--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় লোকসেৱা আয়োগে সোমবাৰে ঘোষণা কৰিলে অসামৰিক সেৱাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। এই বছৰ নতুন দিল্লীৰ শ্ৰুতি শৰ্মাই অসামৰিক সেৱা পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছে। সেইদৰে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিছে ক্ৰমে অংকিতা আগৰৱাল আৰু গামিনী সিংগলাই। চাৰি নম্বৰ স্থান দখল ঐশ্বৰ্য বাৰ্মাৰ। এইবাৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলৰ শীৰ্ষ পাঁচটা স্থানৰ ভিতৰত প্ৰথম চাৰিটাতে মহিলাৰ আধিপত্য দেখিবলৈ পোৱা গৈছে।



পঞ্চম স্থান দখল কৰিছে উত্‍কৰ্ষ দ্বিৱেদীয়ে। ছয় নম্বৰ স্থান দখল যক্ষ চৌধাৰীৰ। UPSC টপাৰ শ্ৰুতি শৰ্মা ছেইণ্ট ষ্টিফেনছ কলেজ আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী। তেওঁ জামিয়া মিলিয়া ইছলামিয়া ৰেচিডেন্সিয়েল কোচিং একাডেমীত ইউ পি এছ চি চিভিল চাৰ্ভিচেছ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল। প্ৰতি বছৰে ইউ পি এছ চিৰ পৰীক্ষাত যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে, যাৰ ভিতৰত মাত্ৰ কেইজনমান পৰীক্ষাৰ্থীয়েহে সফলতা লাভ কৰে। এইটো এটা কঠিন পৰীক্ষা।

 
ইউ পি এছ চিয়ে মুঠ ৬৮৫ গৰাকী প্ৰাৰ্থীক নিযুক্তিৰ বাবে পৰামৰ্শ দিছে। ইয়াৰ ভিতৰত আছে ২৪৪ গৰাকী জেনেৰেল, ৭৩ গৰাকী ই ডব্লিউ এছ, ২০৩ গৰাকী অ’বিচি, ১০৫গৰাকী এচচি আৰু ৬০গৰাকী এচটি বিভাগৰ প্ৰাৰ্থী। পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীসকলে UPSC ৰ অফিচিয়েল ৱেবছাইট upsc.gov.in ত নিজৰ ফলাফল চাব পাৰিব। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ