--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অসমীয়া ছবিজগত তথা চলচ্চিত্ৰপ্ৰেমীলৈ সুখবৰ৷ অসম কন্যা নয়নমণি মুৰাই এই বছৰ টৰ'ণ্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত 'শ্ৰেষ্ঠ যুৱ শিল্পী'ৰ বঁটা লাভ কৰিছে৷ অসমীয়া ছুটি ছবি 'কুমু'ত কৰা অভিনয়ৰ বাবে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে নয়নমণি মুৰাই। 

অসমৰ নগাঁও জিলাৰ ধনটুলা চাহ বাগিচাৰ নয়নমণি মুৰা নৱম শ্ৰেণীৰ ছাত্ৰী৷ শেহতীয়াকৈ কেৰালাৰ চিজিএনএছ চলচ্চিত্ৰ মহোৎসৱত অকঞ্চ্য ভগাবাটীৰ ছুটি ছবি 'কুমু'ই শ্ৰেষ্ঠ চুটি চলচ্চিত্ৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে তেওঁক শ্ৰেষ্ঠ যুৱ শিল্পী হিচাপে মনোনীত কৰা হৈছিল।

ছবিখনৰ পৰিচালক আৰু লেখিকা অকান্ত ভগাবাটীয়ে কানাডাত মহোৎসৱৰ আয়োজকসকলৰ পৰা এটা মেইল লাভ কৰাৰ পাছত বাতৰিটো নিশ্চিত কৰে। তেওঁ জনোৱা মতে বুধবাৰে এটা মেইল লাভ কৰিছিল যিয়ে নয়নমণি মুৰাক যুৱ শ্ৰেণীৰ শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে বাচনি কৰাটো নিশ্চিত কৰিছিল।
পৰিচালকজনে লগতে কৈছিল যে নয়নমণিয়ে যেতিয়া টৰণ্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱ ২০২২ত শ্ৰেষ্ঠ যুৱ শিল্পী হিচাপে নিৰ্বাচিত হোৱাৰ খবৰ লাভ কৰিছিল, তেতিয়া তেওঁ যথেষ্ট আনন্দিত হৈছিল।

নয়নমণিয়ে কৈছিল যে যেতিয়া ছবিখনৰ পৰিচালকে তেওঁৰ কাষ চাপিছিল, তেতিয়া তেওঁৰ অভিনয়ৰ অভিজ্ঞতাৰ অভাৱৰ বাবে তেওঁ অভিনয়ৰ ক্ষেত্ৰত যথেষ্ট সন্দেহজনক স্থিতিত আছিল। কুমু ছবিখনত এগৰাকী ১২ বছৰীয়া আদিবাসী ছোৱালীৰ জীৱন আৰু যাত্ৰা দেখুওৱা হৈছে৷ যি তেওঁৰ পৰিয়ালৰ আৰ্থিক পৰিস্থিতিৰ বাবে স্বাধীনতা আৰু শিক্ষা ত্যাগ কৰিবলৈ বাধ্য হৈছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ