--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্ৰদূষণ নিয়ন্ত্ৰণক লৈ মুখ্য ন্যায়াধীশ গৱই আৰু ন্যায়াধীশ বিনোদ চন্দ্ৰনৰ পীঠে শুনানি গ্রহণ কৰি কয় যে যদি আতচবাজীত নিষেধাজ্ঞা জাৰি কৰিব লাগে, তেন্তে সমগ্র দেশতেই নিষিদ্ধ কৰা উচিত।

ডিজিটেল ডেস্কঃ 'যদি দিল্লী আৰু নেশ্যনেল কেপিটেল ৰিজিয়নৰ (এন চি আৰ) মহানগৰবোৰৰ পৰিষ্কাৰ বায়ুৰ অধিকাৰ আছে, তেন্তে দেশৰ আন আন মহানগৰবোৰৰ এই অধিকাৰ কিয় নাই?'

দিল্লীত আতচবাজী নিষিদ্ধ কৰাৰ আদেশক প্রত্যাহ্বান জনাই দাখিল কৰা এখন আৱেদনৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গৱয়ে এই প্রশ্ন কৰে।

প্ৰদূষণ নিয়ন্ত্ৰণক লৈ মুখ্য ন্যায়াধীশ গৱই আৰু ন্যায়াধীশ বিনোদ চন্দ্ৰনৰ পীঠে শুনানি গ্রহণ কৰি কয় যে যদি আতচবাজীত নিষেধাজ্ঞা জাৰি কৰিব লাগে, তেন্তে সমগ্র দেশতেই নিষিদ্ধ কৰা উচিত।

পৰিষ্কাৰ বায়ুৰ অধিকাৰ কেৱল দিল্লী-এন আৰ চিতে সীমিত হৈ থাকিব নোৱাৰে,

বৰঞ্চ সমগ্ৰ দেশৰ নাগৰিকে এই অধিকাৰ পোৱা উচিত। তেওঁ আৰু কয় যে পৰিৱেশ সম্পর্কীয় যি নীতি আছে, সেয়া সমগ্ৰ ভাৰতৰ বাবে হোৱা উচিত। দেশৰ অভিজাতসকল থাকে বুলি, এইক্ষেত্ৰত আমি কেৱল দিল্লীৰ বাবেই নীতি ৰচনা কৰিব নোৱাৰোঁ।

উল্লেখ্য যে এই সন্দৰ্ভত পীঠে অহা ২২ ছেপ্টেম্বৰত পৰৱৰ্তী শুনানি গ্রহণ কৰিব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ