--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • তেওঁ কয় যে কন্দুৱা গেছৰ বাবেই হাপানীৰ সমস্যা হৈছিল। অৱশ্যে সুস্থ হৈ উঠাৰ পিছত তেওঁ পুনৰ প্ৰতিবাদত যোগ দিয়ে আৰু শিক্ষাৰ্থীসকলক সমৰ্থন জনায়।

ডিজিটেল ডেস্ক: CJP প্ৰতিবাদত অংশ লৈ হাঁপানীত আক্ৰান্ত বলীউডৰ প্ৰবীণ অভিনেত্ৰী শাবানা আজমী। ৭৫ বছৰীয়া শাবানা আজমীয়ে জনায় যে সোমবাৰে ‘চলো সংসদ’ সমদলৰ সময়ত কন্দুৱা গেছৰ (tear gas) সংস্পৰ্শলৈ অহাৰ বাবে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে। পৰীক্ষাত অনিয়ম আৰু প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত শিক্ষাৰ্থীসকলৰ সমৰ্থনত তেওঁ এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল।


তেওঁ কয় যে কন্দুৱা গেছৰ বাবেই হাপানীৰ সমস্যা হৈছিল। অৱশ্যে সুস্থ হৈ উঠাৰ পিছত তেওঁ পুনৰ প্ৰতিবাদত যোগ দিয়ে আৰু শিক্ষাৰ্থীসকলক সমৰ্থন জনায়।


শাবানাই কয় যে ইনহেলাৰ (পাম্প) ব্যৱহাৰ কৰাৰ পিছত তেওঁ উপশম পায় আৰু অতি সোনকালে সুস্থ হৈ পৰে। তেওঁ কয়— "মোৰ হাপানীৰ সমস্যা আছে আৰু কন্দুৱা গেছৰ বাবে হাপানীৰ আক্ৰমণ হৈছিল, কিন্তু মোৰ ওচৰত ইনহেলাৰ আছিল, সেয়েহে এতিয়া মই কুশলে আছোঁ।"


স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক ওচৰৰে এটা ভৱনলৈ লৈ যোৱা হৈছিল বুলিও তেওঁ জনায়। সুস্থ হোৱাৰ পিছত তেওঁ ঘূৰি আহে আৰু প্ৰতিবাদৰ সময়ত আঘাতপ্ৰাপ্ত হোৱা শিক্ষাৰ্থীসকলক সাক্ষাৎ কৰে। শিক্ষাৰ্থীসকলৰ সাহসিকতা আৰু মনোবলৰ প্ৰশংসা কৰি তেওঁ কয়— "তেওঁলোকৰ সাহস প্ৰশংসনীয়। মই তেওঁলোকক চালাম জনাওঁ।"


শাবানা আজমীয়ে লগতে জনায় যে তেওঁ আৰু তেওঁৰ স্বামী জাভেদ আখটাৰে পূৰ্বে এই বিষয়টো পত্ৰৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰাৰ চেষ্টা কৰিছিল।


তেওঁ কয়— "আমি ১৫ জুলাইত প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিছিলোঁ আৰু সোনম ৱাংচুকৰ সৈতে আলোচনা আৰম্ভ কৰিবলৈ আবেদন জনাইছিলোঁ। আমাক উত্তৰ দিয়া হৈছিল যে দুদিনৰ ভিতৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হ’ব, কিন্তু বহু সময় অপেক্ষা কৰাৰ পিছতো কোনো উত্তৰ নহাৰ বাবে আমি ইয়ালৈ আহিবলগীয়া হ’ল।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু