--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমবাসীৰ বাবে গৌৰৱৰ বতৰা। শ্রীলংকাৰ কলম্বোত গুৰু দুজনাৰ অনুপম সৃষ্টি বৰগীতৰ সিংহলী অনুবাদ প্রত্যক্ষ কৰি আপ্লুত হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আনকি এই অভিজ্ঞতাৰ লগতে গুৰু দুজনাৰ নাম শ্ৰদ্ধাৰে উল্লেখ কৰি তেওঁ ছ'চিয়েল মিডিয়াতো ফটোসহ এটা প'ষ্ট দিয়ে। প্রধানমন্ত্রীগৰাকীয়ে এনে সাংস্কৃতিক বান্ধোনবোৰ সদায়ে বর্তি থকাৰো আহবান জনায়। ইফালে, প্ৰধানমন্ত্ৰীগৰাকীৰ উক্ত প'ষ্ট নিজৰ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়, 'এয়া অসম কিম্বা ভাৰতৰ নহয়, শ্রীলংকাৰ কলম্বোৰ দৃশ্য। 

কলম্বোবাসীয়ে প্রধানমন্ত্রী মোদীক আদৰণি জনোৱাৰ সময়ত আমাৰ চিৰনমস্য মহাপুৰুষ গুৰু দুজনাৰ অনুপম সৃষ্টি বৰগীতৰ সিংহলী অনুবাদ পুথিখনি প্ৰদৰ্শন কৰিছিল। মোদীয়ে এই অভিজ্ঞতাৰ কথা পৰম গুৰু দুজনাৰ নাম শ্ৰদ্ধাৰে উল্লেখ কৰি নিজৰ সামাজিক মাধ্যমযোগে বিশ্ববাসীকো জনোৱাৰ ক্ষণটি আছিল প্ৰতিগৰাকী অসমবাসীৰ বাবে গৌৰৱৰ ক্ষণ। প্রধানমন্ত্রীৰ অসমৰ প্রতি থকা সদিচ্ছা আৰু আদৰেই তেখেতৰ প্ৰতি থকা শ্রদ্ধা শতগুণে বৃদ্ধি কৰে। 

উল্লেখযোগ্য যে যোৱা বছৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ এটি বৰগীত আন্তঃৰাষ্ট্ৰীয় ভাষাত অনুবাদ কৰাৰ লগতে তাক পৰিৱেশনৰ ব্যৱস্থা কৰিছিল কলোম্বস্থিত ভাৰতীয় উচ্চ আয়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক অংকুৰণ দত্তই। সম্পূৰ্ণ নিজাববীয়া প্রচেষ্টাত শংকৰদেৱৰ 'নাৰায়ণ কাহে ভকতি কৰো তেৰা' বৰগীতটি সিংহলী ভাষালৈ অনুবাদ কৰি তাক পৰিৱেশন কৰিছিল। আনকি তেওঁৰ প্ৰচেষ্টাত বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ তৰফৰ পৰা পোনপ্ৰথমবাৰৰ বাবে শ্রীলংকাত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱো অনুষ্ঠিত কৰিছিল।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ