--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পাৰমাণৱিক চুক্তিৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰানৰ সৈতে পোনপটীয়াকৈ এখন বৈঠক অনুষ্ঠিত কৰাৰ বাবে দাবী জনাইছিল। কিন্তু ইৰানে ৰাষ্ট্ৰপতি ট্রাম্পৰ এই দাবী পোনছাটেই নাকচ কৰে আৰু দেওবাৰে পুনৰ কয় যে তেওঁলোকে ওমানৰ জৰিয়তে পৰোক্ষভাৱেহে আমেৰিকাৰ লগত আলোচনাত বহিব। 

উল্লেখযোগ্য যে ইৰানে পাৰমাণৱিক চুক্তি নকৰিলে আমেৰিকাই দেশখনত প্রচণ্ড বোমাবর্ষণ কৰিব বুলি ট্রাম্পে ভাবুকি দিছিল আৰু শেহতীয়াকৈ ইৰানৰ সমীপৰ ভাৰত মহাসাগৰৰ দ্বীপ ডিয়েগ' গাছিয়াত ছখনকৈ শক্তিশালী বি-২ যুদ্ধ বিমান মোতায়েন কৰিছিল। ইৰানৰ এজন জ্যেষ্ঠ চৰকাৰী বিষয়াই শনিবাৰে কয় যে পৰোক্ষ আলোচনাৰ প্ৰস্তাৱটোৰ পৰা ইৰানৰ সৈতে এটা ৰাজনৈতিক সমস্যা সমাধানৰ ক্ষেত্ৰত আমেৰিকাৰ সদ্ভাৱ প্ৰকাশ পাব। 

ইফালে, আমেৰিকাৰ ভাবুকিৰ সন্দৰ্ভত ইৰানে ইৰাক, কুৱেইট, ইউ এ ই, কাটাৰ, তুৰস্ক আৰু বাহৰেইনলৈও জাননী প্ৰেৰণ কৰে, যাতে তেওঁলোকে মার্কিন আক্রমণক সমর্থন নজনায়। আক্ৰমণৰ সময়ত যদি এই দেশসমূহে মার্কিন সেনাক আকাশী পথো ব্যৱহাৰ কৰিবলৈ দিয়ে, তেনেহ'লে দেশকেইখনৰ পৰিনাম বিষম হ'ব বুলি ইৰানে সকীয়াই দিয়ে। আনহাতে, আমেৰিকাৰ সম্ভাব্য আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা খামেনেই দেশখনৰ সেনাক উচ্চ সতর্কতা অৱলম্বন কৰি যুদ্ধৰ বাবে সষ্টম হ'বলৈ নির্দেশ দিয়ে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ