--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ গুৱাহাটী মহানগৰ কমিটীৰ উদ্যোগত আৰু ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা, অসমৰ সহযোগত আয়োজন কৰা আন্তঃসংবাদ মাধ্যম বেডমিণ্টন প্ৰতিযোগিতাৰ আজি সফল সামৰণি পৰে। গুৱাহাটী কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলৰ আটকধুনীয়া বেডমিণ্টন হ'লত অনুষ্ঠিত প্ৰতিযোগিতা মুকলি কৰে মডাৰ্ণ স্কুলৰ সঞ্চালক পংকজ দাস, অধ্যক্ষ জোনালী   দাস আৰু জ্যেষ্ঠ সাংবাদিক উদয় বৰগোহাঁয়ে। 

প্ৰতিযোগিতাৰ পুৰুষ ছিংগলছত ঋতুৰাজ বৰঠাকুৰ আৰু শিবাশিস ঠাকুৰে প্ৰথম দুটা স্থান দখল কৰে। তৃতীয় হয় মানস প্ৰতিম শৰ্মা । মহিলা শাখাত নৱনীতা কলিতা, পুনম নাথ আৰু হেনা দেই প্ৰথম তিনিটা স্থান লাভ কৰে। দলীয় শাখাত গুৱাহাটী প্ৰেছ ক্লাবৰ হৈ শিবাশিস ঠাকুৰ, মানস প্ৰতিম শৰ্মা, ঋতুৰাজ বৰঠাকুৰ শ্ৰেষ্ঠ হোৱাৰ বিপৰীতে ৰাণাৰ্ছ আপ হয় অসম ৰাজ্যিক সাংবাদিক সন্থাৰ হিলদুল গগৈ, স্বপ্নশ্ৰী গোস্বামী আৰু ৰঞ্জিত ৰায়ে। 

আনহাতে, মডাৰ্ণ স্কুলৰ বেডমিণ্টন একাডেমীৰ শিক্ষাৰ্থীৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ক্ৰমে বৰ্ণিল কাশ্যপ, আৰাধ্যা ৰায়চৌধুৰী, ঈশান জ্যোতি বৰুৱা আৰু ইভানশী দেই। অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাত ভাৰোত্তোলনৰ প্ৰশিক্ষক অনুপ কোঁৱৰক বৰ্ষশ্ৰেষ্ঠ ক্ৰীড়া প্ৰশিক্ষকৰ বঁটা প্ৰদান কৰে অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাই। তেওঁক বঁটা, প্ৰশস্তি পত্ৰ আৰু ১০ হেজাৰ টকাৰ চেক প্ৰদান কৰা হয়। তদুপৰি টেবুল টেনিছ খেলুৱৈ প্ৰিয়ানুজ ভট্টাচাৰ্য্য, জেনিছা বিপুল, ট্ৰাইথলন খেলুৱৈ দেবিকা শৰ্মা আৰু এথলীট জুবিন গোহাঁইক প্ৰতিশ্ৰুতি সম্পন্ন খেলুৱৈৰ বঁটা প্ৰদান কৰা হয়। 

দুয়োটা কাৰ্যসূচীতে সহযোগিতা আগবঢ়ায় উত্তৰায়ন গ্ৰুপ, এন আৰ এল, টপচেম চিমেণ্ট, কীকু নুডুলছ, মডাৰ্ণ ইংলিছ স্কুল আৰু এছ এল এ চিয়ে। অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, উত্তৰায়ন গ্ৰুপৰ পৰিচালন সঞ্চালক দীপ জ্যোতি বৰুৱা, ক্ৰীড়া সংগঠক বিষ্ণুৰাম নুনিছা, জনস্বৰাজৰ সভাপতি ভাস্কৰণ গোহাঁই, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাকে ধৰি বহু বিশিষ্ট ব্যক্তি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ