--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় পাকঘৰৰ এক জনপ্ৰিয় পাচলি ৰঙালাও। ই এবিধ লতাজাতীয় উদ্ভিদ আৰু ইয়াৰ একাধিক প্ৰজাতি আছে। বাৰিষা-খৰালি সকলো সময়তে ইয়াৰ খেতি হয় যদিও খৰালি কালত ইয়াৰ উৎপাদন প্ৰচুৰ মাত্ৰাত হয়। বাৰিষা জেকা নলগা ওখ চানেকীয়া মাটিতো ইয়াৰ খেতি কৰিব পাৰি। পূৰঠ পকা ৰঙালাও বহু দিনলৈ সাঁচি ৰাখিব পাৰি। পৌষ্টিক আৰু ঔষধি গুণত ই অদ্বিতীয়। আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি ই মধুৰ, বলবৰ্ধক, পুষ্টিকাৰক তথা মেদ প্ৰতিৰোধক প্ৰকৃতিৰ। 

মানুহে ৰঙালাও ভাজি চয়াবিনৰ লগত, ছজিনাৰ লগত খাই বৰ ভালপায়। কিছু কিছু অঞ্চলত ৰঙালাওৰ সৈতে মাংস খোৱাৰো প্ৰথা প্ৰচলিত আছে। ৰঙালাওৰ পিটিকা খাবলৈও বৰ সোৱাদ।

ৰঙালাওৰ বাকলি আৰু গুটিও বৰ উপকাৰী। আপুনি জানেনে যে ৰঙালাও সুস্বাদু হোৱাৰ লগতে পুষ্টিকৰ উপাদানৰে সমৃদ্ধ।কাৰণ ইয়াত ভিটামিন বি,ভিটামিন এ আৰু বহুতো পুষ্টিকৰ উপাদান থাকে। ইয়াৰ প্ৰভাৱ শীতল। যাৰ বাবে গ্ৰীষ্মকালত ইয়াক সেৱন কৰাটো আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী। জানো আহক ৰঙালাও খোৱাৰ উপকাৰ কি কি?

ৰঙালাও খোৱাৰ উপকাৰিতা-

১) হৃদৰোগ নাইকিয়া হৈ যায়ঃ ৰঙালাও সেৱনে হৃদৰোগৰ সম্ভাৱনা কম কৰাত সহায় কৰে। ইয়াত ভাল পৰিমাণৰ ফাইবাৰ আৰু পটাছিয়াম থাকে যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। ইয়াত থকা এণ্টিঅক্সিডেণ্টে শৰীৰত কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখে। যদি আপুনি দৈনিক ৰঙালাও সেৱন কৰে, তেন্তে হাৰ্ট এটেকৰ সম্ভাৱনা কম হ’ব পাৰে।

২) ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ পৰেঃ ৰঙালাওত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায়ক। সেয়েহে যদি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয় তেন্তে ৰঙালাও সেৱন কৰা উচিত। কাৰণ ইয়াত বিটা কেৰটিন থাকে যিয়ে আপোনাক বহু ৰোগৰ পৰাও পৰিত্ৰাণ কৰাত সহায় কৰে। সেইবাবেই ৰঙালাও দৈনিক খোৱা উচিত।

৩) শৰীৰ হাইড্ৰেটেড হৈ থাকেঃ গ্ৰীষ্মকালত বেছিভাগ মানুহৰ শৰীৰত পানীৰ অভাৱ দেখা যায়। এনে পৰিস্থিতিত এই সমস্যাৰ পৰা হাত সাৰিবলৈ ৰঙালাও খোৱাটো উপকাৰী। কাৰণ ইয়াৰ ৯০ শতাংশ পানীৰে ভৰি থাকে।

৪) ওজন হ্ৰাস কৰেঃ যদি আপুনি ওজন কমাব বিচাৰে তেন্তে খাদ্যত ৰঙালাও অন্তৰ্ভুক্ত কৰক। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে। ইয়াত কেলৰি কম পৰিমাণত থাকে, যাৰ ফলত ওজন কমোৱাত সহায় হয়।

৫) কেন্সাৰ প্ৰতিৰোধী গুণঃ ৰঙালাও খালে কেন্সাৰত আক্ৰান্ত হোৱাৰ আশংকা বহু পৰিমাণে কমি যায় বুলি এক বৈজ্ঞানিক সমীক্ষাত প্ৰকাশ। ৰঙালাওত এনেকুৱা কিছুমান পদাৰ্থ পোৱা যায়, যিবিলাকে দেহত কেন্সাৰৰ কোষৰ গঠন আৰু বৰ্ধনত বিশেষ ৰুপে বাধা প্ৰদান কৰে।

উল্লেখ্য যে ৰঙালাওৱে মগজুৰ দুৰ্বলতা দূৰীভূত কৰি মগজু সবল আৰু সক্ৰিয় কৰি তোলে আৰু দেহৰ মেদবহুলতা প্ৰতিৰোধ কৰি মানুহৰ চেহেৰা আটিল কৰি তোলে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে