--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় লোকসেৱা আয়োগে সোমবাৰে ঘোষণা কৰিলে অসামৰিক সেৱাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। এই বছৰ নতুন দিল্লীৰ শ্ৰুতি শৰ্মাই অসামৰিক সেৱা পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছে। সেইদৰে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিছে ক্ৰমে অংকিতা আগৰৱাল আৰু গামিনী সিংগলাই। চাৰি নম্বৰ স্থান দখল ঐশ্বৰ্য বাৰ্মাৰ। এইবাৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলৰ শীৰ্ষ পাঁচটা স্থানৰ ভিতৰত প্ৰথম চাৰিটাতে মহিলাৰ আধিপত্য দেখিবলৈ পোৱা গৈছে।

পঞ্চম স্থান দখল কৰিছে উত্‍কৰ্ষ দ্বিৱেদীয়ে। ছয় নম্বৰ স্থান দখল যক্ষ চৌধাৰীৰ। UPSC টপাৰ শ্ৰুতি শৰ্মা ছেইণ্ট ষ্টিফেনছ কলেজ আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী। তেওঁ জামিয়া মিলিয়া ইছলামিয়া ৰেচিডেন্সিয়েল কোচিং একাডেমীত ইউ পি এছ চি চিভিল চাৰ্ভিচেছ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল। প্ৰতি বছৰে ইউ পি এছ চিৰ পৰীক্ষাত যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে, যাৰ ভিতৰত মাত্ৰ কেইজনমান পৰীক্ষাৰ্থীয়েহে সফলতা লাভ কৰে। এইটো এটা কঠিন পৰীক্ষা।

ইউ পি এছ চিয়ে মুঠ ৬৮৫ গৰাকী প্ৰাৰ্থীক নিযুক্তিৰ বাবে পৰামৰ্শ দিছে। ইয়াৰ ভিতৰত আছে ২৪৪ গৰাকী জেনেৰেল, ৭৩ গৰাকী ই ডব্লিউ এছ, ২০৩ গৰাকী অ’বিচি, ১০৫গৰাকী এচচি আৰু ৬০গৰাকী এচটি বিভাগৰ প্ৰাৰ্থী। পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীসকলে UPSC ৰ অফিচিয়েল ৱেবছাইট upsc.gov.in ত নিজৰ ফলাফল চাব পাৰিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ