--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ-পূবৰ ৰাজ্যসমূহত বিনিয়োগ ৭৫ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে। বৰ্তমান এই ৰাজ্যসমূহত কোম্পানীটোৰ প্ৰায় ৩০ হাজাৰ কোটি টকাৰ বিনিয়োগ আছে। অৰ্থাৎ আগন্তুক পাঁচ বছৰত ৰিলায়েন্সে এই ৰাজ্যসমূহত প্ৰায় ৪৫ হাজাৰ কোটি টকাৰ নতুন বিনিয়োগ কৰিবলৈ ওলাইছে। 

দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত হৈ থকা ‘ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ্ছ ছামিট’ত এই মন্তব্য কৰে মুকেশ আম্বানীয়ে। সশস্ত্ৰ বাহিনীৰ অতুলনীয় বীৰত্বৰ বাবে সফল হোৱা অপাৰেচন সিন্দূৰৰ বাবে প্ৰধানমন্ত্ৰী মোডী আৰু দেশবাসীক অভিনন্দন জনাই মুকেশ আম্বানীয়ে ভাষণৰ আৰম্ভণি কৰে।

আম্বানীয়ে কয় যে এই প্ৰস্তাৱিত বিনিয়োগে ২৫ লাখৰো অধিক প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। মুকেশ আম্বানীয়ে ৰাজ্যসমূহত ৩৫০টা বায়’গেছ প্লাণ্ট স্থাপনৰ প্ৰতিশ্ৰুতিও প্ৰকাশ কৰে। জিঅ’ৰ কথা উল্লেখ কৰি মুকেশ আম্বানীয়ে কয় যে ৰিলায়েন্স জিঅ’ৰ ৫জি নেটৱৰ্ক উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰায় ৯০ শতাংশ জনসংখ্যাৰ ওচৰলৈ গৈছে। Jio 5G নেটৱৰ্কৰ সৈতে ৫০ লাখ লোক সংযুক্ত হৈ আছে আৰু এই বছৰ এই সংখ্যা দুগুণ হ’ব। ৰিলায়েন্স ৰিটেলে কৃষকৰ পৰা প্ৰত্যক্ষ ক্ৰয় কৰি তেওঁলোকৰ আয় বৃদ্ধিৰ বাবে উৎসাহিত কৰিব। প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰি মুকেশ আম্বানীয়ে কয় যে আপোনালোকৰ প্ৰচেষ্টাৰ বাবে উত্তৰ-পূৰ্বাঞ্চল প্ৰান্তৰ পৰা ওলাই আহিছে আৰু ভাৰতৰ উন্নয়নৰ মানচিত্ৰত আত্মপ্ৰকাশ কৰিছে।

স্বাস্থ্যৰ ক্ষেত্ৰত ৰিলায়েন্স ফাউণ্ডেশ্যনৰ কাম-কাজৰ ওপৰত তেওঁ কয় যে ৰিলায়েন্স ফাউণ্ডেচনে মণিপুৰত ১৫০খন বিছনাযুক্ত কৰ্কট চিকিৎসালয় স্থাপন কৰিছে। ইয়াৰ লগতে ফাউণ্ডেচনে মিজোৰাম বিশ্ববিদ্যালয়ৰ সৈতে সহযোগিতা কৰি জিন’মিক ​​ডাটা ব্যৱহাৰ কৰি স্তন কেন্সাৰৰ যত্ন আগুৱাই লৈ গৈছে। ফাউণ্ডেচনে গুৱাহাটীত এটা উন্নত আণৱিক নিদান আৰু গৱেষণাগাৰ স্থাপন কৰিছে। 

ইয়াত ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ জিন’ম ছিকুৱেন্সিং ক্ষমতাৰে সজ্জিত হ’ব। উত্তৰ-পূবৰ ৰাজ্যসমূহত ৰিলায়েন্স ফাউণ্ডেচনে আটাইকেইখন ৰাজ্যৰ সৈতে মিলি অলিম্পিক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিব, য’ৰ পৰা ওলাই অহা যুৱক-যুৱতীসকলে অলিম্পিকত পদক বিজয়ী হ’ব পাৰিব বুলি আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত