--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই যুঁজত আৰ্জেণ্টিনা জয়ী হ’লে দেশবাসীক যেন মেছি ব্ৰিগেডে দিব স্বাধীনতা দিৱসৰ শ্ৰেষ্ঠতম উপহাৰ। বিশ্বকাপৰ ফাইনেলত প্ৰথমবাৰলৈ মুখামুখি হ’ব স্পেইন-আৰ্জেণ্টিনা। অৱশ্যে ১৯৬৬ৰ বিশ্বকাপত গ্ৰুপ পৰ্যায়ত খেলা মেচখনত আৰ্জেণ্টিনাৰ হাতত পৰাস্ত হৈছিল স্পেইন।

ডিজিটেল ডেস্ক: এইবাৰ বিশ্বকাপৰ ছেমিফাইনেলত উপনীত ৪ দলৰ তিনিটাই আছিল ইউৰোপীয়। একমাত্ৰ আৰ্জেণ্টিনাই আছিল লেটিন আমেৰিকাৰ দেশ। সেইসূত্ৰে ১৯ জুলাইৰ মেচ হ’ব ইউৰোপীয় ফুটবলৰ ঐতিহ্য আৰু লেটিন আমেৰিকাৰ কৌশলী পৰাক্ৰমৰ যুঁজ। স্পেইন আৰু আৰ্জেণ্টিনাৰ আছে দ্বিশতিকা পুৰণি এক নিৰ্মম সম্পৰ্ক। স্পেইনৰ ঔপনিৱেশৰ পৰা ১৮১৬ৰ ৯ জুলাইত স্বাধীন হৈছিল আৰ্জেণ্টিনা। অৰ্থাৎ এইবাৰ ফাইনেল হ’ব একালৰ শাসক স্পেইনৰ বিৰুদ্ধে একালৰ শোষিত আৰ্জেণ্টিনাৰ যুঁজ। 


এই যুঁজত আৰ্জেণ্টিনা জয়ী হ’লে দেশবাসীক যেন মেছি ব্ৰিগেডে দিব স্বাধীনতা দিৱসৰ শ্ৰেষ্ঠতম উপহাৰ। বিশ্বকাপৰ ফাইনেলত প্ৰথমবাৰলৈ মুখামুখি হ’ব স্পেইন-আৰ্জেণ্টিনা। অৱশ্যে ১৯৬৬ৰ বিশ্বকাপত গ্ৰুপ পৰ্যায়ত খেলা মেচখনত আৰ্জেণ্টিনাৰ হাতত পৰাস্ত হৈছিল স্পেইন। কিন্তু এইবাৰৰ প্ৰেক্ষাপট সম্পূৰ্ণ সুকীয়া। চলিত বিশ্বকাপৰ ৭খন মেচত ১৯টা গ’লেৰে পৰাক্ৰম দেখুৱাইছে আৰ্জেণ্টিনাই। আনহাতে ৭খন মেচত স্পেইনে দিছে ১৩টা গ’ল, খাইছে মাত্ৰ এগ’ল। ইংগিত স্পষ্ট– আৰ্জেণ্টিনাৰ আগ্ৰাসী ফুটবল আৰু স্পেইনৰ দুৰ্দান্ত ডিফেন্সৰ যুঁজ ফাইনেলত। এইবাৰ ফাইনেলত দৰ্শকে দেখিবলৈ পাব এক বিশেষ নিয়ম। ফাইনেলৰ মধ্য ভাগত আধাঘণ্টাৰ বাবে দিয়া হ’ব বিৰতি। এই দীৰ্ঘ বিৰতিকালত ছাকিৰাসহ বিশ্বখ্যাত শিল্পীৰ হ’ব বিশেষ সংগীতানুষ্ঠান। 


বিশ্বকাপত প্ৰথমবাৰলৈ ফাইনেলত দিয়া হ’ব বিশেষ আঙঠি। মুঠ ২০২৬টা BESPOKE আঙঠি সাজু কৰিছে আমেৰিকাই। ইয়াৰে ৩০টা পাব বিজয়ী দলে, আনসমূহ নিৰ্দিষ্ট সংখ্যক দৰ্শকলৈ। ১৯ জুলাইত হ’বলগীয়া ফাইনেলৰ বাবে নিউ জাৰ্চীৰ খেলপথাৰ সম্পূৰ্ণৰূপে সাজু। মেটলাইফ ষ্টেডিয়ামত প্ৰায় ৭৮ হাজাৰ দৰ্শকে উপভোগ কৰিব ফাইনেল। গ’ল্ডেন বুটৰ দাবীদাৰ মেছি অপেক্ষাৰত একেৰাহে দ্বিতীয়টো খিতাপৰ অভিলেখলৈ। ইয়াৰ মাজতে চৰ্চাত আৰ্জেণ্টিনাৰ মেছি আৰু স্পেইনৰ নৱোদিত তাৰকা য়ামালৰ বিশেষ চিত্ৰ। কেঁচুৱা য়ামালক বাথ টাবত মেছিয়ে গা ধুৱাই থকা পুৰণি ফটো ভাইৰেল সামাজিক মাধ্যমত। 


যুৱ তাৰকা মেছিয়ে ইউনিছেফৰ প্ৰকল্পৰ বাবে ফটো উঠিছিল য়ামালক বাথটাবত লৈ। মেছিৰ মানসপটৰ পৰা নোহোৱা হৈছিল সেই ছবিখন। কিন্তু য়ামালৰ পৰিয়ালে সযতনে ৰাখিছিল ফটোখন। একালত মেছিৰ ঈশ্বৰীয় হাতৰ পৰশ পোৱা কেঁচুৱা য়ামাল এইবাৰ মেছিৰেই প্ৰতিদ্বন্দ্বীৰূপে ঘটিছে আৱিৰ্ভাৱ। হয়তো এয়া মেছিৰ অন্তিমখন বিশ্বকাপ কিন্তু ১৯ বছৰ বয়সতে প্ৰথম বিশ্বকাপতে য়ামালে পদশিল্পৰ মহাৰণত দেখুৱালে কামাল।

লেখক: ধীৰাজ ৰায় মেধি

Output Editor, Prag News



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ