--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যি হাৰত বৃহত্তৰ জয়সাগৰ অঞ্চলত ডিমৌ নদীৰ পানী সোমাই আছে এনে হ'লে অসমৰ পৰিচয় ৰংঘৰো পানীত ডুব যোৱাৰ সম্ভাৱনা আছে।

ডিজিটেল ডেস্ক: অপৰিৱৰ্তিত আছে শিৱসাগৰ জিলাৰ বান পৰিস্থিতি। জিলাখনত জটিল বান পৰিস্থিতিৰ সৃষ্টি কৰা দিখৌ নদীৰ জলস্তৰ ক্ৰমে হ্রাস পাইছে যদিও দিখৌ নদী এতিয়াও বিপদসীমাৰ ওপৰত বৈ আছে। দিচাং নদীৰ জলস্তৰ বৃদ্ধি পাই থকাৰ লগতে দৰিকা নদীৰ ক্ৰম বর্ধিত জলস্তৰে শিৱসাগৰ নগৰলৈ ভয়ানক বিপদ মাতি আনিছে। 


কালি পুৱতি নিশাৰ পৰা দৰিকাৰ পানী মথাউৰিৰ ওপৰেৰে বাগৰি অহাৰ ফলত শিৱসাগৰ নগৰৰ দৰিকাপাৰ, খাটপথাৰ, পাচি পথাৰ, মেচ গাঁও, এ টি ৰ'ড, বি জি ৰ'ড, ষ্টেছন চাৰিআলি, জেঙনিকটীয়া আদিকে ধৰি বিভিন্ন অঞ্চল বুৰাই পেলায়। এতিয়াও বৃদ্ধি পাই থকা দৰিকাৰ বাঢ়নী পানীয়ে নিশাৰ ভিতৰত শিৱসাগৰ নগৰৰ বিভিন্ন অঞ্চল বুৰাই পেলোৱাৰ আশংকা কৰা হৈছে। দশক দশক ধৰি কেতিয়াও দেখা নোপোৱা এনে বানপানীৰ ফলত নগৰীয়া জনজীৱন স্তব্ধ হৈ পৰিছে। এ টি ৰ'ড আৰু বি জি ৰ'ডৰ সকলো দোকান-পোহাৰ বর্ধিত পানীৰ ফলত বন্ধ হৈ যোৱাৰ লগতে কৰদাতা ৰাইজৰ ঘৰ আৰু ব্যাৱসায়িক প্রতিষ্ঠানত পানী সোমাই এক হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে। পানীৰ ফলত অ' এন জি চিৰ কেন্দ্রীয় কাৰখানাকে ধৰি বহুকেইটা কার্যালয় বন্ধ কৰি দিব লগা হয়। সেইদৰে জেঙনিকটীয়াৰ শিৱসাগৰ জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ো পানীত ডুব গৈছে। নগৰৰ দুৰ্গত লোকসকলক শিৱসাগৰ জিলা প্রশাসনৰ লগতে শিৱসাগৰ পৌৰসভাই কোনো সাহায্য প্রদান নকৰাৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে বানাক্রান্ত ৰাইজে নিজাববীয়াকৈ ওখ স্থানত আশ্রয় লোৱাৰ লগতে ৰে'ল আলিত স্থাপিত হ'বলৈ বাধ্য হৈছে। 


আনহাতে, বানত ডুব গৈছে ঐতিহাসিক ৰংপুৰ। কালি পুৱাৰে পৰা ডিমৌ নদীৰ বাঢ়নী পানীয়ে ঐতিহাসিক ৰংপুৰৰ বহু প্রাচীন কীর্তিতিহ্ন ডুবাই পেলাইছে। তলাতল ঘৰৰ ন-দুৱাৰ আৰু পানী দুৱাৰৰ পথ পানীৰ তলত বুৰ যোৱাৰ লগতে এবুকু পানীত ডুব গৈছে আহোম ৰাজত্বৰ খাৰ-বাৰুদ মজুত ৰখা গোলাঘৰ। ঐতিহাসিক তলাতল ঘৰত কেৱল চাৰি সীমাৰ গড়ৰ বাবে সোমোৱা নাই পানী। কিন্তু এইদৰে পানীৰ স্তৰ বৃদ্ধি পাই থাকিলে তলাতল ঘৰো বানত ডুব যাব।


আনহাতে, যি হাৰত বৃহত্তৰ জয়সাগৰ অঞ্চলত ডিমৌ নদীৰ পানী সোমাই আছে এনে হ'লে অসমৰ পৰিচয় ৰংঘৰো পানীত ডুব যোৱাৰ সম্ভাৱনা আছে। আনহাতে শিৱসাগৰ জিলাৰ সৰ্বসাধাৰণ ৰাইজৰ মাত্র ভৰসা ৩০০ বিছনাযুক্ত শিৱসাগৰ অসামৰিক চিকিৎসালয়তো বানে চুই গৈছে। ইতিমধ্যে চিকিৎসালয় চৌহদত পানী সোমোৱাৰ লগতে চিকিৎসালয়ত পানী সোমোৱাৰ উপক্ৰম হৈছে। যদি চিকিৎসালয়ৰ ভিতৰত বাঢ়নী পানী সোমাই তেন্তে ৫০ গৰাকী প্রসূতিৰ লগতে মুঠ ১৫৮গৰাকী ৰোগী থকা চিকিৎসালয়খনত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। অৱশ্যে চিকিৎসালয় কর্তৃপক্ষই প্রতিৰোধমূলক ব্যৱস্থা হাতত লৈ ক্রমে সুস্থ হোৱা ৰোগীসকলক ইতিমধ্যে ছুটী প্রদান কৰিছে। 


শিৱসাগৰ জিলাত বানৰ ফলত কিমান ক্ষয়-ক্ষতি হৈছে সেয়া জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিব পৰা হোৱা নাই যদিও বেতবাৰী ন-গন্ধিয়া গাঁৱত এটি তিনি বছৰীয়া শিশু বানত উটি যোৱাৰ লগতে শুকান পুখুৰী কাটনিপাৰত এজন লোক বানৰ প্ৰবল সোঁতত উটি যোৱাৰ খবৰ লাভ কৰা হৈছে। কালি শিৱসাগৰ সমষ্টিৰ বিভিন্ন ঠাইত বানৰ বুজ লৈ দুৰ্গতসকলক সহায়ৰ চেষ্টা কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে কালি বানত আক্রান্ত হোৱা নিমাইজান, হাঁহচৰা, শিৱসাগৰ নগৰ, বৃহত্তৰ জয়সাগৰ আদি বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে। বিধায়কগৰাকীয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাক উপযুক্ত সহায় আৰু ক্ষতিপূৰণ প্রদানৰ দাবী কৰে। তেওঁ লগতে কয় যে এই বান কেৱল নগাপাহাৰত ডাৱৰ বিস্ফোৰণৰ বাবে হোৱা নাই। তেওঁ সন্দেহ প্রকাশ কৰি কয় যে নগালেণ্ডৰ কোনোবা ডেম্পৰ পৰা এৰি দিয়া পানীৰ বাবে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ ৰাইজে যন্ত্রণা ভুগিব লগা হৈছে। 


আনহাতে, এনে অভাৱনীয় বানৰ ফলত দুর্ভোগ ভোগা ৰাইজক উদ্ধাৰ আৰু আশ্রয় প্রদানত চৰকাৰৰ লগতে শিৱসাগৰ জিলা প্রশাসন সম্পূর্ণ ব্যর্থ হোৱা বুলি বিধায়কগৰাকীয়ে সমালোচনা কৰে। যাৰ বাবে সমষ্টিত আক্রান্ত ৰাইজক সাহায্য প্রদান অখিল গগৈয়ে নিজে সম্পন্ন কৰাৰ চিন্তা কৰিছে। শিৱসাগৰ জিলা আয়ুক্তক দৰকাৰী সকলো সামগ্রী যোগান ধৰিবলৈ আহ্বান জনাই গগৈয়ে কয় যে সম্পূর্ণ বিধ্বস্ত হৈ পৰা প্ৰশাসনৰ সলনি আমাৰ দলে ৰাইজক সহায় আগবঢ়াব । উৎস : দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ