--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : যোৱা কিছুদিন মৌখিকভাৱে চলাই থকা শুল্ক যুদ্ধক বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে আনুষ্ঠানিক ৰূপ দিয়ে। ট্রাম্পে বুধবাৰে ভাৰতকে ধৰি ১৮০ খনতকৈ অধিক দেশৰ বিৰুদ্ধে আৰোপ কৰা শুল্কৰ বিষয়ে বিস্তৃতভাৱে ঘোষণা কৰে তথা ইয়াক 'সহানুভূতিমূলক' (কাইণ্ড) আৰু 'ৰেহাইসমৃদ্ধ' (ডিছকাউন্টেড) আখ্যা দিয়ে। ট্রাম্পে কয় যে এই শুল্কৰ হাৰবোৰ সম্পূৰ্ণভাৱে সমানুপাতিক নহ'ব আৰু আন দেশে আমেৰিকাৰ সামগ্ৰীৰ বিৰুদ্ধে আৰোপ কৰা শুল্কৰ প্ৰায় আধা হ'ব। তেওঁ কয় যে ভাৰতে আমেৰিকাৰ সামগ্ৰীত ৫২ শতাংশ শুল্ক আৰোপ কৰে। ভাৰতৰ পৰা আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীত আৰোপ কৰা হৈছে ২৭ শতাংশ শুল্ক। 

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফেব্ৰুৱাৰীত কৰা আমেৰিকা ভ্ৰমণৰ কথা সুঁৱৰি তেওঁ কয়, 'প্রধানমন্ত্রী কেইদিনমানৰ আগতে উভতিল। তেওঁ মোৰ এজন ভাল বন্ধু। কিন্তু মই তেওঁক ক'লোঁ, 'আপুনি মোৰ এজন বন্ধু, কিন্তু আপোনালোকে আমাক ভাল ব্যৱহাৰ কৰা নাই।' তেওঁ আৰু কয়, তেওঁলোকে (ভাৰত) ৫২ শতাংশ শুল্ক আৰোপ কৰে, কিন্তু আমি বহু বছৰ, কেইবা দশক শুল্ক আৰোপ প্রায় নকৰাৰ দৰেই। তেওঁ কয়, 'মই সাত বছৰৰ আগত শাসনলৈ অহাতহে এই শুল্ক আৰোপ কৰা হৈছিল।' ট্রাম্পে কয়, 'যদি আপোনালোকে শুল্কৰ হাৰ শূন্য হোৱাটো বিচাৰে, তেন্তে আপোনালোকৰ সামগ্ৰী আমেৰিকাত উৎপাদন কৰক। অন্যথা, আমেৰিকাৰ বজাৰ লাভ কৰিবলৈ বিদেশী ৰাষ্ট্ৰক শুল্ক আদায় দিবলৈ কোৱা হ'ব।' হোৱাইট হাউছৰ ৰ'জ গার্ডেনত কৰা এই ঘোষণা হৈছে বহু বছৰীয়া বাণিজ্য উদাৰতাৰ বিপৰীতে, কেইবা দশকৰ ভিতৰত আমেৰিকাৰ দ্বাৰা আটাইতকৈ ব্যাপক বাণিজ্যিক ব্যৱস্থা। 

ট্রাম্পে কয় যে এই শুল্ক আৰোপ হৈছে আমেৰিকাই নিজৰ সংস্থান, নিজৰ উদ্যোগ তথা ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায় পুনৰ দাবী কৰাৰ এটা পথ। তেওঁ কয় যে এই শুল্ক আৰোপে আমেৰিকাক 'পুনৰ চহকী কৰিব' আৰু সংস্থান 'পূর্ণোদ্যমে ওভতাই আনিব।' ট্রাম্পে কয়, 'দশক দশক জুৰি কাষৰ আৰু দূৰৈৰ, বন্ধু আৰু শত্ৰু ৰাষ্ট্ৰই আমাৰ দেশক লুণ্ঠন, বলাৎকাৰ আৰু ডকাইতি কৰিছে।' ট্রাম্পে কয় যে আমেৰিকাৰ পৰা ৰপ্তানি কৰা সামগ্ৰীত চীনে আৰোপ কৰা ৬৭ শতাংশ শুল্কৰ বিপৰীতে আমেৰিকাই চীনৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ৩৪ শতাংশ শুল্ক আৰোপ কৰিব। 

ট্রাম্পে প্ৰদৰ্শন কৰা শুল্কৰ বিস্তৃত তালিকাত আমেৰিকাৰ মূল বাণিজ্য সহযোগীসকলৰ শুল্কৰ হাৰবোৰ হৈছে ক্রমে ইউৰোপিয়ান ইউনিয়ন ২০ শতাংশ, ভিয়েটনাম ৪৬ শতাংশ, টাইৱান ৩২ শতাংশ, জাপান ২৪ শতাংশ, ভাৰত ২৭ শতাংশ, দক্ষিণ কোৰিয়া ২৫ শতাংশ আৰু থাইলেণ্ড ৩৬ শতাংশ। ট্রাম্পৰ এই ঘোষণাত আটাইতকৈ বেছি শুল্ক আৰোপ কৰা দেশখন হ'ল কম্বোডিয়া (৪৯ শতাংশ)। তাৰ পাছতে আছে ক্রমে লাওছ (৪৮. শতাংশ), মাডাগাস্কাৰ (৪৭ শতাংশ), ভিয়েটনাম (৪৬ শতাংশ), শ্রীলংকা (৪৪ শতাংশ), ম্যানমাৰ (৪৪ শতাংশ) আদি। আনহাতে নিম্নতম (সার্বজনীন) ১০ শতাংশ শুল্কৰ সীমাতে আছে বহু দেশ। 

উল্লেখযোগ্য যে আন দেশে আৰোপ কৰা শুল্কৰ বিপৰীতে আমেৰিকাই বুধবাৰে ঘোষণা কৰা শুল্কৰ হাৰ ১০ শতাংশৰ পৰা ৪৯ শতাংশলৈ আছে। এই শুল্ক ৯ এপ্ৰিলৰ দুপৰীয়া ১২-০১ বজাৰ পৰা কাৰ্যকৰী হ'ব। আনহাতে, ট্রাম্পে বুধবাৰে ঘোষণা কৰে যে ৩ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ, আমেৰিকাত এছেমবল (যন্ত্ৰৰ অংশবোৰ সন্নিবিষ্ট) নকৰা গাড়ীৰ শুল্ক ২৫ শতাংশ হ'ব। উল্লেখযোগ্য যে বিদেশী ৰাষ্ট্ৰৰ বিৰুদ্ধে শুল্ক আৰোপ কৰা এই দিনটোক (২ এপ্রিল, ২০২৫) ট্রাম্পে মুক্তিৰ দিন (লিবাৰেশ্যন ডে') বুলি অভিহিত কৰিছে।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ