--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গাখীৰ কেৱল স্বাস্থ্যৰ বাবেই নহয়, আধ্যাত্মিকভাৱেও ইয়াৰ আছে বিশেষ গুৰুত্ব। ধৰ্মীয়ভাৱে শিৱলিংগত কেঁচা গাখীৰ আগবঢ়োৱাৰ পৰা আৰম্ভ কৰি পূজা-অৰ্চনালৈকে ব্যৱহাৰ কৰা হয়। শকুণশাস্ত্ৰতো গাখীৰৰ লগত বহুতো শুভ আৰু অশুভ সম্পৰ্ক আছে। বাস্তুশাস্ত্ৰত গাখীৰক চন্দ্ৰৰ কাৰক বুলি ধৰা হয়। সেয়েহে উতলা গাখীৰ পৰাটো অশুভ বুলি গণ্য কৰা হয়। উতলা গাখীৰ বাৰে বাৰে পৰিলে চন্দ্ৰ দোষৰ সৃষ্টি হয় আৰু ঘৰত ঋণাত্মক শক্তি প্ৰৱেশ কৰে। উতলা গাখীৰ পৰিলে কেনেধৰণৰ অশুভ লক্ষণ পোৱা যায় জানো আহক।

 * বাস্তুশাস্ত্ৰৰ মতে উতলা গাখীৰ পৰাই ঘৰৰ সদস্যসকলক মানসিকভাৱে প্ৰভাৱিত কৰে। গাখীৰ পৰাৰ ফলত চন্দ্ৰ দোষ সৃষ্টি হয় আৰু ইয়াৰ বাবেই ঘৰত সদায় উত্তেজনা থাকে। মানসিকভাৱেও ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে।

* গাখীৰ গৰম কৰোতে সহায় জুই ব্যৱহাৰ কৰা হয় আৰু ই হৈছে মংগল গ্ৰহৰ কাৰক। মংগল আৰু চন্দ্ৰক ইটো সিটোৰ বিপৰীত বুলি গণ্য কৰা হয়। সেয়েহে ঘনাই উতলি থকা গাখীৰ পৰিলে পৰিয়ালত কাজিয়াৰ পৰিস্থিতিৰ সৃষ্টি হয়। চন্দ্ৰ, মংগল গ্ৰহৰ মিলনৰ বাবে ঘৰত দৰিদ্ৰতা আহিবলৈ আৰম্ভ কৰে।

* উতলা গাখীৰ কেতিয়াবা পৰাটো স্বাভাৱিক হ’ব পাৰে, কিন্তু যদি সঘনাই পৰে তেন্তে ইয়াৰ পৰা বুজা যায় যে ঘৰত কিবা বাস্তুৰ দোষ আছে। বাস্তু দোষৰ বাবে ঘৰত সুখ-সমৃদ্ধি নাথাকে আৰু সদায় ধনৰ অভাৱ ঘটে।

* ঘৰৰ কোনো সদস্যই যদি কোনো গুৰুত্বপূৰ্ণ কামত বাহিৰলৈ যায় আৰু সেই সময়তে গাখীৰ উতলি পৰে, তেন্তে ইয়াক অশুভ লক্ষণ বুলি গণ্য কৰা হয়। গাখীৰ উতলি পৰিলে কোনো ৰোগৰ আগমনৰ ইংগিত পোৱা যায়।

* গাখীৰ উতলি পৰিলে দেৱী অন্নপূৰ্ণা অসন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। যদি প্ৰায়ে এনেকুৱা হয়, তেন্তে মালক্ষ্মীৰ ওচৰত ক্ষমা খুজিব লাগে। চন্দ্ৰৰ দোষৰ পৰা হাত সাৰিবলৈ মুকুতা পিন্ধিব পাৰে আৰু চন্দ্ৰ দেৱক পানী অৰ্পণ কৰিলে শুভ ফল লাভ কৰে। চন্দ্ৰ আৰু মংগল গ্ৰহক শান্ত কৰাৰ ব্যৱস্থাও ল’ব পাৰে। ঘৰৰ পৰা ওলাই আহোঁতে যদি গাখীৰ পৰি যায়, তেন্তে ভগৱানক মিঠা কিবা এটা আগবঢ়োৱাৰ পাছতহে ঘৰৰ পৰা ওলাই যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা