--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইংলেণ্ড ভ্ৰমণৰ আগে-আগে ভাৰতীয় দলৰ বাবে এটা দুঃসংবাদ। তিনিখনতকৈ অধিক টেষ্ট খেলিব নোৱাৰিব বুলি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডক (বি চি চি আই) অৱগত কৰিছে বেগী বলাৰ যশপ্রীত বুমৰাহে। এই বাতৰি প্ৰকাশ কৰিছে এখন ৰাষ্ট্ৰীয় সংবাদপত্রই। শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ মাটিত বুমৰাহে ৫খন টেষ্টতেই খেলিছিল। কিন্তু শেষৰখন টেষ্টৰ সময়ত তেওঁ আঘাতপ্রাপ্ত হৈছিল। সেই আঘাতৰ বাবেই বুমৰাহে চেম্পিয়নছ ট্রফীত খেলিব নোৱাৰিলে। 

চলি থকা আই পি এলতো তেওঁ আৰম্ভণিতে খেলা নাছিল। আঘাতৰ পৰা সুস্থ হৈ খেলপথাৰলৈ উভতি আহিলেও একেৰাহে পাঁচখন টেষ্ট খেলাৰ বোজা লোৱাটো তেওঁৰ বাবে সম্ভৱ নহ'ব। সেইবাবেই বুমৰাহে ইংলেণ্ডত তিনিখনতকৈ অধিক টেষ্ট খেলিব বিচৰা নাই। অষ্ট্ৰেলিয়া ভ্রমণত ভাৰতীয় দলৰ বলিং আক্রমণত নেতৃত্ব দিছিল বুমবাহে। ৰোহিত শৰ্মাৰ অনুপস্থিতিত প্রথম আৰু অন্তিম টেষ্টত তেওঁ নেতৃত্বৰ দায়িত্ব চম্ভালিছিল। শেহতীয়াকৈ ৰোহিতে টেষ্টৰ পৰা অৱসৰ লয়। পিছে ইংলেণ্ডৰ বিৰুদ্ধে আগন্তুক টেষ্ট শৃংখলাত বুমৰাহক অধিনায়ক হিচাপে দেখা নোপোৱাৰ সম্ভাৱনাই অধিক। 

বুমৰাহক অধিনায়ক হিচাপে নিযুক্তি নিদিয়াৰ আঁৰৰ মূল কাৰণ নিশ্চিতভাৱেই তেওঁ পাঁচখন টেষ্টত খেলি নোৱাৰে। ইফালে, ভাৰতৰ নতুন অধিনায়ক হোৱাৰ দৌৰত আছে শুভমন গীল। অৱশ্যে, ইয়াৰ পূৰ্বে ভাৰতীয় টেষ্ট দলক তেওঁ কেতিয়াও নেতৃত্ব দিয়া নাই। শুভমন হৈছে বগা বলৰ ক্ৰিকেটত ভাৰতৰ সহঃঅধিনায়ক। টেষ্টত তেওঁ যদি অধিনায়ক হয়, তেন্তে সহঃ অধিনায়ক হ'ব পাৰে ঋষভ পন্ট। ইয়াৰ পূৰ্বে শুভমন আৰু পন্টে ভাৰতৰ টি-২০ দলক নেতৃত্ব দিছিল। অৱশ্যে, উভয়েই টেষ্ট দলৰ নিয়মীয়া সদস্য।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ