--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্ৰদূষণ নিয়ন্ত্ৰণক লৈ মুখ্য ন্যায়াধীশ গৱই আৰু ন্যায়াধীশ বিনোদ চন্দ্ৰনৰ পীঠে শুনানি গ্রহণ কৰি কয় যে যদি আতচবাজীত নিষেধাজ্ঞা জাৰি কৰিব লাগে, তেন্তে সমগ্র দেশতেই নিষিদ্ধ কৰা উচিত।

ডিজিটেল ডেস্কঃ 'যদি দিল্লী আৰু নেশ্যনেল কেপিটেল ৰিজিয়নৰ (এন চি আৰ) মহানগৰবোৰৰ পৰিষ্কাৰ বায়ুৰ অধিকাৰ আছে, তেন্তে দেশৰ আন আন মহানগৰবোৰৰ এই অধিকাৰ কিয় নাই?'


দিল্লীত আতচবাজী নিষিদ্ধ কৰাৰ আদেশক প্রত্যাহ্বান জনাই দাখিল কৰা এখন আৱেদনৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গৱয়ে এই প্রশ্ন কৰে।


প্ৰদূষণ নিয়ন্ত্ৰণক লৈ মুখ্য ন্যায়াধীশ গৱই আৰু ন্যায়াধীশ বিনোদ চন্দ্ৰনৰ পীঠে শুনানি গ্রহণ কৰি কয় যে যদি আতচবাজীত নিষেধাজ্ঞা জাৰি কৰিব লাগে, তেন্তে সমগ্র দেশতেই নিষিদ্ধ কৰা উচিত।


পৰিষ্কাৰ বায়ুৰ অধিকাৰ কেৱল দিল্লী-এন আৰ চিতে সীমিত হৈ থাকিব নোৱাৰে,


বৰঞ্চ সমগ্ৰ দেশৰ নাগৰিকে এই অধিকাৰ পোৱা উচিত। তেওঁ আৰু কয় যে পৰিৱেশ সম্পর্কীয় যি নীতি আছে, সেয়া সমগ্ৰ ভাৰতৰ বাবে হোৱা উচিত। দেশৰ অভিজাতসকল থাকে বুলি, এইক্ষেত্ৰত আমি কেৱল দিল্লীৰ বাবেই নীতি ৰচনা কৰিব নোৱাৰোঁ।


উল্লেখ্য যে এই সন্দৰ্ভত পীঠে অহা ২২ ছেপ্টেম্বৰত পৰৱৰ্তী শুনানি গ্রহণ কৰিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ