--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অসমীয়া ছবিজগত তথা চলচ্চিত্ৰপ্ৰেমীলৈ সুখবৰ৷ অসম কন্যা নয়নমণি মুৰাই এই বছৰ টৰ'ণ্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত 'শ্ৰেষ্ঠ যুৱ শিল্পী'ৰ বঁটা লাভ কৰিছে৷ অসমীয়া ছুটি ছবি 'কুমু'ত কৰা অভিনয়ৰ বাবে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে নয়নমণি মুৰাই। 

অসমৰ নগাঁও জিলাৰ ধনটুলা চাহ বাগিচাৰ নয়নমণি মুৰা নৱম শ্ৰেণীৰ ছাত্ৰী৷ শেহতীয়াকৈ কেৰালাৰ চিজিএনএছ চলচ্চিত্ৰ মহোৎসৱত অকঞ্চ্য ভগাবাটীৰ ছুটি ছবি 'কুমু'ই শ্ৰেষ্ঠ চুটি চলচ্চিত্ৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে তেওঁক শ্ৰেষ্ঠ যুৱ শিল্পী হিচাপে মনোনীত কৰা হৈছিল।

ছবিখনৰ পৰিচালক আৰু লেখিকা অকান্ত ভগাবাটীয়ে কানাডাত মহোৎসৱৰ আয়োজকসকলৰ পৰা এটা মেইল লাভ কৰাৰ পাছত বাতৰিটো নিশ্চিত কৰে। তেওঁ জনোৱা মতে বুধবাৰে এটা মেইল লাভ কৰিছিল যিয়ে নয়নমণি মুৰাক যুৱ শ্ৰেণীৰ শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে বাচনি কৰাটো নিশ্চিত কৰিছিল।
পৰিচালকজনে লগতে কৈছিল যে নয়নমণিয়ে যেতিয়া টৰণ্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱ ২০২২ত শ্ৰেষ্ঠ যুৱ শিল্পী হিচাপে নিৰ্বাচিত হোৱাৰ খবৰ লাভ কৰিছিল, তেতিয়া তেওঁ যথেষ্ট আনন্দিত হৈছিল।

নয়নমণিয়ে কৈছিল যে যেতিয়া ছবিখনৰ পৰিচালকে তেওঁৰ কাষ চাপিছিল, তেতিয়া তেওঁৰ অভিনয়ৰ অভিজ্ঞতাৰ অভাৱৰ বাবে তেওঁ অভিনয়ৰ ক্ষেত্ৰত যথেষ্ট সন্দেহজনক স্থিতিত আছিল। কুমু ছবিখনত এগৰাকী ১২ বছৰীয়া আদিবাসী ছোৱালীৰ জীৱন আৰু যাত্ৰা দেখুওৱা হৈছে৷ যি তেওঁৰ পৰিয়ালৰ আৰ্থিক পৰিস্থিতিৰ বাবে স্বাধীনতা আৰু শিক্ষা ত্যাগ কৰিবলৈ বাধ্য হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ