--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাজ্যত পুনৰ বিজেপি দলেই গঠন কৰিব চৰকাৰ। ৰাজ শাসনৰ সৰ্বোচ্চ পদত আকৌ মুখ্যমন্ত্রী হিচাপে অধিষ্ঠিত হ'ব ড° হিমন্ত বিশ্ব শর্মা। এই ভৱিষ্যদ্বাণী প্রকাশ পাইছে বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত। 

বর্ষফল গণনাত কোৱা হৈছে, ২০২৬ চনৰ ৭ নৱেম্বৰলৈ শুক্ৰৰ দশা চলি থকা আৰু ভাগ্যস্থানত ৰবি লগ্ন তুংগী হৈ থকাৰ বাবে যিমান শত্রু বৃদ্ধি হ'লেও মুখ্যমন্ত্ৰীৰ কোনো ক্ষতি কৰিব নোৱাৰে। মুখ্যমন্ত্ৰীগৰাকীৰ এনে উত্তম দশাৰ বাবে ৰাজ্যখনৰ ধনসম্পদ লাভ, কৰ্মৰ উন্নতি, সন্মান আৰু প্ৰীতি লাভ হ'ব। 

বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি, পহিলা বহাগৰ দিনা দৈৱজ্ঞ, জ্যোতিষাৰ্ণব ৰত্ন, বিদ্যাভূষণ ত্রিদিপ শৰ্মা দলৈয়ে পুৱা সত্ৰৰ নিত্য-নৈমিত্তিক প্ৰসংগৰ পাছত প্রথমে কীর্তন ঘৰৰ গুৰু আসনৰ সন্মুখত গণনা পাঠ কৰি পাছত মঠৰ চোতালত আৰু শেষত আইসকলৰ কাঁথিত (বাৰান্দাত) বৰ্ষফল গণনা পাঠ কৰে। বৰ্ষফল গণনাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কথা উল্লেখ কৰি কোৱা হৈছে যে, অৱশ্যে শপত গ্ৰহণৰ সময়ত সিংহ লগ্ন হোৱাৰ বাবে ১৪ আহাৰৰ পৰা ৰাজনৈতিক ক্ষেত্ৰত সাৱধানে থকাটো মংগলজনক। 

১৪ আহাৰৰ পৰা ৰাহু আৰু কেতু সঞ্চাৰ হোৱাৰ ফলত মুখ্যমন্ত্ৰীগৰাকীৰ মূলতঃ কাৰ্য নষ্ট হ'ব পাৰে আৰু ৰাজনৈতিক ক্ষেত্ৰত বেমেজালিৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত ৰাজ্যখনত অশান্তিৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ বাবে তেওঁ এবছৰ ছমাহ সাৱধানে থকা উচিত বুলিও বর্ষফল গণনাত উল্লেখ কৰে। বৰ্ষফল গণনাত কোৱা হৈছে যে, ৫ বহাগৰ পৰা ৰাহু আৰু শনি সংযুক্ত হোৱাৰ ফলত মুখ্যমন্ত্ৰীগৰাকীৰ শত্রু বৃদ্ধি হ'ব পাৰে আৰু মানসিক কষ্ট পাব পাৰে। 

সপ্তম স্থানত ৰাহু থকাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে শাৰীৰিক অৱস্থাৰ প্ৰতি নজৰ দিয়াটো ভাল বুলিও উল্লেখ কৰিছে। গণনাত দানত শ্রেষ্ঠ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ শুভকাৰক হ'ব বুলি উল্লেখ কৰিছে। দানশ্রেষ্ঠ আৰু ধৰ্মশ্রেষ্ঠৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ পাপযুক্ত গ্রহবোৰ খণ্ডন হ'ব বুলিও বর্ষফল গণনাত কোৱা হৈছে। 

আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক ক্ষেত্ৰত বৰ্তমান শুভকাৰক নহয় বুলি উল্লেখ কৰিছে বৰ্ষফল গণনাত। মঙল আৰু কেতুৰ দশা চলি থকাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীৰ চলিত বৰ্ষৰ ২৭ মে'লৈ তেওঁৰ শুভকাৰক নহয়। ২৮ মে'ৰ পৰা ২০২৬ চনৰ ২৭ জুলাইলৈ মঙল আৰু শুক্ৰৰ দশা আৰম্ভ হোৱাৰ ফলত প্ৰধানমন্ত্ৰীগৰাকীয়ে শাৰীৰিক আৰু মানসিক কষ্ট ভোগ কৰিব লাগিব। ৰজাৰ যিহেতু মানসিক বা শাৰীৰিক কষ্ট হ'ব, সেইক্ষেত্ৰত দেশৰ কাৰণে শুভকাৰক নহয় বুলিও উল্লেখ কৰে। পঞ্চম স্থানত ৰাহু¸ দশম স্থানত শুক্ৰ আৰু কেতু বহি থকাৰ বাবে প্রধানমন্ত্ৰীগৰাকীৰ গুপ্তশত্রু বৃদ্ধি হ'ব আৰু তেওঁলোকৰ মাজতে কন্দলৰ সৃষ্টি হ'ব বুলি বৰ্ষফল গণনাত উল্লেখ কৰিছে। 

সদৌ অসম ছাত্ৰ সন্থাৰ বাবেও শুভকাৰক নহয় এই বছৰটো। বুধ পাপযুক্ত হৈ থকা আৰু বুধ ৰাহুৰ লগত সংযুক্ত হৈ থকাৰ বাবে অকল আছুৱে নহয় অন্য সংগঠনসমূহৰ ক্ষেত্ৰতো শুভকাৰক নহয়। সেইবাবে সংগঠনসমূহে ভাবি-চিন্তিহে কাম কৰাটো উচিত বুলিও উল্লেখ কৰিছে গণনাত। বর্ষফল গণনাত কংগ্ৰেছ দলৰ শনিৰ দশা চলি থকাৰ বাবে বৰ্তমানো শুভকাৰক হোৱা নাই। শনিৰ দোষ খণ্ডন হ’বলৈ বহু বছৰ সময় লাগিব বুলিও উল্লেখ কৰে দৈৱজ্ঞ ত্রিদিপ শৰ্মা দলৈয়ে। দৈৱজ্ঞ শর্মাদলৈয়ে বর্ষফল গণনাত সদৰী কৰা মতে, ভাগ্যচক্ৰৰ বৰ্ষাৰম্ভ চক্রমতে, লগ্ন মেষত। জন্মলগ্নত ৰবি, দ্বিতীয় স্থানত বৃহস্পতি, বন্ধুস্থানত মঙল, শত্রুস্থানত কেতু, সপ্তস্থানত চন্দ্র, আয়স্থানত শনি, শুক্র, ব্যয়স্থানত ৰাহু, বুধ অৱস্থান কৰিছে। 

এইবাৰ বৃহস্পতি ৰজা হোৱাত দেশত জাতীয় আয় বৃদ্ধি, সম্পদ লাভ, বেংক ব্যৱসায়ী আমদানি-ৰপ্তানিত লাভৱান, সুৰক্ষাবল, শত্ৰু পৰাজয়ৰ যোগৰ লগতে জনগণৰ মাজত আনন্দৰ পৰিৱেশ বিৰাজ কৰিব। চতুর্থ স্থানত মঙল, দ্বাদশ স্থানত শনি, ৰাহুৰ লগতে বুধ পাপযুক্ত হোৱাত ৰাজ্যত ৰক্তপাত, অগ্নিদাহ, হত্যা, লুণ্ঠন, অপহৰণ, দুর্ঘটনা, হিংসাত্মক কাৰ্য সংঘটিত হ'ব। এই বছৰটোত সাংঘাতিক প্রাকৃতিক দুর্যোগ ভুগিব লাগিব ৰাজ্যবাসীয়ে। খৰাং বতৰ আৰু বানপানীৰ প্ৰভাৱত ৰাজ্যখনত শস্যৰ ক্ষতি হ'ব। বছৰটোত শিলাবৃষ্টি, বজ্রপাত, ভূমিকম্প, ঘূর্ণিবতাহৰ মাত্রা বৃদ্ধি পাব বুলিও বর্ষফল গণনাত উল্লেখ কৰিছে। 

ইপিনে, ভাৰতৰ ৰাশি হ'ল মকৰ। ৰাশিফল মতে, পঞ্চম স্থানত গুৰু, দ্বিতীয়ত শনি, তৃতীয়ত ৰাহু, সপ্তম স্থানত মঙল আৰু ভাগ্যস্থানত কেতু অৱস্থান কৰাত মৌলবাদী শক্তি, জেহাদী শক্তি বৃদ্ধি পাব যদিও সন্ত্রাসবাদীৰ পৰাজয় হ'ব। মঙলৰ প্ৰভাৱত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধংদেহী পৰিস্থিতিৰ সৃষ্টি হ'ব বুলিও শর্মাদলৈয়ে কয়। আনহাতে বিহু এইবাৰ হিমালয় পৰ্বতৰ পৰা ম'হৰ পিঠিত বাঘৰ ছাল পৰিধান কৰি হাতত ত্রিশূল লৈ নিশা অনাহাৰে ধৰাৰ বুকুলৈ আগমন ঘটিছে। ইয়াৰ ফলত দেশৰ, ৰাজ্যৰ ক্ষতি হ'ব বুলিও বর্ষফল গণনাত উল্লেখ কৰিছে। প্রণিধানযোগ্য যে পহিলা বহাগত বৰপেটা সত্ৰত অনুষ্ঠিত হোৱা এই বর্ষফল গণনাই ৰাজ্যৰ ৰাজনীতিতো এই বিশেষ প্ৰভাৱ পেলাই আহিছে। বৰপেটা সত্ৰৰ এই বৰ্ষফল গণনা শুনিবলৈ কালি পুৱাৰ পৰাই ভকত-আই মাতৃসকলৰ উপৰি অসংখ্য লোকৰ সমাগম ঘটে।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
গুৱাহাটীত লিভ-ইন ৰিলেশ্বনশ্বিপৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকাক কোঠাত বন্ধ কৰি প্ৰেমিকে ল'লে চৰম সিদ্ধান্ত
বিদায় বৎসলা! এছিয়াৰ আটাইতকৈ বয়সীয়াল হাতী বৎসলা আৰু নাই
ৰাজনীতিত ভৰি দি বৃহৎ লোকচানৰ সন্মুখীন ইলন মাস্ক
সন্ত্ৰাসবাদীক লৈ পাকিস্তানৰ মুখা খুলিলে মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰানাই
দালাই লামাক ভাৰত ৰত্ন প্ৰদানৰ দাবী ৮০ সাংসদৰ
বহুদিন ধৰি কঁপি আছিল!  গুজৰাটৰ শোকাৱহ দলং দুৰ্ঘটনা অৱহেলাৰে ফল নেকি?
ৰাজা ৰঘুবংশীৰ ভগ্নীৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীৰ গোচৰ ৰুজু
আমৃখোৱাত বিহ দি কপৌ নিধন কৰা কৃষকক জে'ললৈ
সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ উদ্যোগত ৰাজ্যজুৰি বহু ঔষধি গুণৰ নাগচম্পাৰ পুলি ৰোপণৰ অভিযান
অস্তিত্বৰ গৰাহত জোনাইৰ কবু চাপৰি বন ঘৰচীয়া ঘোঁৰা
জুন মাহত জিলাভেদে ৭৭% পৰ্যন্ত কম বৰষুণ, খৰাঙৰ আশংকা
হাত নথকাকৈ জন্ম হ’ল শিশু কন্যা, শিশুটিক চাবলৈ হাস্পতালত মানুহৰ ভিৰ
বার্মিংহামত লং জাম্পত সোণ জয় ৰিম্পী বুঢ়াগোহাঁইৰ
মাইক্ৰ'ছফ্টত হাহাকাৰ !  ৯০০০ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত