--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিশ্বৰ সকলো দেশে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ সমানুপাতিক শুল্ক নীতি আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে ব্যস্ত থকাৰ সময়তে আমেৰিকাই সংগোপনে ইয়াৰ বৃহৎসংখ্যক সামৰিক শক্তি ভাৰত মহাসাগৰীয় আৰু ভাৰত-প্রশান্ত মহাসাগৰীয় সামুদ্রিক এলেকাত মোতায়েন কৰিছে। ভাৰত মহাসাগৰীয় এলেকাত বি-২ বোমাৰু বিমান মোতায়েন কৰিবলৈ পেন্টাগনে ইতিমধ্যে আদেশ দিছে মার্কিন সেনাক। 

য়েমেনত কেইবাজনো হুথী সন্ত্রাসদাসীক হত্যা কৰা এটা সামৰিক বিমান আক্ৰমণৰ দৃশ্য শনিবাৰে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে শ্বেয়াৰ কৰাৰ পাছতেই আমেৰিকাই ভাৰত মহাসাগৰৰ এটা দুর্গম দ্বীপ ডিয়েগ' গাছিয়ালৈ ছখনকৈ বি-২ যুদ্ধ বোমাৰু বিমান প্ৰেৰণ কৰে। য়েমেনৰ হুথী বিদ্রোহীক লগতে ইৰানক লক্ষ্য কৰি এই যুঁজাৰু বিমানসমূহ আমেৰিকাই মোতায়েন কৰিছে বুলি যুদ্ধ বিশেষজ্ঞসকলে আশংকা কৰিছে। ইৰানৰ উপকূলীয় অঞ্চলৰ ২৪০০ মাইল দূৰত্বত 'ঘোষ্ট অব দ্য স্কাই' নামেৰে পৰিচিত বিশ্বৰ অন্যতম শেহতীয়া যুদ্ধ বিমানসমূহ আমেৰিকাই প্ৰেৰণ কৰাক লৈ অশান্ত মধ্যপ্রাচ্যত উত্তেজনা অধিক বৃদ্ধি পাইছে। ডিয়েগ' গাচিয়া দ্বীপপুঞ্জৰ বিমানঘাটিত ছখন বি-২ যুদ্ধ বোমাৰু বিমান মোতায়েন কৰাৰ দৃশ্য ইতিমধ্যে ছেটেলাইটৰ ছবিত ধৰা পৰিছে। 

এই বি-২ যুদ্ধ বোমাৰু বিমানবোৰ অধিক শক্তিশালী। ইয়াৰ এখন বিমানৰ দাম ২ বিলিয়ন ডলাৰ। এই যুদ্ধ বিমানে আকাশী প্ৰতিৰক্ষা কৰাৰ লগতে ৰাডাৰ হিচাপেও কাম কৰে। এই বি-২ যুদ্ধ বিমানে বিশ্বৰ যিকোনো ঠাইৰ লক্ষ্য ভেদ কৰি পুনৰ ঘাটিলৈ ঘুৰি আহিব পাৰে আৰু আকাশৰ মাজতে পুনৰ ইন্ধন ভৰাব পাৰে। ইৰানে পাৰমাণৱিক চুক্তি নকৰিলে ইৰানত প্ৰচণ্ড বোমা বর্ষণ কৰা হ'ব বুলি কেইদিনমান পূর্বে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে ভাবুকি দিয়াৰ পাছতে এই মার্কিন সামৰিক ৰণচালিয়ে মধ্য প্রাচ্যত পুনৰ এক যুদ্ধৰ আগজাননী দিছে। তদুপৰি ইৰান-সমর্থিত হুথী সন্ত্রাসবাদীকো ট্রাম্পে লক্ষ্য কৰি আক্ৰমণ কৰিয়েই আছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ