--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সমগ্র দেশতে অহা ১ মে'ৰ পৰা কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে টোল কৰ সংগ্ৰহ কৰা হ'ব বুলি ওলোৱা বাতৰি অস্বীকাৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে। 

উল্লেখযোগ্য যে একাংশ সংবাদ মাধ্যমে কেইদিনমানৰ আগতে এইবুলি প্রকাশ কৰিছিল যে অহা ১ মে'ৰ পৰা ফাষ্টেগ প্ৰণালীৰ জৰিয়তে টোল কৰ সংগ্ৰহ বন্ধ কৰা হ'ব আৰু ইয়াৰ ঠাইত কৃত্রিম উপগ্ৰহৰ সৈতে সংযোজিত প্ৰণালীৰ সহায়ত টোল কৰ সংগ্ৰহ কৰা হ'ব। এই বাতৰিয়ে দেশত তীব্র প্রতিক্ৰিয়াৰো সৃষ্টি কৰে। অৱশেষত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰ্যালয়ে এই বাতৰিৰ সত্যতা নুই কৰি এক স্পষ্টীকৰণ প্ৰকাশ কৰে। 

পথ পৰিবহণ মন্ত্ৰ্যালয়ে এই বাতৰিক পোনছাটেই নাকচ কৰে আৰু কয় যে ১ মে'ৰ পৰা সমগ্ৰ দেশত ফাষ্টেগ আঁতৰাই কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা টোল কৰ সংগ্ৰহ কৰাৰ কোনো সিদ্ধান্ত চৰকাৰে লোৱা নাই। এই বাতৰি সম্পূৰ্ণৰূপে বিভ্রান্তিকৰ আৰু অসত্য বুলি মন্ত্ৰ্যালয়ে কয়। মন্ত্র্যালয়ে লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে বর্তমান ফাষ্টেগৰ জৰিয়তে টোল কৰ লোৱাটো অব্যাহত থাকিব। 

চৰকাৰে নতুন টোল কৰ প্ৰণালী কাৰ্যকৰী কৰাৰ কোনো আঁচনি বৰ্তমান হাতত লোৱা নাই বুলি মন্ত্রালয়ে লগতে স্পষ্ট কৰি দিয়ে। উল্লেখযোগ্য যে চৰকাৰে অলপতে এ এন পি আৰ-ফাষ্টেগ বেছড বেৰিয়াৰ-লেছ টোলিং ছিষ্টেমৰ পৰীক্ষা আৰম্ভ কৰে। এ এন পি আৰ অৰ্থাৎ অট'মেটিক নাম্বাৰ প্লেট ৰিকগনিশ্যন এনে এক প্রযুক্তি, যাৰদ্বাৰা গাড়ীৰ নম্বৰ কেমেৰাই ৰিডিং লৈ চিনাক্ত কৰিব পাৰে। 

এই প্রণালীটোক বৰ্তমানৰ ফাষ্টেগ প্ৰণালীৰ সৈতে সংযোজিত কৰা হ'ব, যাতে টোল প্লাজাত টোল কৰ দিয়াৰ বাবে গাড়ী ৰখাবলগীয়া নহয়। ইয়াৰ জৰিয়তে ফাষ্টেগৰ দ্বাৰা টোল কৰ্তন কৰিব পৰা যাব আৰু টোল প্লাজাত গাড়ী ৰখোৱাৰ প্ৰয়োজন নহ'ব। চৰকাৰে নির্দিষ্ট কেইটামান টোল প্লাজাত এই নতুন প্রণালী পৰীক্ষামূলকভাৱে কাৰ্যকৰী কৰাৰ কাৰণে নিবিদা আহ্বান কৰিছে সংশ্লিষ্ট কর্তৃপক্ষই। যদিহে এই প্রণালী সফল হয় আৰু জনসাধাৰণে ইয়াৰ প্ৰতি উপযুক্ত সঁহাৰি জনায়, তেতিয়া সমগ্র দেশতে ইয়াক কাৰ্যকৰী কৰা হ'ব। এই বাতৰিটোকে অতিৰঞ্জিত কৰি প্ৰচাৰ কৰাৰ ফলত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ