--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সকলো শ্ৰেণীৰ ৰাইজে যাতে এই চিনেমাখন কোনো অসুবিধা নোহোৱাকৈ চাব পাৰে ইয়াৰ বাবেই চৰকাৰে ছবিখন কৰমুক্ত কৰিব লাগে।

ডিজিটেল ডেস্ক : অহা ৩১ অক্টোবৰত মুক্তি পাবলগীয়া অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অভিনীত অন্তিমখন ছবি 'ৰৈ ৰৈ বিনালে'ক কৰমুক্ত কৰিবলৈ অসম চৰকাৰক অনুৰোধ জনাই মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোক সভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে।


প্রদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে 'ৰৈ ৰৈ বিনালে' হৈছে জুবিন দাৰ জীৱনকালত অভিনয় কৰা আৰু সংগীত পৰিচালনা কৰা অন্তিমখন ছবি। সেয়েহে প্ৰাণৰ শিল্পীগৰাকীৰ অন্তিমখন ছবি চাবলৈ অসমৰ সৰ্বস্তৰৰ ৰাইজ উদ্বাউল হৈ আছে। সকলো শ্ৰেণীৰ ৰাইজে যাতে এই চিনেমাখন কোনো অসুবিধা নোহোৱাকৈ চাব পাৰে ইয়াৰ বাবেই চৰকাৰে ছবিখন কৰমুক্ত কৰিব লাগে। তদুপৰি এনে পদক্ষেপৰদ্বাৰা জুবিন দাই আজীৱন অসমৰ সাংস্কৃতিক জগতখনলৈ আগবঢ়াই নিবলৈ কৰা ঐকান্তিক প্রচেষ্টাৰ প্ৰতিও সন্মান প্রদর্শন কৰা হ'ব আৰু ৰাজ্যখনৰ প্ৰতিটো চুক-কোণৰ সকলো শ্ৰেণীৰ ৰাইজৰ চিনেমাখন চোৱাত সুবিধা হ'ব।


আনহাতে, প্রদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সকলো জিলা কংগ্রেছ, ব্লক কংগ্রেছ, মণ্ডল কংগ্ৰেছ কমিটীৰ সভাপতিক নিজ নিজ জিলা, ব্লক, মণ্ডলৰ স্থানীয় সকলো ৰাইজক জুবিন দাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অভিনীত অন্তিমখন ছবি 'ৰৈ ৰৈ বিনালে' চাবলৈ অনুৰোধ জনাইছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ