--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • এজনী ১০ বছৰীয়া নাবালিকাক বলাৎকাৰ কৰাৰ অভিযোগত এটা পকছ' গোচৰত ২০ বছৰ কাৰাদণ্ড বিহা এজন অভিযুক্তক পাটনা উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰা আদেশক বাহাল ৰাখি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগাৰত্ন আৰু আৰ মহাদেৱনৰে গঠিত বিচাৰপীঠখনে এইদৰে মন্তব্য কৰে

ডিজিটেল ডেস্ক : কোনো এজন অভিযুক্তক আদালতে জামিন মঞ্জুৰ কৰাৰ ক্ষেত্রত উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। কোনো এটা গোচৰত অভিযুক্তজনৰ বাবে ন্যায়িক প্রক্রিয়াটো শাক্তিমূলক হৈ পৰিব নালাগে। কিন্তু আদালতখনে এইটোও বিবেচনা কৰিব লাগে যে যদিহে অভিযুক্তজন গোচৰটোত নির্দোষী হোৱাৰ সম্ভাৱনা থাকে, তেতিয়াহে তেওঁক জামিন মঞ্জুৰ কৰিব লাগে। 


এজনী ১০ বছৰীয়া নাবালিকাক বলাৎকাৰ কৰাৰ অভিযোগত এটা পকছ' গোচৰত ২০ বছৰ কাৰাদণ্ড বিহা এজন অভিযুক্তক পাটনা উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰা আদেশক বাহাল ৰাখি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগাৰত্ন আৰু আৰ মহাদেৱনৰে গঠিত বিচাৰপীঠখনে এইদৰে মন্তব্য কৰে। 


উল্লেখযোগ্য যে পাটনা উচ্চ ন্যায়ালয়ৰ আদেশক প্রত্যাহ্বান জনাই অধিবক্তা অক্ষয় অমৃতাংশুৱে উচ্চতম ন্যায়ালয়ত আবেদন জনাই কৈছিল যে অভিযুক্তজনৰ অপৰাধটো অতি ঘৃণনীয় আৰু তেওঁক জামিন প্রদান কৰি পাটনা উচ্চ ন্যায়ালয়ে ভুল আদেশ দিছে। 


বিচাৰপীঠখনে উল্লেখ কৰে যে উচ্চ ন্যায়ালয়খনৰ আদেশটোত এটা টোকা আছে যে ভুক্তভোগী নাবালিকাজনীৰ বয়সটো হৈছে বিবাদযুক্ত আৰু তেওঁৰ স্বাস্থ্য পৰীক্ষাত কোনো যৌন সম্বন্ধৰ প্ৰমাণ পোৱা নাই।


উচ্চ ন্যায়ালয়খনৰ আদেশটোত ইংগিত দিয়া হৈছিল যে অভিযুক্তজন এইক্ষেত্রত নির্দোষী, এনেধৰণৰ গোচৰত অভিযুক্তজনক জামিন মঞ্জুৰ কৰিব পাৰে। আনহাতে, গোচৰটোৰ বিচাৰ প্রক্রিয়া বহুদিন ধৰি চলি থাকিলেও অভিযুক্তজন নির্দোষী হোৱাৰ সম্ভাৱনা থাকিলে তেওঁক জামিন প্রদান কৰিব পাৰে। এনেধৰণৰ গোচৰত সিদ্ধান্ত লোৱাৰ বাবে আদালতৰ স্বাধীনতা আছে বুলি উচ্চতম ন্যায়ালৰ বিচাৰপীঠখনে মন্তব্য কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ