--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছুপাৰ ছানডেৰ এখন মেচত আজি মুখামুখি হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা। কটকৰ বাৰাবতী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেলখন। পাঁচখন মেচৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচত পৰাস্ত হৈছে ভাৰত। টি-২০ ইতিহাসত ২০০ৰো অধিক ৰান কৰি ভাৰতে পৰাজয়ৰ গলমালা পিন্ধিব লগীয়া হৈছে প্ৰথম বাৰৰ বাবে। তেনেস্থলত আজি দলটোৰ প্ৰত্যাৱৰ্তন বিচাৰিছে ক্ৰীড়ানুৰাগীয়ে। পৰাজয়ৰ দুঃস্বপ্ন পাহৰি আজি ছিৰিজত সমতা স্থাপন কৰাৰ পূৰ্ণ সুযোগ আছে পন্ত বাহিনীৰ হাতত। 

আনহাতে, প্ৰথম মেচখনত জয়ী হৈ অধিক আত্মবিশ্বাসী দক্ষিণ আফ্ৰিকা। সেই আত্মবিশ্বাসৰ ওপৰত ভৰ দিয়েই ২-০ৰ অগ্ৰগতিৰ লক্ষ্যৰে খেলপথাৰত অৱতীৰ্ণ হ’ব মিলাৰ বাহিনী। 

তেনেস্থলত, ভাৰতৰ বাবে সহজ নহ’ব এই  যাত্ৰাপথ। তথাপি উত্‍সাহী ক্ৰীড়ানুৰাগী। সন্ধিয়া ৬ বজালৈকে কটকৰ ষ্টেডিয়ামত ৭০ শতাংশ ক্ৰীড়াপ্ৰেমীৰে ভৰি পৰা বুলি খবৰ ওলাইছে। ইফালে অধিনায়ক ঋষভ পন্তৰ কাষত থিয় দিছে ভাৰতীয় পেচাৰ ভুৱনেশ্বৰ কুমাৰ। তেওঁ কয়, ‘ঋষভ পন্ত এজন যুৱ অধিনায়ক আৰু প্ৰথমবাৰৰ বাবে ভাৰতক নেতৃত্ব দিছে। ভুল ক্ৰুটি সকলোৰে থাকে। পৰৱৰ্তী মেচখনত নিজেকে শুধৰাই তুলিব বুলি মই নিশ্চিত। ’ তেনেস্থলত আজিৰ মেচখন হৈ পৰিছে অধিক গুৰুত্বপূৰ্ণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ