--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • এজনী ১০ বছৰীয়া নাবালিকাক বলাৎকাৰ কৰাৰ অভিযোগত এটা পকছ' গোচৰত ২০ বছৰ কাৰাদণ্ড বিহা এজন অভিযুক্তক পাটনা উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰা আদেশক বাহাল ৰাখি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগাৰত্ন আৰু আৰ মহাদেৱনৰে গঠিত বিচাৰপীঠখনে এইদৰে মন্তব্য কৰে

ডিজিটেল ডেস্ক : কোনো এজন অভিযুক্তক আদালতে জামিন মঞ্জুৰ কৰাৰ ক্ষেত্রত উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। কোনো এটা গোচৰত অভিযুক্তজনৰ বাবে ন্যায়িক প্রক্রিয়াটো শাক্তিমূলক হৈ পৰিব নালাগে। কিন্তু আদালতখনে এইটোও বিবেচনা কৰিব লাগে যে যদিহে অভিযুক্তজন গোচৰটোত নির্দোষী হোৱাৰ সম্ভাৱনা থাকে, তেতিয়াহে তেওঁক জামিন মঞ্জুৰ কৰিব লাগে। 

এজনী ১০ বছৰীয়া নাবালিকাক বলাৎকাৰ কৰাৰ অভিযোগত এটা পকছ' গোচৰত ২০ বছৰ কাৰাদণ্ড বিহা এজন অভিযুক্তক পাটনা উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰা আদেশক বাহাল ৰাখি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগাৰত্ন আৰু আৰ মহাদেৱনৰে গঠিত বিচাৰপীঠখনে এইদৰে মন্তব্য কৰে। 

উল্লেখযোগ্য যে পাটনা উচ্চ ন্যায়ালয়ৰ আদেশক প্রত্যাহ্বান জনাই অধিবক্তা অক্ষয় অমৃতাংশুৱে উচ্চতম ন্যায়ালয়ত আবেদন জনাই কৈছিল যে অভিযুক্তজনৰ অপৰাধটো অতি ঘৃণনীয় আৰু তেওঁক জামিন প্রদান কৰি পাটনা উচ্চ ন্যায়ালয়ে ভুল আদেশ দিছে। 

বিচাৰপীঠখনে উল্লেখ কৰে যে উচ্চ ন্যায়ালয়খনৰ আদেশটোত এটা টোকা আছে যে ভুক্তভোগী নাবালিকাজনীৰ বয়সটো হৈছে বিবাদযুক্ত আৰু তেওঁৰ স্বাস্থ্য পৰীক্ষাত কোনো যৌন সম্বন্ধৰ প্ৰমাণ পোৱা নাই।

উচ্চ ন্যায়ালয়খনৰ আদেশটোত ইংগিত দিয়া হৈছিল যে অভিযুক্তজন এইক্ষেত্রত নির্দোষী, এনেধৰণৰ গোচৰত অভিযুক্তজনক জামিন মঞ্জুৰ কৰিব পাৰে। আনহাতে, গোচৰটোৰ বিচাৰ প্রক্রিয়া বহুদিন ধৰি চলি থাকিলেও অভিযুক্তজন নির্দোষী হোৱাৰ সম্ভাৱনা থাকিলে তেওঁক জামিন প্রদান কৰিব পাৰে। এনেধৰণৰ গোচৰত সিদ্ধান্ত লোৱাৰ বাবে আদালতৰ স্বাধীনতা আছে বুলি উচ্চতম ন্যায়ালৰ বিচাৰপীঠখনে মন্তব্য কৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ