--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণে চীনক অতিক্ৰম কৰিলে। বহু বছৰ ধৰি দ্বিপাক্ষিক বাণিজ্যৰ ক্ষেত্ৰত চীন ভাৰতৰ সহযোগী হিচাপে বিবেচিত হৈ আহিছে। দুই দেশৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা বাণিজ্যিক সম্পৰ্কৰ বাবেই এনে হৈছে বুলি ধাৰণা কৰা হৈছে।

২০২১-২২ বৰ্ষৰ বাবে বাণিজ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা শেহতীয়া হিচাপ অনুসৰি দুয়োখন দেশৰ মাজত মুঠ বাণিজ্যিক পৰিমাণ ১১হাজাৰ ৯৪২ কোটি ডলাৰত উপনীত হৈছে। বিগত বিত্তীয় বৰ্ষত অৰ্থাৎ ২০২০-২১ চনত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ আছিল ৮০০ কোটি ৫১লাখ ডলাৰ। 

বাণিজ্য বিভাগৰ মতে, আমেৰিকালৈ ৰপ্তানি পূৰ্বৰ বিত্তীয় বৰ্ষত ৫১০ কোটি ৬২ লাখ ডলাৰৰ পৰা ২০২১-২২ বিত্তীয় বৰ্ষত ৭৬০কোটি ১১লাখ ডলাৰ বৃদ্ধি পাইছে। এই সময়ছোৱাত আমদানিৰ পৰিমাণ ২০২০-২১ চনত ২৯০ কোটি ডলাৰৰ পৰা ৪৩০ কোটি ৩১ লাখ ডলাৰলৈ বৃদ্ধি পাইছে। 

২০২১-২২ বিত্তীয় বৰ্ষত চীনৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ আছিল ১১ হাজাৰ ৫০০ কোটি ৪২ লাখ ডলাৰ। বিগত বিত্তীয় বৰ্ষত অৰ্থাৎ ২০২০-২১ চনত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ আছিল ৮৬০ কোটি ৪০ লাখ ডলাৰ। 

মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ২০২০-২১ বিত্তীয় বৰ্ষত ভাৰতৰ পৰা চীনলৈ ৰপ্তানিৰ পৰিমাণ আছিল ২১০ কোটি ১৮ লাখ ডলাৰ। ২০২১-২২ বিত্তীয় বৰ্ষত সেই ৰপ্তানিৰ পৰিমাণ সামান্য বৃদ্ধি পাই ২১০ কোটি ২৫ লাখ ডলাৰ হৈছেগৈ। আনহাতে,  চীনৰ পৰা আমদানি কৰা পৰিমাণ ২০২০-২১ বৰ্ষত ৬৫০ কোটি ২১ লাখ ডলাৰৰ পৰা ৯৪০ কোটি ১৬ লাখ ডলাৰলৈ বৃদ্ধি পাইছে। ২০২১-২১ চনত দুয়োখন দেশৰ মাজত বাণিজ্যিক ঘাটি ৪৪০ কোটি ডলাৰৰ পৰা বৃদ্ধি পাই ২০২১-২২ চনত ৭২০ কোটি ৯১ ডলাৰ হৈছে।

বাণিজ্য বিশেষজ্ঞসকলৰ মতে, অনাগত বছৰবোৰতো আমেৰিকাৰ সৈতে দ্বিপাক্ষিক বাণিজ্যৰ এই অগ্ৰগতি অব্যাহত থাকিব। কিয়নো নতুন দিল্লী আৰু ৱাশ্বিংটনে দ্বিপাক্ষিক অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে কাম কৰি আছে।

ফেডাৰেচন অৱ ইণ্ডিয়ান এক্সপ’ৰ্ট অৰ্গেনাইজেচনৰ উপ-সভাপতি খালিদ খানে কয়, ‘ভাৰতে ক্ৰমান্বয়ে বিশ্বাসযোগ্য বাণিজ্যিক অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহে কেৱল যোগানৰ বাবে চীনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি ভাৰতৰ দৰে দেশৰ সৈতে ব্যৱসায়ৰ সম্প্ৰসাৰণ কৰিবলৈ লৈছে।’ তেওঁ লগতে কয় যে, ‘অনাগত বছৰবোৰতো ভাৰত-আমেৰিকাৰ মাজত দ্বিপাক্ষিক বাণিজ্যৰ সম্প্ৰসাৰণ ঘটিব। আমেৰিকাৰ উদ্যোগত ভাৰত-প্ৰশান্ত মহাসাগৰীয় বাণিজ্য পৰিকাঠামো (আইপিইএফ)ত ভাৰতে যোগদান কৰিছে আৰু ইয়াৰ ফলত অৰ্থনৈতিক সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব।’



FOLLOW US F
POPULAR
FEATURE
TRENDY
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ