--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমি সকলোৱে জানো যে সূৰ্যৰ ৰশ্মিত ভিটামিন-‘ডি’ পোৱা যায়। এই পোহৰৰ সংস্পৰ্শলৈ আহিলে শৰীৰত ভিটামিন-‘ডি’ উৎপন্ন হয়। এই অত্যাৱশ্যকীয় ভিটামিনৰ পৰা শৰীৰে সঠিক পৰিমাণত কেলছিয়াম আৰু ফছফৰাছ শোষণ কৰাত সহায় কৰে। ইয়াৰ বাহিৰেও ভিটামিন-‘ডি’য়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, বিভিন্ন সংক্ৰমণ আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। ইয়াৰ উপৰি শৰীৰত কেলছিয়ামৰ বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণত ভিটামিন-‘ডি’য়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ফলত হাড়ৰ স্বাস্থ্যৰ বাবে ভিটামিন-‘ডি’ অতি গুৰুত্বপূৰ্ণ।

 ভিটামিন-‘ডি’ৰ অভাৱত শৰীৰত অষ্টিঅ’পৰ’ছিছৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। বিশেষজ্ঞসকলৰ মতে এজন প্ৰাপ্তবয়স্ক সুস্থ ব্যক্তিক দৈনিক ১০ৰ পৰা ২০ মাইক্ৰ’গ্ৰাম ভিটামিনৰ প্ৰয়োজন হয়। কিন্তু খাদ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে বহু লোকে চিকিৎসকৰ পৰামৰ্শ অবিহনে মুষ্টিমেয় ঔষধ খাবলৈ আৰম্ভ কৰে। পুষ্টিবিদসকলৰ মতে খাদ্যৰ যোগেদি যদি পৰ্যাপ্ত পৰিমাণৰ ভিটামিন-‘ডি’ লাভ কৰা নহয়, তেন্তে ঔষধৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।

 ১) মাশ্বৰুমঃ-এই খাদ্যত চৰ্বি অতি কম হোৱাৰ লগতে পুষ্টিকৰ উপাদানো অধিক থাকে। মাশ্বৰুমত যথেষ্ট পৰিমাণে ভিটামিন-‘ডি’ পোৱা যায়।

২) গাখীৰ, দৈ,মুৰ্গীঃ-দুগ্ধজাত খাদ্যত অধিক পৰিমাণে ভিটামিন-‘ডি’ থাকে। গতিকে হাড় মজবুত কৰি শৰীৰ সুস্থ ৰাখিবলৈ গাখীৰ, দৈ, চীজ, পনীৰ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক।

৩) সাগৰীয় মাছঃ-ছালমন আৰু টুনা মাছ ভিটামিন-‘ডি’ৰ ভাল উৎস। এই মাছ দৈনন্দিন খাদ্যত ৰাখিলে কেলছিয়াম আৰু ওমেগা-৩ ফেটি এচিডৰ অভাৱো দূৰ হয়। হাড়ৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ এই মাছবিধক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে।

৪) ওটছঃ-ওটছত পৰ্যাপ্ত পৰিমাণে ভিটামিন-‘ডি’ থাকে। গতিকে আপুনি দৈনন্দিন খাদ্য তালিকাত ওটছ অন্তৰ্ভুক্ত কৰিব পাৰে। ব্ৰেকফাষ্টত মিল্ক-ওটছ খাব পাৰে। বাদাম, খেজুৰ, আখৰোট মিহলাই খালেও ভাল ফল পোৱা যাব। ড্ৰাই ফ্ৰুটতো ভিটামিন-‘ডি’ পোৱা যায়। ইয়াৰ উপৰি অটমিলৰ দাইল, পুডিং আদিও খাব পাৰি।






FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু