--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় পাকঘৰৰ এক জনপ্ৰিয় পাচলি ৰঙালাও। ই এবিধ লতাজাতীয় উদ্ভিদ আৰু ইয়াৰ একাধিক প্ৰজাতি আছে। বাৰিষা-খৰালি সকলো সময়তে ইয়াৰ খেতি হয় যদিও খৰালি কালত ইয়াৰ উৎপাদন প্ৰচুৰ মাত্ৰাত হয়। বাৰিষা জেকা নলগা ওখ চানেকীয়া মাটিতো ইয়াৰ খেতি কৰিব পাৰি। পূৰঠ পকা ৰঙালাও বহু দিনলৈ সাঁচি ৰাখিব পাৰি। পৌষ্টিক আৰু ঔষধি গুণত ই অদ্বিতীয়। আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি ই মধুৰ, বলবৰ্ধক, পুষ্টিকাৰক তথা মেদ প্ৰতিৰোধক প্ৰকৃতিৰ। 

মানুহে ৰঙালাও ভাজি চয়াবিনৰ লগত, ছজিনাৰ লগত খাই বৰ ভালপায়। কিছু কিছু অঞ্চলত ৰঙালাওৰ সৈতে মাংস খোৱাৰো প্ৰথা প্ৰচলিত আছে। ৰঙালাওৰ পিটিকা খাবলৈও বৰ সোৱাদ।

ৰঙালাওৰ বাকলি আৰু গুটিও বৰ উপকাৰী। আপুনি জানেনে যে ৰঙালাও সুস্বাদু হোৱাৰ লগতে পুষ্টিকৰ উপাদানৰে সমৃদ্ধ।কাৰণ ইয়াত ভিটামিন বি,ভিটামিন এ আৰু বহুতো পুষ্টিকৰ উপাদান থাকে। ইয়াৰ প্ৰভাৱ শীতল। যাৰ বাবে গ্ৰীষ্মকালত ইয়াক সেৱন কৰাটো আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী। জানো আহক ৰঙালাও খোৱাৰ উপকাৰ কি কি?

ৰঙালাও খোৱাৰ উপকাৰিতা-

১) হৃদৰোগ নাইকিয়া হৈ যায়ঃ ৰঙালাও সেৱনে হৃদৰোগৰ সম্ভাৱনা কম কৰাত সহায় কৰে। ইয়াত ভাল পৰিমাণৰ ফাইবাৰ আৰু পটাছিয়াম থাকে যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। ইয়াত থকা এণ্টিঅক্সিডেণ্টে শৰীৰত কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখে। যদি আপুনি দৈনিক ৰঙালাও সেৱন কৰে, তেন্তে হাৰ্ট এটেকৰ সম্ভাৱনা কম হ’ব পাৰে।

২) ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ পৰেঃ ৰঙালাওত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায়ক। সেয়েহে যদি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয় তেন্তে ৰঙালাও সেৱন কৰা উচিত। কাৰণ ইয়াত বিটা কেৰটিন থাকে যিয়ে আপোনাক বহু ৰোগৰ পৰাও পৰিত্ৰাণ কৰাত সহায় কৰে। সেইবাবেই ৰঙালাও দৈনিক খোৱা উচিত।

৩) শৰীৰ হাইড্ৰেটেড হৈ থাকেঃ গ্ৰীষ্মকালত বেছিভাগ মানুহৰ শৰীৰত পানীৰ অভাৱ দেখা যায়। এনে পৰিস্থিতিত এই সমস্যাৰ পৰা হাত সাৰিবলৈ ৰঙালাও খোৱাটো উপকাৰী। কাৰণ ইয়াৰ ৯০ শতাংশ পানীৰে ভৰি থাকে।

৪) ওজন হ্ৰাস কৰেঃ যদি আপুনি ওজন কমাব বিচাৰে তেন্তে খাদ্যত ৰঙালাও অন্তৰ্ভুক্ত কৰক। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে। ইয়াত কেলৰি কম পৰিমাণত থাকে, যাৰ ফলত ওজন কমোৱাত সহায় হয়।

৫) কেন্সাৰ প্ৰতিৰোধী গুণঃ ৰঙালাও খালে কেন্সাৰত আক্ৰান্ত হোৱাৰ আশংকা বহু পৰিমাণে কমি যায় বুলি এক বৈজ্ঞানিক সমীক্ষাত প্ৰকাশ। ৰঙালাওত এনেকুৱা কিছুমান পদাৰ্থ পোৱা যায়, যিবিলাকে দেহত কেন্সাৰৰ কোষৰ গঠন আৰু বৰ্ধনত বিশেষ ৰুপে বাধা প্ৰদান কৰে।

উল্লেখ্য যে ৰঙালাওৱে মগজুৰ দুৰ্বলতা দূৰীভূত কৰি মগজু সবল আৰু সক্ৰিয় কৰি তোলে আৰু দেহৰ মেদবহুলতা প্ৰতিৰোধ কৰি মানুহৰ চেহেৰা আটিল কৰি তোলে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ