--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গাখীৰ কেৱল স্বাস্থ্যৰ বাবেই নহয়, আধ্যাত্মিকভাৱেও ইয়াৰ আছে বিশেষ গুৰুত্ব। ধৰ্মীয়ভাৱে শিৱলিংগত কেঁচা গাখীৰ আগবঢ়োৱাৰ পৰা আৰম্ভ কৰি পূজা-অৰ্চনালৈকে ব্যৱহাৰ কৰা হয়। শকুণশাস্ত্ৰতো গাখীৰৰ লগত বহুতো শুভ আৰু অশুভ সম্পৰ্ক আছে। বাস্তুশাস্ত্ৰত গাখীৰক চন্দ্ৰৰ কাৰক বুলি ধৰা হয়। সেয়েহে উতলা গাখীৰ পৰাটো অশুভ বুলি গণ্য কৰা হয়। উতলা গাখীৰ বাৰে বাৰে পৰিলে চন্দ্ৰ দোষৰ সৃষ্টি হয় আৰু ঘৰত ঋণাত্মক শক্তি প্ৰৱেশ কৰে। উতলা গাখীৰ পৰিলে কেনেধৰণৰ অশুভ লক্ষণ পোৱা যায় জানো আহক।

 * বাস্তুশাস্ত্ৰৰ মতে উতলা গাখীৰ পৰাই ঘৰৰ সদস্যসকলক মানসিকভাৱে প্ৰভাৱিত কৰে। গাখীৰ পৰাৰ ফলত চন্দ্ৰ দোষ সৃষ্টি হয় আৰু ইয়াৰ বাবেই ঘৰত সদায় উত্তেজনা থাকে। মানসিকভাৱেও ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে।

* গাখীৰ গৰম কৰোতে সহায় জুই ব্যৱহাৰ কৰা হয় আৰু ই হৈছে মংগল গ্ৰহৰ কাৰক। মংগল আৰু চন্দ্ৰক ইটো সিটোৰ বিপৰীত বুলি গণ্য কৰা হয়। সেয়েহে ঘনাই উতলি থকা গাখীৰ পৰিলে পৰিয়ালত কাজিয়াৰ পৰিস্থিতিৰ সৃষ্টি হয়। চন্দ্ৰ, মংগল গ্ৰহৰ মিলনৰ বাবে ঘৰত দৰিদ্ৰতা আহিবলৈ আৰম্ভ কৰে।

* উতলা গাখীৰ কেতিয়াবা পৰাটো স্বাভাৱিক হ’ব পাৰে, কিন্তু যদি সঘনাই পৰে তেন্তে ইয়াৰ পৰা বুজা যায় যে ঘৰত কিবা বাস্তুৰ দোষ আছে। বাস্তু দোষৰ বাবে ঘৰত সুখ-সমৃদ্ধি নাথাকে আৰু সদায় ধনৰ অভাৱ ঘটে।

* ঘৰৰ কোনো সদস্যই যদি কোনো গুৰুত্বপূৰ্ণ কামত বাহিৰলৈ যায় আৰু সেই সময়তে গাখীৰ উতলি পৰে, তেন্তে ইয়াক অশুভ লক্ষণ বুলি গণ্য কৰা হয়। গাখীৰ উতলি পৰিলে কোনো ৰোগৰ আগমনৰ ইংগিত পোৱা যায়।

* গাখীৰ উতলি পৰিলে দেৱী অন্নপূৰ্ণা অসন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। যদি প্ৰায়ে এনেকুৱা হয়, তেন্তে মালক্ষ্মীৰ ওচৰত ক্ষমা খুজিব লাগে। চন্দ্ৰৰ দোষৰ পৰা হাত সাৰিবলৈ মুকুতা পিন্ধিব পাৰে আৰু চন্দ্ৰ দেৱক পানী অৰ্পণ কৰিলে শুভ ফল লাভ কৰে। চন্দ্ৰ আৰু মংগল গ্ৰহক শান্ত কৰাৰ ব্যৱস্থাও ল’ব পাৰে। ঘৰৰ পৰা ওলাই আহোঁতে যদি গাখীৰ পৰি যায়, তেন্তে ভগৱানক মিঠা কিবা এটা আগবঢ়োৱাৰ পাছতহে ঘৰৰ পৰা ওলাই যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী