--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সমগ্ৰ বিশ্বতে প্ৰতি বছৰে বৃহৎসংখ্যক লোকৰ মৃত্যু হয় ষ্ট্ৰোকত। বহুতে ভাবিছিল যে বৃদ্ধসকলৰ মাজতহে ষ্ট্ৰোকৰ আশংকা অধিক। কিন্তু শেহতীয়াকৈ হোৱা কিছুমান ঘটনাই যুৱক-যুৱতীসকলৰ ক্ষেত্ৰতো ষ্টোকৰ আশংকা অধিক হোৱা দেখা গৈছে। ২৫ বছৰৰ ওপৰৰ এক শতাংশ লোকৰ ষ্ট্ৰোক হোৱা দেখা যায়। বিভিন্ন কাৰণত মগজুৰ ৰক্তবাহী নলীৰ সংকীৰ্ণ হৈ পৰে আৰু হঠাতে চৰ্বি জমা হৈ থকা তেজৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। এনে হ’লে অক্সিজেনৰ অভাৱত মগজুৰ কোষবোৰ অকাৰ্যকৰী হৈ পৰে তাকে ষ্ট্ৰোক বোলা হয়। সঠিক সময়ত চিকিৎসা আৰম্ভ নকৰিলে ৰোগীৰ পক্ষাঘাত হোৱাৰ আশংকা থাকে। গতিকে সদায় সাৱধান হওক। তাৰ আগতে আমি জানিব লাগিব যে ষ্ট্ৰোক কিয় হয়? চিকিৎসকে মতে কিছুমান বেয়া অভ্যাসে ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰে। জানো আহক।

 ১. স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিলে ষ্ট্ৰোকৰ সম্ভাৱনা ৮০ শতাংশ হ্ৰাস কৰিব পাৰি। অতিৰিক্ত নিমখ, চেনি আৰু চৰ্বিযুক্ত খাদ্যই ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰে। অনিয়ন্ত্ৰিত ৰক্তচাপ আৰু কলেষ্টেৰল বিপদৰ সৃষ্টি কৰিব পাৰে। যিসকলে ইতিমধ্যে বিপদত পৰিছে তেওঁলোকে কণীৰ কুহুম আৰু মাংসৰ পৰা আঁতৰি থাকিব লাগে

২. বহি থকা জীৱনশৈলীৰ ফলত ওজন বৃদ্ধি পায়, পেশী আৰু হাড়ৰ ক্ষমতা হ্ৰাস পায়। ইয়াৰ উপৰি বিপাকীয় হাৰত নেতিবাচক প্ৰভাৱ পেলাই ষ্টোকৰ আশংকা বৃদ্ধি কৰে।

৩. ধূমপানৰ ফলত শৰীৰত বহুতো ক্ষতিকাৰক পদাৰ্থ প্ৰৱেশ কৰে। আনকি ধোঁৱাই শৰীৰৰ যথেষ্ট ক্ষতি কৰে। তেজত অক্সিজেনৰ মাত্ৰা হ্ৰাস কৰে, ফলত হাওঁফাওঁৰ লগতে ৰক্তসঞ্চালন তন্ত্ৰৰো ক্ষতি কৰে।

 ৪. অত্যধিক মদ্যপান কৰাটো অনিয়ন্ত্ৰিত ৰক্তচাপৰ অন্যতম কাৰণ। মদ্যপানে শিৰা আৰু ধমনীসমূহৰ স্থিতিস্থাপকতাত গুৰুতৰভাৱে প্ৰভাৱ পেলাব পাৰে। যিটো ষ্ট্ৰোকৰ অন্যতম মূল কাৰণ।

 কিন্তু এই ৪টা কাৰণৰ বাহিৰেও ষ্ট্ৰোকৰ এটা কাৰণ হ’ল নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগতাহীনতা আৰু অৱহেলা।










FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
৫০০ বছৰৰ পাছত বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহৰ গতিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ
আমেৰিকাসহ বিশ্বৰ শ্বেয়াৰ বজাৰৰ ৪৪.৪ লাখ কোটি টকা লোকচান, চিপ প্ৰস্তুত কৰা, ছেমিকণ্ডাক্টৰ উদ্যোগৰ অধিক লাভৰ প্ৰৱণতাৰ পৰিণতি
সুদূৰ দক্ষিণ কোৰিয়াৰ অভিজ্ঞ প্ৰশিক্ষকক লৈ কোকৰাঝাৰত সপ্তাহজোৰা টাইকোৱানডো প্ৰশিক্ষণ শিবিৰ
জুবিনে কন্দুৱালে ! 'ৰৈ ৰৈ বিনালে' চাবলৈ ওলাই আহিল আবাল-বৃদ্ধ-বনিতা
ডিগবৈ আৰ ডি স্কুলৰ অভিনৱ পদক্ষেপ ; বাৰ্ষিক প্ৰদৰ্শনীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টি সম্বলিত প্ৰদৰ্শনী কক্ষ মুকলি
আজি শ্বাহৰূখ খানৰ জন্মদিন; 'মন্নত'ৰ বাহিৰত সমবেত অনুৰাগীলৈ কিং খানৰ উপহাৰ
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা