--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিশ্বকাপৰ শতবার্ষিকী উপলক্ষে উৰুগুৱে, আর্জেণ্টিনা আৰু পাৰাগুৱে প্ৰতিখন দেশে এখনকৈ উদ্বোধনী গ্রুপ মেচ আয়োজন কৰিব।

ডিজিটেল ডেস্ক : ফুটবল ইতিহাসৰ অন্যতম ব্যতিক্রমী পৰিঘটনা হিচাপে পৰিগণিত হ'ব ২০৩০ চনৰ ফিফা বিশ্বকাপ। বিশ্বকাপৰ শতবার্ষিকী উপলক্ষে ৬খন দেশ আৰু তিনিখন মহাদেশত অনুষ্ঠিত হ'ব পৰৱৰ্তী প্রতিযোগিতাখন। বিশ্বকাপৰ উদ্বোধনীৰ মেচসমূহ হ'ব দক্ষিণ আমেৰিকাত। ইয়াৰ পাছত মূল পৰ্বৰ খেল অনুষ্ঠিত কৰিব ইউৰোপ আৰু আফ্ৰিকাৰ তিনিখন প্রধান আয়োজক দেশে।


ফিফাৰ প্ৰস্তাৱিত সূচী অনুসৰি বিশ্বকাপৰ শতবর্ষ উপলক্ষে উদ্বোধনী মেচ অনুষ্ঠিত হ'ব ২০৩০ চনৰ ৮ আৰু ৯ জুনত উৰুগুৱে, আর্জেণ্টিনা আৰু পাৰাগুৱেত। ১৩ আৰু ১৪ জুনত মূল উদ্বোধনী অনুষ্ঠান আৰু প্রথম মেচ অনুষ্ঠিত হ'ব মৰক্কো, পর্তুগাল আৰু স্পেইনত। আনহাতে, ২১ জুলাইত বিশ্বকাপৰ ফাইনেল অনুষ্ঠিত হোৱাৰ কথা। 


অৱশ্যে, পূর্ণাংগ সূচী এই পর্যন্ত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই ফিফাই। ইফালে, বিশ্বকাপৰ মূল আয়োজক তিনিখন দেশ হ'ল স্পেইন, পর্তুগাল আৰু মৰক্কো। বিশ্বকাপৰ শতবার্ষিকী উপলক্ষে উৰুগুৱে, আর্জেণ্টিনা আৰু পাৰাগুৱে প্ৰতিখন দেশে এখনকৈ উদ্বোধনী গ্রুপ মেচ আয়োজন কৰিব। ইয়াৰ পাছত বাকী সকলো মেচ স্পেইন, পর্তুগাল আৰু মৰক্কোৱে আয়োজন কৰিব। ফিফাৰ ব্যাখ্যা অনুযায়ী উৰুগুৱেই ১৯৩০ চনৰ প্ৰথম বিশ্বকাপৰ আয়োজক আছিল। সেয়ে, তেওঁলোকক এখন মেচ আয়োজনৰ বাবে সুযোগ দিয়া হৈছে। আর্জেণ্টিনা প্রথম বিশ্বকাপৰ ৰানাৰ-আপ হোৱাৰ সুবাদতে এখন মেচ আয়োজন কৰিব। 


আনহাতে, দক্ষিণ আমেৰিকান ফুটবল কনফেডাৰেশ্যনৰ মুখ্য কাৰ্যালয়ৰ দেশ হিচাপে পাৰাগুৱেক এখন মেচ আয়োজনৰ দায়িত্ব দিয়া হৈছে। আয়োজক হিচাপে স্বয়ংক্রিয়ভাৱে বিশ্বকাপত স্থান পাইছে ছখন দেশে- স্পেইন, পর্তুগাল, মৰক্কো, উৰুগুৱে, আর্জেন্টিনা আৰু পাৰাগুৱেই। বাকী ৪২টা দলৰ স্থান নির্ধাৰণ হ'ব বিভিন্ন মহাদেশৰ কোৱালিফায়িঙৰ জৰিয়তে। বৰ্তমান পৰিকল্পনা অনুযায়ী ২০৩০ চনৰ বিশ্বকাপত ৪৮টা দলে অংশ ল'ব। এই ফৰমেট প্রথম আৰম্ভ হৈছে ২০২৬ চনৰ বিশ্বকাপত। অৱশ্যে, ফিফাৰ সভাপতি জিয়ানি ইনফান্তিনোৱে জনাইছে যে পৰৱৰ্তী বিশ্বকাপত দলৰ সংখ্যা ৬৪টালৈ বৃদ্ধি কৰাৰ প্রস্তাৱ বিবেচনা কৰা হ'ব।  উৎস : দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ