--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমবাসীৰ বাবে গৌৰৱৰ বতৰা। শ্রীলংকাৰ কলম্বোত গুৰু দুজনাৰ অনুপম সৃষ্টি বৰগীতৰ সিংহলী অনুবাদ প্রত্যক্ষ কৰি আপ্লুত হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আনকি এই অভিজ্ঞতাৰ লগতে গুৰু দুজনাৰ নাম শ্ৰদ্ধাৰে উল্লেখ কৰি তেওঁ ছ'চিয়েল মিডিয়াতো ফটোসহ এটা প'ষ্ট দিয়ে। প্রধানমন্ত্রীগৰাকীয়ে এনে সাংস্কৃতিক বান্ধোনবোৰ সদায়ে বর্তি থকাৰো আহবান জনায়। ইফালে, প্ৰধানমন্ত্ৰীগৰাকীৰ উক্ত প'ষ্ট নিজৰ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়, 'এয়া অসম কিম্বা ভাৰতৰ নহয়, শ্রীলংকাৰ কলম্বোৰ দৃশ্য। 

কলম্বোবাসীয়ে প্রধানমন্ত্রী মোদীক আদৰণি জনোৱাৰ সময়ত আমাৰ চিৰনমস্য মহাপুৰুষ গুৰু দুজনাৰ অনুপম সৃষ্টি বৰগীতৰ সিংহলী অনুবাদ পুথিখনি প্ৰদৰ্শন কৰিছিল। মোদীয়ে এই অভিজ্ঞতাৰ কথা পৰম গুৰু দুজনাৰ নাম শ্ৰদ্ধাৰে উল্লেখ কৰি নিজৰ সামাজিক মাধ্যমযোগে বিশ্ববাসীকো জনোৱাৰ ক্ষণটি আছিল প্ৰতিগৰাকী অসমবাসীৰ বাবে গৌৰৱৰ ক্ষণ। প্রধানমন্ত্রীৰ অসমৰ প্রতি থকা সদিচ্ছা আৰু আদৰেই তেখেতৰ প্ৰতি থকা শ্রদ্ধা শতগুণে বৃদ্ধি কৰে। 

উল্লেখযোগ্য যে যোৱা বছৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ এটি বৰগীত আন্তঃৰাষ্ট্ৰীয় ভাষাত অনুবাদ কৰাৰ লগতে তাক পৰিৱেশনৰ ব্যৱস্থা কৰিছিল কলোম্বস্থিত ভাৰতীয় উচ্চ আয়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক অংকুৰণ দত্তই। সম্পূৰ্ণ নিজাববীয়া প্রচেষ্টাত শংকৰদেৱৰ 'নাৰায়ণ কাহে ভকতি কৰো তেৰা' বৰগীতটি সিংহলী ভাষালৈ অনুবাদ কৰি তাক পৰিৱেশন কৰিছিল। আনকি তেওঁৰ প্ৰচেষ্টাত বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ তৰফৰ পৰা পোনপ্ৰথমবাৰৰ বাবে শ্রীলংকাত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱো অনুষ্ঠিত কৰিছিল।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ