--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ গুৱাহাটী মহানগৰ কমিটীৰ উদ্যোগত আৰু ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা, অসমৰ সহযোগত আয়োজন কৰা আন্তঃসংবাদ মাধ্যম বেডমিণ্টন প্ৰতিযোগিতাৰ আজি সফল সামৰণি পৰে। গুৱাহাটী কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলৰ আটকধুনীয়া বেডমিণ্টন হ'লত অনুষ্ঠিত প্ৰতিযোগিতা মুকলি কৰে মডাৰ্ণ স্কুলৰ সঞ্চালক পংকজ দাস, অধ্যক্ষ জোনালী   দাস আৰু জ্যেষ্ঠ সাংবাদিক উদয় বৰগোহাঁয়ে। 

প্ৰতিযোগিতাৰ পুৰুষ ছিংগলছত ঋতুৰাজ বৰঠাকুৰ আৰু শিবাশিস ঠাকুৰে প্ৰথম দুটা স্থান দখল কৰে। তৃতীয় হয় মানস প্ৰতিম শৰ্মা । মহিলা শাখাত নৱনীতা কলিতা, পুনম নাথ আৰু হেনা দেই প্ৰথম তিনিটা স্থান লাভ কৰে। দলীয় শাখাত গুৱাহাটী প্ৰেছ ক্লাবৰ হৈ শিবাশিস ঠাকুৰ, মানস প্ৰতিম শৰ্মা, ঋতুৰাজ বৰঠাকুৰ শ্ৰেষ্ঠ হোৱাৰ বিপৰীতে ৰাণাৰ্ছ আপ হয় অসম ৰাজ্যিক সাংবাদিক সন্থাৰ হিলদুল গগৈ, স্বপ্নশ্ৰী গোস্বামী আৰু ৰঞ্জিত ৰায়ে। 

আনহাতে, মডাৰ্ণ স্কুলৰ বেডমিণ্টন একাডেমীৰ শিক্ষাৰ্থীৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ক্ৰমে বৰ্ণিল কাশ্যপ, আৰাধ্যা ৰায়চৌধুৰী, ঈশান জ্যোতি বৰুৱা আৰু ইভানশী দেই। অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাত ভাৰোত্তোলনৰ প্ৰশিক্ষক অনুপ কোঁৱৰক বৰ্ষশ্ৰেষ্ঠ ক্ৰীড়া প্ৰশিক্ষকৰ বঁটা প্ৰদান কৰে অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাই। তেওঁক বঁটা, প্ৰশস্তি পত্ৰ আৰু ১০ হেজাৰ টকাৰ চেক প্ৰদান কৰা হয়। তদুপৰি টেবুল টেনিছ খেলুৱৈ প্ৰিয়ানুজ ভট্টাচাৰ্য্য, জেনিছা বিপুল, ট্ৰাইথলন খেলুৱৈ দেবিকা শৰ্মা আৰু এথলীট জুবিন গোহাঁইক প্ৰতিশ্ৰুতি সম্পন্ন খেলুৱৈৰ বঁটা প্ৰদান কৰা হয়। 

দুয়োটা কাৰ্যসূচীতে সহযোগিতা আগবঢ়ায় উত্তৰায়ন গ্ৰুপ, এন আৰ এল, টপচেম চিমেণ্ট, কীকু নুডুলছ, মডাৰ্ণ ইংলিছ স্কুল আৰু এছ এল এ চিয়ে। অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, উত্তৰায়ন গ্ৰুপৰ পৰিচালন সঞ্চালক দীপ জ্যোতি বৰুৱা, ক্ৰীড়া সংগঠক বিষ্ণুৰাম নুনিছা, জনস্বৰাজৰ সভাপতি ভাস্কৰণ গোহাঁই, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাকে ধৰি বহু বিশিষ্ট ব্যক্তি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ