--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমি সকলোৱে জানো যে সূৰ্যৰ ৰশ্মিত ভিটামিন-‘ডি’ পোৱা যায়। এই পোহৰৰ সংস্পৰ্শলৈ আহিলে শৰীৰত ভিটামিন-‘ডি’ উৎপন্ন হয়। এই অত্যাৱশ্যকীয় ভিটামিনৰ পৰা শৰীৰে সঠিক পৰিমাণত কেলছিয়াম আৰু ফছফৰাছ শোষণ কৰাত সহায় কৰে। ইয়াৰ বাহিৰেও ভিটামিন-‘ডি’য়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, বিভিন্ন সংক্ৰমণ আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। ইয়াৰ উপৰি শৰীৰত কেলছিয়ামৰ বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণত ভিটামিন-‘ডি’য়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ফলত হাড়ৰ স্বাস্থ্যৰ বাবে ভিটামিন-‘ডি’ অতি গুৰুত্বপূৰ্ণ।

 ভিটামিন-‘ডি’ৰ অভাৱত শৰীৰত অষ্টিঅ’পৰ’ছিছৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। বিশেষজ্ঞসকলৰ মতে এজন প্ৰাপ্তবয়স্ক সুস্থ ব্যক্তিক দৈনিক ১০ৰ পৰা ২০ মাইক্ৰ’গ্ৰাম ভিটামিনৰ প্ৰয়োজন হয়। কিন্তু খাদ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে বহু লোকে চিকিৎসকৰ পৰামৰ্শ অবিহনে মুষ্টিমেয় ঔষধ খাবলৈ আৰম্ভ কৰে। পুষ্টিবিদসকলৰ মতে খাদ্যৰ যোগেদি যদি পৰ্যাপ্ত পৰিমাণৰ ভিটামিন-‘ডি’ লাভ কৰা নহয়, তেন্তে ঔষধৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।

 ১) মাশ্বৰুমঃ-এই খাদ্যত চৰ্বি অতি কম হোৱাৰ লগতে পুষ্টিকৰ উপাদানো অধিক থাকে। মাশ্বৰুমত যথেষ্ট পৰিমাণে ভিটামিন-‘ডি’ পোৱা যায়।

২) গাখীৰ, দৈ,মুৰ্গীঃ-দুগ্ধজাত খাদ্যত অধিক পৰিমাণে ভিটামিন-‘ডি’ থাকে। গতিকে হাড় মজবুত কৰি শৰীৰ সুস্থ ৰাখিবলৈ গাখীৰ, দৈ, চীজ, পনীৰ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক।

৩) সাগৰীয় মাছঃ-ছালমন আৰু টুনা মাছ ভিটামিন-‘ডি’ৰ ভাল উৎস। এই মাছ দৈনন্দিন খাদ্যত ৰাখিলে কেলছিয়াম আৰু ওমেগা-৩ ফেটি এচিডৰ অভাৱো দূৰ হয়। হাড়ৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ এই মাছবিধক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে।

৪) ওটছঃ-ওটছত পৰ্যাপ্ত পৰিমাণে ভিটামিন-‘ডি’ থাকে। গতিকে আপুনি দৈনন্দিন খাদ্য তালিকাত ওটছ অন্তৰ্ভুক্ত কৰিব পাৰে। ব্ৰেকফাষ্টত মিল্ক-ওটছ খাব পাৰে। বাদাম, খেজুৰ, আখৰোট মিহলাই খালেও ভাল ফল পোৱা যাব। ড্ৰাই ফ্ৰুটতো ভিটামিন-‘ডি’ পোৱা যায়। ইয়াৰ উপৰি অটমিলৰ দাইল, পুডিং আদিও খাব পাৰি।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক