--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টেঙামৰা আমাৰ সকলোৰে পৰিচিত এক গুল্মজাতীয় উদ্ভিদ। টেঙামৰাৰ গছ প্ৰায় ২-২.৫ চেমি পৰ্যন্ত ওখ হয়। ইয়াৰ পাতসমূহ তিনিটা মূৰযুক্ত আৰু ই ৮-১৫ চেমি দীঘল হয়। টেঙামৰাৰ ফুলবোৰৰ ৰং বগা, পাতল গুলপীয়া নাইবা পাতল হালধীয়া আৰু প্ৰতিটো পাহিৰ গুৰি অংশত গাঢ় ৰঙা ৰঙৰ ফুট থাকে। ইয়াৰ ব্যাসাৰ্ধ ৮-১০ চেমি। 


ফুলপাহৰ গুৰিত থকা উজ্জ্বল ৰঙা ৰঙৰ ফলবোৰ বহলে ১-২ চেমি আৰু ই পূৰঠ হ’লে মঙহাল হৈ ৩-৩.৫ চেমি হয়গৈ। ইয়াৰ ফল আৰু পাতবোৰ সামান্য টেঙা সোৱাদযুক্ত হয়। টেঙামৰাৰ পাত মাছৰ লগত জোল বনাই খাব পাৰি। দাইলতো এই পাত দিলে খাবলৈ সোৱাদযুক্ত হয়। অসমকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্য আৰু অন্যান্য দেশসমূহত টেঙামৰাৰ পাত আৰু পূৰঠ ফল খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। টেঙামৰা ফলৰ পৰা জাম, জেলী আৰু খাদ্যত ব্যৱহাৰ কৰা ৰং প্ৰস্তুত কৰা হয়। 

টেঙামৰাৰ আছে বহুতো ঔষধি গুণ। আহকচোন জানো টেঙামৰাৰ কি কি ঔষধি গুণ আছে-

১)টেঙামৰা পাতৰ ৰসে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

২)টেঙামৰাই নিম্ন ৰক্তচাপত নিয়ন্ত্ৰণতো সহায় কৰে।

৩)টেঙামৰা বীজৰ ৰসে আভোক দূৰ কৰে।

৪)টেঙামৰাৰ পাত জোল ৰান্ধি খালে স্নায়ু সবল হয়।

৫)টেঙামৰাই দৃষ্টিশক্তি বঢ়াত সহায় কৰে।

৬)টেঙামৰাই হৃদৰোগ প্ৰতিৰোধ কৰে।

৭)টেঙামৰা খালে গাৰ ছাল নিমজ হয়।

৮)শুকান টেঙামৰা ফলৰ ৰঙা পাহি পানীত সিজাই সঘনাই খালে তেজগ্ৰহণী ভাল হয়।

৯)টেঙামৰা পাতৰ ৰসে পেটৰ বিষ উপশম কৰে।

১০)টেঙামৰাই আমাৰ দেহৰ বেক্টেৰিয়া ৰোধ কৰাত সহায় কৰে।

১১)টেঙামৰাত ভিটামিন চি অধিক পৰিমানে থাকে বাবে শৰীৰৰ বাবে উপকাৰী।


উল্লেখ্য যে টেঙামৰাক ইংৰাজীত Roselle বুলি কয় আৰু ইয়াৰ বৈজ্ঞানিক নাম Hibiscus sabdariffa।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ