--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২০১৬ চনত আলফা (স্বাঃ)ত যোগদান কৰা থাওচেন অসমৰ পৰা এম কিউ ছিৰিজৰ এটা বন্দুক, ১৫১ জাঁই সজীৱ গুলী, এটা আৰ পি জি, এটা বটল গ্রেনেড জব্দ কৰে।

ডিজিটেল ডেস্ক : বিদ্রোহী সংগঠনৰ বিৰুদ্ধে সেনা-আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে কালি অৰুণাচল প্ৰদেশৰ নামচাইত আছাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীয়ে যৌথ অভিযান চলাই আলফা (স্বাঃ)ৰ এজন কেডাৰক গ্ৰেপ্তাৰ কৰে। নামচাই লাথাওৰ ঘন জংঘলৰ পৰা সেনা-আৰক্ষীৰ যুটীয়া অভিযানত থাওচেন অসম ওৰফে অনুপম দহোতীয়া নামৰ আলফা (স্বাঃ)ৰ দুৰ্ধৰ্ষ কেডাৰজনক গ্ৰেপ্তাৰ কৰে। আলফা (স্বাঃ)ৰ কেডাৰ থাওচেনৰ ঘৰ তিনিচুকীয়াৰ বাৰেকুৰিত।


উল্লেখযোগ্য যে ২০১৬ চনত আলফা (স্বাঃ)ত যোগদান কৰা থাওচেন অসমৰ পৰা এম কিউ ছিৰিজৰ এটা বন্দুক, ১৫১ জাঁই সজীৱ গুলী, এটা আৰ পি জি, এটা বটল গ্রেনেড জব্দ কৰে। ইফালে, এখন সংবাদমেলযোগে নামচাই জিলা আৰক্ষী অধীক্ষকে থাওচেন অসম কাকপথাৰৰ সেনা ছাউনী আক্রমণত জড়িত আছিল বুলি প্রকাশ কৰে।


প্রণিধানযোগ্য যে কাকপথাৰ সেনা ছাউনীত আলফা (স্বাঃ)ই কৰা আক্ৰমণৰ পাছত সেনা-আৰক্ষী সস্তম হৈ পৰে। অসম-অৰুণাচল সীমান্ত অঞ্চলত নিষিদ্ধ ঘোষিত বিপ্লৱী সংগঠনটোৰ বিৰুদ্ধে অসম ৰাইফলছে চলোৱা অভিযানত একেখন জিলাৰ ভিতৰতে ২১ অক্টোবৰত আলফাৰ ২য় লেফটেনেন্ট আইৱান অসমক গুলীয়াই হত্যা কৰাৰ পাছত কালি থাওচেন অসমক সেনাই বিশেষ সূত্ৰৰ পম খেদি অস্ত্র-শস্ত্রসহ গ্রেপ্তাৰ কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ