--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টেঙামৰা আমাৰ সকলোৰে পৰিচিত এক গুল্মজাতীয় উদ্ভিদ। টেঙামৰাৰ গছ প্ৰায় ২-২.৫ চেমি পৰ্যন্ত ওখ হয়। ইয়াৰ পাতসমূহ তিনিটা মূৰযুক্ত আৰু ই ৮-১৫ চেমি দীঘল হয়। টেঙামৰাৰ ফুলবোৰৰ ৰং বগা, পাতল গুলপীয়া নাইবা পাতল হালধীয়া আৰু প্ৰতিটো পাহিৰ গুৰি অংশত গাঢ় ৰঙা ৰঙৰ ফুট থাকে। ইয়াৰ ব্যাসাৰ্ধ ৮-১০ চেমি। 

ফুলপাহৰ গুৰিত থকা উজ্জ্বল ৰঙা ৰঙৰ ফলবোৰ বহলে ১-২ চেমি আৰু ই পূৰঠ হ’লে মঙহাল হৈ ৩-৩.৫ চেমি হয়গৈ। ইয়াৰ ফল আৰু পাতবোৰ সামান্য টেঙা সোৱাদযুক্ত হয়। টেঙামৰাৰ পাত মাছৰ লগত জোল বনাই খাব পাৰি। দাইলতো এই পাত দিলে খাবলৈ সোৱাদযুক্ত হয়। অসমকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্য আৰু অন্যান্য দেশসমূহত টেঙামৰাৰ পাত আৰু পূৰঠ ফল খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। টেঙামৰা ফলৰ পৰা জাম, জেলী আৰু খাদ্যত ব্যৱহাৰ কৰা ৰং প্ৰস্তুত কৰা হয়। 

টেঙামৰাৰ আছে বহুতো ঔষধি গুণ। আহকচোন জানো টেঙামৰাৰ কি কি ঔষধি গুণ আছে-

১)টেঙামৰা পাতৰ ৰসে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

২)টেঙামৰাই নিম্ন ৰক্তচাপত নিয়ন্ত্ৰণতো সহায় কৰে।

৩)টেঙামৰা বীজৰ ৰসে আভোক দূৰ কৰে।

৪)টেঙামৰাৰ পাত জোল ৰান্ধি খালে স্নায়ু সবল হয়।

৫)টেঙামৰাই দৃষ্টিশক্তি বঢ়াত সহায় কৰে।

৬)টেঙামৰাই হৃদৰোগ প্ৰতিৰোধ কৰে।

৭)টেঙামৰা খালে গাৰ ছাল নিমজ হয়।

৮)শুকান টেঙামৰা ফলৰ ৰঙা পাহি পানীত সিজাই সঘনাই খালে তেজগ্ৰহণী ভাল হয়।

৯)টেঙামৰা পাতৰ ৰসে পেটৰ বিষ উপশম কৰে।

১০)টেঙামৰাই আমাৰ দেহৰ বেক্টেৰিয়া ৰোধ কৰাত সহায় কৰে।

১১)টেঙামৰাত ভিটামিন চি অধিক পৰিমানে থাকে বাবে শৰীৰৰ বাবে উপকাৰী।

উল্লেখ্য যে টেঙামৰাক ইংৰাজীত Roselle বুলি কয় আৰু ইয়াৰ বৈজ্ঞানিক নাম Hibiscus sabdariffa।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ