--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিশ্বকাপৰ শতবার্ষিকী উপলক্ষে উৰুগুৱে, আর্জেণ্টিনা আৰু পাৰাগুৱে প্ৰতিখন দেশে এখনকৈ উদ্বোধনী গ্রুপ মেচ আয়োজন কৰিব।

ডিজিটেল ডেস্ক : ফুটবল ইতিহাসৰ অন্যতম ব্যতিক্রমী পৰিঘটনা হিচাপে পৰিগণিত হ'ব ২০৩০ চনৰ ফিফা বিশ্বকাপ। বিশ্বকাপৰ শতবার্ষিকী উপলক্ষে ৬খন দেশ আৰু তিনিখন মহাদেশত অনুষ্ঠিত হ'ব পৰৱৰ্তী প্রতিযোগিতাখন। বিশ্বকাপৰ উদ্বোধনীৰ মেচসমূহ হ'ব দক্ষিণ আমেৰিকাত। ইয়াৰ পাছত মূল পৰ্বৰ খেল অনুষ্ঠিত কৰিব ইউৰোপ আৰু আফ্ৰিকাৰ তিনিখন প্রধান আয়োজক দেশে।


ফিফাৰ প্ৰস্তাৱিত সূচী অনুসৰি বিশ্বকাপৰ শতবর্ষ উপলক্ষে উদ্বোধনী মেচ অনুষ্ঠিত হ'ব ২০৩০ চনৰ ৮ আৰু ৯ জুনত উৰুগুৱে, আর্জেণ্টিনা আৰু পাৰাগুৱেত। ১৩ আৰু ১৪ জুনত মূল উদ্বোধনী অনুষ্ঠান আৰু প্রথম মেচ অনুষ্ঠিত হ'ব মৰক্কো, পর্তুগাল আৰু স্পেইনত। আনহাতে, ২১ জুলাইত বিশ্বকাপৰ ফাইনেল অনুষ্ঠিত হোৱাৰ কথা। 


অৱশ্যে, পূর্ণাংগ সূচী এই পর্যন্ত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই ফিফাই। ইফালে, বিশ্বকাপৰ মূল আয়োজক তিনিখন দেশ হ'ল স্পেইন, পর্তুগাল আৰু মৰক্কো। বিশ্বকাপৰ শতবার্ষিকী উপলক্ষে উৰুগুৱে, আর্জেণ্টিনা আৰু পাৰাগুৱে প্ৰতিখন দেশে এখনকৈ উদ্বোধনী গ্রুপ মেচ আয়োজন কৰিব। ইয়াৰ পাছত বাকী সকলো মেচ স্পেইন, পর্তুগাল আৰু মৰক্কোৱে আয়োজন কৰিব। ফিফাৰ ব্যাখ্যা অনুযায়ী উৰুগুৱেই ১৯৩০ চনৰ প্ৰথম বিশ্বকাপৰ আয়োজক আছিল। সেয়ে, তেওঁলোকক এখন মেচ আয়োজনৰ বাবে সুযোগ দিয়া হৈছে। আর্জেণ্টিনা প্রথম বিশ্বকাপৰ ৰানাৰ-আপ হোৱাৰ সুবাদতে এখন মেচ আয়োজন কৰিব। 


আনহাতে, দক্ষিণ আমেৰিকান ফুটবল কনফেডাৰেশ্যনৰ মুখ্য কাৰ্যালয়ৰ দেশ হিচাপে পাৰাগুৱেক এখন মেচ আয়োজনৰ দায়িত্ব দিয়া হৈছে। আয়োজক হিচাপে স্বয়ংক্রিয়ভাৱে বিশ্বকাপত স্থান পাইছে ছখন দেশে- স্পেইন, পর্তুগাল, মৰক্কো, উৰুগুৱে, আর্জেন্টিনা আৰু পাৰাগুৱেই। বাকী ৪২টা দলৰ স্থান নির্ধাৰণ হ'ব বিভিন্ন মহাদেশৰ কোৱালিফায়িঙৰ জৰিয়তে। বৰ্তমান পৰিকল্পনা অনুযায়ী ২০৩০ চনৰ বিশ্বকাপত ৪৮টা দলে অংশ ল'ব। এই ফৰমেট প্রথম আৰম্ভ হৈছে ২০২৬ চনৰ বিশ্বকাপত। অৱশ্যে, ফিফাৰ সভাপতি জিয়ানি ইনফান্তিনোৱে জনাইছে যে পৰৱৰ্তী বিশ্বকাপত দলৰ সংখ্যা ৬৪টালৈ বৃদ্ধি কৰাৰ প্রস্তাৱ বিবেচনা কৰা হ'ব।  উৎস : দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু