--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সমগ্ৰ বিশ্বতে প্ৰতি বছৰে বৃহৎসংখ্যক লোকৰ মৃত্যু হয় ষ্ট্ৰোকত। বহুতে ভাবিছিল যে বৃদ্ধসকলৰ মাজতহে ষ্ট্ৰোকৰ আশংকা অধিক। কিন্তু শেহতীয়াকৈ হোৱা কিছুমান ঘটনাই যুৱক-যুৱতীসকলৰ ক্ষেত্ৰতো ষ্টোকৰ আশংকা অধিক হোৱা দেখা গৈছে। ২৫ বছৰৰ ওপৰৰ এক শতাংশ লোকৰ ষ্ট্ৰোক হোৱা দেখা যায়। বিভিন্ন কাৰণত মগজুৰ ৰক্তবাহী নলীৰ সংকীৰ্ণ হৈ পৰে আৰু হঠাতে চৰ্বি জমা হৈ থকা তেজৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। এনে হ’লে অক্সিজেনৰ অভাৱত মগজুৰ কোষবোৰ অকাৰ্যকৰী হৈ পৰে তাকে ষ্ট্ৰোক বোলা হয়। সঠিক সময়ত চিকিৎসা আৰম্ভ নকৰিলে ৰোগীৰ পক্ষাঘাত হোৱাৰ আশংকা থাকে। গতিকে সদায় সাৱধান হওক। তাৰ আগতে আমি জানিব লাগিব যে ষ্ট্ৰোক কিয় হয়? চিকিৎসকে মতে কিছুমান বেয়া অভ্যাসে ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰে। জানো আহক।

 ১. স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিলে ষ্ট্ৰোকৰ সম্ভাৱনা ৮০ শতাংশ হ্ৰাস কৰিব পাৰি। অতিৰিক্ত নিমখ, চেনি আৰু চৰ্বিযুক্ত খাদ্যই ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰে। অনিয়ন্ত্ৰিত ৰক্তচাপ আৰু কলেষ্টেৰল বিপদৰ সৃষ্টি কৰিব পাৰে। যিসকলে ইতিমধ্যে বিপদত পৰিছে তেওঁলোকে কণীৰ কুহুম আৰু মাংসৰ পৰা আঁতৰি থাকিব লাগে

২. বহি থকা জীৱনশৈলীৰ ফলত ওজন বৃদ্ধি পায়, পেশী আৰু হাড়ৰ ক্ষমতা হ্ৰাস পায়। ইয়াৰ উপৰি বিপাকীয় হাৰত নেতিবাচক প্ৰভাৱ পেলাই ষ্টোকৰ আশংকা বৃদ্ধি কৰে।

৩. ধূমপানৰ ফলত শৰীৰত বহুতো ক্ষতিকাৰক পদাৰ্থ প্ৰৱেশ কৰে। আনকি ধোঁৱাই শৰীৰৰ যথেষ্ট ক্ষতি কৰে। তেজত অক্সিজেনৰ মাত্ৰা হ্ৰাস কৰে, ফলত হাওঁফাওঁৰ লগতে ৰক্তসঞ্চালন তন্ত্ৰৰো ক্ষতি কৰে।

 ৪. অত্যধিক মদ্যপান কৰাটো অনিয়ন্ত্ৰিত ৰক্তচাপৰ অন্যতম কাৰণ। মদ্যপানে শিৰা আৰু ধমনীসমূহৰ স্থিতিস্থাপকতাত গুৰুতৰভাৱে প্ৰভাৱ পেলাব পাৰে। যিটো ষ্ট্ৰোকৰ অন্যতম মূল কাৰণ।

 কিন্তু এই ৪টা কাৰণৰ বাহিৰেও ষ্ট্ৰোকৰ এটা কাৰণ হ’ল নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগতাহীনতা আৰু অৱহেলা।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক