ওজন নিয়ন্ত্ৰণত সহায় কৰেঃ যিয়ে ওজন কমাবলৈ চেষ্টা কৰি আছে, তেওঁলোকেও ভেন্দি পানী ব্যৱহাৰ কৰিব পাৰে। ভেন্দিত যথেষ্ট পৰিমাণে আঁহ থাকে। ইয়াৰ পানী খোৱাৰ লগে লগে বিপাকীয় ক্ৰিয়া ঠিকেই থাকিব যাৰ ফলত ওজন নিয়ন্ত্ৰণ হ’ব।


৩)পেটৰ বাবেও উপকাৰীঃ কোষ্ঠকাঠিন্যৰ সমস্যা বা শৌচ কৰোতে কষ্ট পোৱা মানুহৰ বাবে ভেন্দি পানী অতি সহায়ক। অৰ্থাৎ যি লোকৰ পেটৰ অৱস্থা ভাল নহয় তেওঁলোকে নিশ্চিতভাৱে ভেন্দি পানী সেৱন কৰা উচিত। ই আপোনাক নিশ্চয়কৈ সহায় কৰিব। ইয়াত থকা আঁহে পেট পৰিষ্কাৰ কৰাত সহায় কৰে।

৪)চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰেঃ চকুৰ দৃষ্টিশক্তি বৃদ্ধিৰ ক্ষেত্ৰতো ভেন্দি অতি উপকাৰী। ভেন্দিত ভিটামিন এ আৰু বিটা কেৰটিন প্ৰচুৰ পৰিমাণে থাকে, যিয়ে চকুৰ দৃষ্টিশক্তি বৃদ্ধিৰ কাম কৰে। চকুৰ সমস্যা থকা লোকসকলে ভেন্দি পানী খালে সুফল লাভ কৰিব।

৫)হৃদযন্ত্ৰ সুৰক্ষিত কৰেঃ ভেন্দি পানীয়ে হৃদযন্ত্ৰ সুৰক্ষিত কৰে। ইয়াত থকা এন্টিঅক্সিডেন্টসমূহে হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে৷ ভেন্দিয়ে অপকাৰী ক'লেষ্টৰল কমাই শৰীৰক ষ্ট্ৰ'কৰ পৰা সুৰক্ষা দিয়ে৷ 

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ