--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : যোৱা কিছুদিন মৌখিকভাৱে চলাই থকা শুল্ক যুদ্ধক বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে আনুষ্ঠানিক ৰূপ দিয়ে। ট্রাম্পে বুধবাৰে ভাৰতকে ধৰি ১৮০ খনতকৈ অধিক দেশৰ বিৰুদ্ধে আৰোপ কৰা শুল্কৰ বিষয়ে বিস্তৃতভাৱে ঘোষণা কৰে তথা ইয়াক 'সহানুভূতিমূলক' (কাইণ্ড) আৰু 'ৰেহাইসমৃদ্ধ' (ডিছকাউন্টেড) আখ্যা দিয়ে। ট্রাম্পে কয় যে এই শুল্কৰ হাৰবোৰ সম্পূৰ্ণভাৱে সমানুপাতিক নহ'ব আৰু আন দেশে আমেৰিকাৰ সামগ্ৰীৰ বিৰুদ্ধে আৰোপ কৰা শুল্কৰ প্ৰায় আধা হ'ব। তেওঁ কয় যে ভাৰতে আমেৰিকাৰ সামগ্ৰীত ৫২ শতাংশ শুল্ক আৰোপ কৰে। ভাৰতৰ পৰা আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীত আৰোপ কৰা হৈছে ২৭ শতাংশ শুল্ক। 

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফেব্ৰুৱাৰীত কৰা আমেৰিকা ভ্ৰমণৰ কথা সুঁৱৰি তেওঁ কয়, 'প্রধানমন্ত্রী কেইদিনমানৰ আগতে উভতিল। তেওঁ মোৰ এজন ভাল বন্ধু। কিন্তু মই তেওঁক ক'লোঁ, 'আপুনি মোৰ এজন বন্ধু, কিন্তু আপোনালোকে আমাক ভাল ব্যৱহাৰ কৰা নাই।' তেওঁ আৰু কয়, তেওঁলোকে (ভাৰত) ৫২ শতাংশ শুল্ক আৰোপ কৰে, কিন্তু আমি বহু বছৰ, কেইবা দশক শুল্ক আৰোপ প্রায় নকৰাৰ দৰেই। তেওঁ কয়, 'মই সাত বছৰৰ আগত শাসনলৈ অহাতহে এই শুল্ক আৰোপ কৰা হৈছিল।' ট্রাম্পে কয়, 'যদি আপোনালোকে শুল্কৰ হাৰ শূন্য হোৱাটো বিচাৰে, তেন্তে আপোনালোকৰ সামগ্ৰী আমেৰিকাত উৎপাদন কৰক। অন্যথা, আমেৰিকাৰ বজাৰ লাভ কৰিবলৈ বিদেশী ৰাষ্ট্ৰক শুল্ক আদায় দিবলৈ কোৱা হ'ব।' হোৱাইট হাউছৰ ৰ'জ গার্ডেনত কৰা এই ঘোষণা হৈছে বহু বছৰীয়া বাণিজ্য উদাৰতাৰ বিপৰীতে, কেইবা দশকৰ ভিতৰত আমেৰিকাৰ দ্বাৰা আটাইতকৈ ব্যাপক বাণিজ্যিক ব্যৱস্থা। 

ট্রাম্পে কয় যে এই শুল্ক আৰোপ হৈছে আমেৰিকাই নিজৰ সংস্থান, নিজৰ উদ্যোগ তথা ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায় পুনৰ দাবী কৰাৰ এটা পথ। তেওঁ কয় যে এই শুল্ক আৰোপে আমেৰিকাক 'পুনৰ চহকী কৰিব' আৰু সংস্থান 'পূর্ণোদ্যমে ওভতাই আনিব।' ট্রাম্পে কয়, 'দশক দশক জুৰি কাষৰ আৰু দূৰৈৰ, বন্ধু আৰু শত্ৰু ৰাষ্ট্ৰই আমাৰ দেশক লুণ্ঠন, বলাৎকাৰ আৰু ডকাইতি কৰিছে।' ট্রাম্পে কয় যে আমেৰিকাৰ পৰা ৰপ্তানি কৰা সামগ্ৰীত চীনে আৰোপ কৰা ৬৭ শতাংশ শুল্কৰ বিপৰীতে আমেৰিকাই চীনৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ৩৪ শতাংশ শুল্ক আৰোপ কৰিব। 

ট্রাম্পে প্ৰদৰ্শন কৰা শুল্কৰ বিস্তৃত তালিকাত আমেৰিকাৰ মূল বাণিজ্য সহযোগীসকলৰ শুল্কৰ হাৰবোৰ হৈছে ক্রমে ইউৰোপিয়ান ইউনিয়ন ২০ শতাংশ, ভিয়েটনাম ৪৬ শতাংশ, টাইৱান ৩২ শতাংশ, জাপান ২৪ শতাংশ, ভাৰত ২৭ শতাংশ, দক্ষিণ কোৰিয়া ২৫ শতাংশ আৰু থাইলেণ্ড ৩৬ শতাংশ। ট্রাম্পৰ এই ঘোষণাত আটাইতকৈ বেছি শুল্ক আৰোপ কৰা দেশখন হ'ল কম্বোডিয়া (৪৯ শতাংশ)। তাৰ পাছতে আছে ক্রমে লাওছ (৪৮. শতাংশ), মাডাগাস্কাৰ (৪৭ শতাংশ), ভিয়েটনাম (৪৬ শতাংশ), শ্রীলংকা (৪৪ শতাংশ), ম্যানমাৰ (৪৪ শতাংশ) আদি। আনহাতে নিম্নতম (সার্বজনীন) ১০ শতাংশ শুল্কৰ সীমাতে আছে বহু দেশ। 

উল্লেখযোগ্য যে আন দেশে আৰোপ কৰা শুল্কৰ বিপৰীতে আমেৰিকাই বুধবাৰে ঘোষণা কৰা শুল্কৰ হাৰ ১০ শতাংশৰ পৰা ৪৯ শতাংশলৈ আছে। এই শুল্ক ৯ এপ্ৰিলৰ দুপৰীয়া ১২-০১ বজাৰ পৰা কাৰ্যকৰী হ'ব। আনহাতে, ট্রাম্পে বুধবাৰে ঘোষণা কৰে যে ৩ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ, আমেৰিকাত এছেমবল (যন্ত্ৰৰ অংশবোৰ সন্নিবিষ্ট) নকৰা গাড়ীৰ শুল্ক ২৫ শতাংশ হ'ব। উল্লেখযোগ্য যে বিদেশী ৰাষ্ট্ৰৰ বিৰুদ্ধে শুল্ক আৰোপ কৰা এই দিনটোক (২ এপ্রিল, ২০২৫) ট্রাম্পে মুক্তিৰ দিন (লিবাৰেশ্যন ডে') বুলি অভিহিত কৰিছে।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে