--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিতৰ্ক যেন তেওঁৰ নিৰন্তৰ সংগী। যিটো শিল্পা চেট্টীয়ে আজিকালি ভালদৰে বুজি পাইছে। এইসকল তাৰকাৰ অনুৰাগীৰ সংখ্যা ইমানেই বেছি যে, তেওঁলোকে মাজে-সময়ে কৰা আচৰণে সংবাদ মাধ্যমত স্থান দখল কৰে।

শিল্পাই শুকুৰবাৰে বন্ধু স্মৃতি খান্নাৰ জীয়েকৰ জন্মদিনত উপস্থিত হৈছিল। শিল্পাই স্মৃতি খান্নাৰ ছোৱালী চামিছাৰ সৈতে আছিল। শিল্পাই তেতিয়াই চামিছাক লৈ বাহিৰলৈ উলাই আহিছিল, গাড়ীত উঠিবলৈ চেষ্টা কৰিছিল। কিন্তু গাড়ীত উঠাৰ আগতে, কিন্তু গাড়ীত উঠাৰ আগতে যি সংগঠিত হৈছিল সেই দৃশ্যই এতিয়া সকলোলোকৰে দৃষ্টি আকৰ্ষণ কৰিছে।

প্ৰকৃততে কি ঘটিছিল?

গাড়ীৰ দুৱাৰখন খোলাৰ লগে লগে অভিনেত্ৰীগৰাকীৰ এজন অনুৰাগী আগবাঢ়ি আহিল। তেওঁ শিল্পাৰ সৈতে তেওঁৰ গাড়ীত উঠিবলৈ চেষ্টা কৰিছিল। অভিনেত্ৰীগৰাকীয়ে এইটো দেখি আচৰিত হৈছিল। তেওঁ একেবাৰে শান্ত কণ্ঠত সুধিলে যে, ‘আপুনি প্ৰকৃততে কি কৰিবলৈ চেষ্টা কৰি আছে?’ তাৰ পাছত মানুহজনে সংকোচ কৰিলে আৰু একো কথা নোকোৱাকৈ তাৰ পৰা ওলাই যায়। কিছুসময়ৰ পাছতে গোটেই ঘটনাটোৰ ভিডিঅ’ মুকলিকৈ ওলাই আহিছিল। যদিও একাংশ ভাবিছিল যে, এইটো এটা ধেমেলি আছিল, ইয়াৰ বিপৰীতে বহুতে শিল্পাক সাৱধান হ’বলৈ পৰামৰ্শ দিছে। অভিনেত্ৰীগৰাকীৰ ব্যক্তিগত জীৱনো বহুতো ঘটনাবহুলেৰে জড়িত। অক্ষয় কুমাৰৰ সৈতে তেওঁৰ সম্পৰ্ক হওক বা অস্ত্ৰোপচাৰক লৈ হোৱা বিতৰ্ক হওক, শিল্পাই সদায় সংবাদ শিৰোনাম দখল কৰি আহিছে। তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাক বিগত বছৰ পৰ্ণ ছবি প্ৰযোজনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰো কৰা হৈছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ