--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ-পূবৰ ৰাজ্যসমূহত বিনিয়োগ ৭৫ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে। বৰ্তমান এই ৰাজ্যসমূহত কোম্পানীটোৰ প্ৰায় ৩০ হাজাৰ কোটি টকাৰ বিনিয়োগ আছে। অৰ্থাৎ আগন্তুক পাঁচ বছৰত ৰিলায়েন্সে এই ৰাজ্যসমূহত প্ৰায় ৪৫ হাজাৰ কোটি টকাৰ নতুন বিনিয়োগ কৰিবলৈ ওলাইছে। 

দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত হৈ থকা ‘ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ্ছ ছামিট’ত এই মন্তব্য কৰে মুকেশ আম্বানীয়ে। সশস্ত্ৰ বাহিনীৰ অতুলনীয় বীৰত্বৰ বাবে সফল হোৱা অপাৰেচন সিন্দূৰৰ বাবে প্ৰধানমন্ত্ৰী মোডী আৰু দেশবাসীক অভিনন্দন জনাই মুকেশ আম্বানীয়ে ভাষণৰ আৰম্ভণি কৰে।

আম্বানীয়ে কয় যে এই প্ৰস্তাৱিত বিনিয়োগে ২৫ লাখৰো অধিক প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। মুকেশ আম্বানীয়ে ৰাজ্যসমূহত ৩৫০টা বায়’গেছ প্লাণ্ট স্থাপনৰ প্ৰতিশ্ৰুতিও প্ৰকাশ কৰে। জিঅ’ৰ কথা উল্লেখ কৰি মুকেশ আম্বানীয়ে কয় যে ৰিলায়েন্স জিঅ’ৰ ৫জি নেটৱৰ্ক উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰায় ৯০ শতাংশ জনসংখ্যাৰ ওচৰলৈ গৈছে। Jio 5G নেটৱৰ্কৰ সৈতে ৫০ লাখ লোক সংযুক্ত হৈ আছে আৰু এই বছৰ এই সংখ্যা দুগুণ হ’ব। ৰিলায়েন্স ৰিটেলে কৃষকৰ পৰা প্ৰত্যক্ষ ক্ৰয় কৰি তেওঁলোকৰ আয় বৃদ্ধিৰ বাবে উৎসাহিত কৰিব। প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰি মুকেশ আম্বানীয়ে কয় যে আপোনালোকৰ প্ৰচেষ্টাৰ বাবে উত্তৰ-পূৰ্বাঞ্চল প্ৰান্তৰ পৰা ওলাই আহিছে আৰু ভাৰতৰ উন্নয়নৰ মানচিত্ৰত আত্মপ্ৰকাশ কৰিছে।

স্বাস্থ্যৰ ক্ষেত্ৰত ৰিলায়েন্স ফাউণ্ডেশ্যনৰ কাম-কাজৰ ওপৰত তেওঁ কয় যে ৰিলায়েন্স ফাউণ্ডেচনে মণিপুৰত ১৫০খন বিছনাযুক্ত কৰ্কট চিকিৎসালয় স্থাপন কৰিছে। ইয়াৰ লগতে ফাউণ্ডেচনে মিজোৰাম বিশ্ববিদ্যালয়ৰ সৈতে সহযোগিতা কৰি জিন’মিক ​​ডাটা ব্যৱহাৰ কৰি স্তন কেন্সাৰৰ যত্ন আগুৱাই লৈ গৈছে। ফাউণ্ডেচনে গুৱাহাটীত এটা উন্নত আণৱিক নিদান আৰু গৱেষণাগাৰ স্থাপন কৰিছে। 

ইয়াত ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ জিন’ম ছিকুৱেন্সিং ক্ষমতাৰে সজ্জিত হ’ব। উত্তৰ-পূবৰ ৰাজ্যসমূহত ৰিলায়েন্স ফাউণ্ডেচনে আটাইকেইখন ৰাজ্যৰ সৈতে মিলি অলিম্পিক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিব, য’ৰ পৰা ওলাই অহা যুৱক-যুৱতীসকলে অলিম্পিকত পদক বিজয়ী হ’ব পাৰিব বুলি আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ