--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সমগ্র দেশতে অহা ১ মে'ৰ পৰা কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে টোল কৰ সংগ্ৰহ কৰা হ'ব বুলি ওলোৱা বাতৰি অস্বীকাৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে। 

উল্লেখযোগ্য যে একাংশ সংবাদ মাধ্যমে কেইদিনমানৰ আগতে এইবুলি প্রকাশ কৰিছিল যে অহা ১ মে'ৰ পৰা ফাষ্টেগ প্ৰণালীৰ জৰিয়তে টোল কৰ সংগ্ৰহ বন্ধ কৰা হ'ব আৰু ইয়াৰ ঠাইত কৃত্রিম উপগ্ৰহৰ সৈতে সংযোজিত প্ৰণালীৰ সহায়ত টোল কৰ সংগ্ৰহ কৰা হ'ব। এই বাতৰিয়ে দেশত তীব্র প্রতিক্ৰিয়াৰো সৃষ্টি কৰে। অৱশেষত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰ্যালয়ে এই বাতৰিৰ সত্যতা নুই কৰি এক স্পষ্টীকৰণ প্ৰকাশ কৰে। 

পথ পৰিবহণ মন্ত্ৰ্যালয়ে এই বাতৰিক পোনছাটেই নাকচ কৰে আৰু কয় যে ১ মে'ৰ পৰা সমগ্ৰ দেশত ফাষ্টেগ আঁতৰাই কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা টোল কৰ সংগ্ৰহ কৰাৰ কোনো সিদ্ধান্ত চৰকাৰে লোৱা নাই। এই বাতৰি সম্পূৰ্ণৰূপে বিভ্রান্তিকৰ আৰু অসত্য বুলি মন্ত্ৰ্যালয়ে কয়। মন্ত্র্যালয়ে লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে বর্তমান ফাষ্টেগৰ জৰিয়তে টোল কৰ লোৱাটো অব্যাহত থাকিব। 

চৰকাৰে নতুন টোল কৰ প্ৰণালী কাৰ্যকৰী কৰাৰ কোনো আঁচনি বৰ্তমান হাতত লোৱা নাই বুলি মন্ত্রালয়ে লগতে স্পষ্ট কৰি দিয়ে। উল্লেখযোগ্য যে চৰকাৰে অলপতে এ এন পি আৰ-ফাষ্টেগ বেছড বেৰিয়াৰ-লেছ টোলিং ছিষ্টেমৰ পৰীক্ষা আৰম্ভ কৰে। এ এন পি আৰ অৰ্থাৎ অট'মেটিক নাম্বাৰ প্লেট ৰিকগনিশ্যন এনে এক প্রযুক্তি, যাৰদ্বাৰা গাড়ীৰ নম্বৰ কেমেৰাই ৰিডিং লৈ চিনাক্ত কৰিব পাৰে। 

এই প্রণালীটোক বৰ্তমানৰ ফাষ্টেগ প্ৰণালীৰ সৈতে সংযোজিত কৰা হ'ব, যাতে টোল প্লাজাত টোল কৰ দিয়াৰ বাবে গাড়ী ৰখাবলগীয়া নহয়। ইয়াৰ জৰিয়তে ফাষ্টেগৰ দ্বাৰা টোল কৰ্তন কৰিব পৰা যাব আৰু টোল প্লাজাত গাড়ী ৰখোৱাৰ প্ৰয়োজন নহ'ব। চৰকাৰে নির্দিষ্ট কেইটামান টোল প্লাজাত এই নতুন প্রণালী পৰীক্ষামূলকভাৱে কাৰ্যকৰী কৰাৰ কাৰণে নিবিদা আহ্বান কৰিছে সংশ্লিষ্ট কর্তৃপক্ষই। যদিহে এই প্রণালী সফল হয় আৰু জনসাধাৰণে ইয়াৰ প্ৰতি উপযুক্ত সঁহাৰি জনায়, তেতিয়া সমগ্র দেশতে ইয়াক কাৰ্যকৰী কৰা হ'ব। এই বাতৰিটোকে অতিৰঞ্জিত কৰি প্ৰচাৰ কৰাৰ ফলত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ