--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প আৰু আৰবপতি উদ্যোগপতি ইলন মাস্কৰ বিৰুদ্ধে আজি বাশ্বিংটন, নিউয়ৰ্কৰ পৰা আৰম্ভ কৰি ইউৰোপলৈকে আজি প্ৰতিবাদৰ অভূতপূর্ব ঢৌ দেখিবলৈ পোৱা যায়। লাখ লাখ লোকে অংশগ্রহণ কৰে এই প্ৰতিবাদত। কেৱল আমেৰিকাতে 'হেণ্ডছ অফ' নাম দিয়া লাখ লাখ লোকে এই প্রতিবাদত অংশগ্ৰহণ কৰে। 

চিএনএনে এই বাতৰি দি কয় যে আমেৰিকাৰ ৫০খন ৰাজ্যৰ ৰাজধানীকে ধৰি ১৪০০ খনতকৈ অধিক নগৰ তথা মহানগৰত লাখ লাখ লোকে ট্রাম্প-মাস্কৰ নীতিৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে। আমেৰিকাত প্ৰতিবাদত অংশগ্ৰহণৰ কাৰণে প্রায় ছয় লাখ লোকে পঞ্জীয়ন কৰাইছিল যদিও ইয়াতকৈ বহু বেছি লোকে অংশগ্ৰহণ কৰে। চৰকাৰী চাকৰি কৰ্তন, দেশখনৰ অৰ্থব্যৱস্থা আৰু মানৱাধিকাৰৰ সৈতে জড়িত বিষয়ক লৈ এই প্রতিবাদ সাব্যস্ত কৰা হয়। 

উল্লেখযোগ্য যে প্রায় ডেৰশটা সংগঠনে এই 'হেণ্ডছ অফ' প্ৰতিবাদৰ আহ্বান জনায়। হেণ্ডছ অফৰ অৰ্থ হ'ল 'আমাৰ অধিকাৰ খৰ্ব নকৰিব'। অর্থাৎ প্রতিবাদকাৰীয়ে তেওঁলোকৰ অধিকাৰত আন কাৰো নিয়ন্ত্রণ থকাটো বিচৰা নাই। প্রতিবাদৰ আহ্বান জনোৱা সংগঠনবোৰৰ ভিতৰত নাগৰিক অধিকাৰ সংগঠন, শ্রমিক সংগঠন, এল জি বি টি কিউৰ স্বেচ্ছাসেৱক, প্রাক্তন সৈনিক তথা নির্বাচনী বিষয়া-কৰ্মচাৰীও আছে। প্রতিবাদকাৰীসকলে কয় যে ৰাষ্ট্ৰপতি ট্রাম্প আৰু চৰকাৰী দক্ষতা বিভাগৰ (ডি অ'জি ই) মুৰব্বী মাস্কে গণতন্ত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। তেওঁলোকে কয় যে ট্রাম্পে যি ধৰণেৰে দেশ চলাইছে সেয়া সঠিক হোৱা নাই। প্ৰতিবাদকাৰীসকলে লগতে এইবুলিও কয় যে ট্রাম্পে দেশখন খণ্ড-বিখণ্ড কৰিবলৈ বিচাৰিছে। 

উল্লেখযোগ্য যে ২০১৭চনত মহিলাৰ প্ৰতিবাদ আৰু ২০২০ চনত 'ব্লেক লাইভ মেটাৰ'ৰ পাছত ট্রাম্প প্ৰথমবাৰৰ বাবে ইমান ব্যাপক প্ৰতিবাদৰ সন্মুখীন হৈছে। প্রতিবাদকাৰীসকলে মিড টাউন মেনহাট্টান, এংকৰেজৰ পৰা আৰম্ভ কৰি আলস্কালৈকে শান্তিপূর্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰে। পৰ্টলেণ্ড, অৰেগন আৰু লছ এঞ্জেলছত হাজাৰ হাজাৰ লোক পথলৈ ওলাই আহে আৰু পার্শ্বিং স্কোৱাৰলৈকে শোভাযাত্ৰা কৰে। 

ৰাষ্ট্ৰপতি ট্রাম্পে আমেৰিকাৰ গণতান্ত্রিক সংস্থাসমূহ দুৰ্বল কৰা বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে। বাম্বিংটনত প্রতিবাদকাৰীক সম্বোধি দিয়া ভাষণক সামাজিক কার্যকর্তা গ্রেলন হেগলাৰে কয়, 'তেওঁলোকে শুই থকা দৈত্যক জাগ্রত কৰিছে আৰু এয়া আৰম্ভণিহে।' 

আনহাতে মাস্কে চৰকাৰী সংস্থাসমূহত ব্যাপক হাৰত চাকৰি কৰ্তন কৰা বুলি অভিযোগ কৰা হৈছে। মাস্কে ইয়াৰ জৰিয়তে কৰদাতাৰ কোটি কোটি ডলাৰ ৰাহি কৰা বুলি দাবী কৰাৰ বিপৰীতে প্ৰতিবাদকাৰীসকলে কয় যে মাস্কে গ্রহণ কৰা ব্যৱস্থাৰ জৰিয়তে আমেৰিকাৰ ভালেমান জৰুৰী সেৱা বন্ধ কৰিবলৈ আগবাঢ়িছে। 

হিউমেন ৰাইছ কেম্পেইনৰ মুৰব্বী কেলী ৰবিৱছনে এল ডি বি টি কিউ+ সম্প্ৰদায়ৰ বিৰুদ্ধে লোৱা নীতিত উদ্বেগ প্রকাশ কৰে। তেওঁ কয়, 'তেওঁ (ট্রাম্পে) আমাৰ কিতাপ বন্ধ কৰিছে, এইচ আই ভি প্ৰতিৰোধৰ বাবে আগবঢ়োৱা পুঁজি কৰ্তন কৰিছে। আমাৰ চিকিৎসক, শিক্ষক, পৰিয়ালসমূহক অপৰাধী কৰিবলৈ বিচাৰিছে।' নিউয়র্কত প্রতিবাদকৰীসকলে 'হেণ্ডছ অফ আৱাৰ ডেম'ক্ৰেচী' আৰু 'ডাইভাৰচিটি ইকুইটি ইনক্লুজন মেছ আমেৰিকা স্ট্রং' আদি শ্ল'গান দি শোভাযাত্ৰা কৰে। 

আনহাতে বষ্টন কমনত হাজাৰ হাজাৰ লোকে শিক্ষা আৰু সামাজিক সুৰক্ষা বিষয়ক চৰকাৰৰ নীতিৰ বিৰোধিতা কৰে। অহিঅ'ৰ কলম্বাছত প্রতিবাদ সাব্যস্ত কৰা ৬৬ বছৰীয়া ৰোজাৰ ক্ৰমে কয়, 'তেওঁলোকে দেশখনক ধ্বংসৰ মুখলৈ নিছে। এতিয়া এইখন কেবল আপত্তি-অভিযোগৰ চৰকাৰ হৈ পৰিছে।'

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত