--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এনে মৰো ঋষিৰ শাপত, তাতে দিয়ে ধানৰ ভাপত। কোভিডৰ সংহাৰে বিধ্বস্ত কৰা ভাৰতত এইবাৰ আন এক মাৰাত্মক ৰোগৰ প্ৰাদুৰ্ভাব ঘটিছে। নতুন ৰোগ বিধৰ নাম 'নোজ ব্লীড ফিভাৰ'।  এই বিৰল আৰু মাৰাত্মক ৰোগ বিধৰ লক্ষণ উত্তৰ প্ৰদেশৰ এগৰাকী নাবালিকাৰ দেহত দেখা দিছে। এই ৰোগৰ প্ৰধান লক্ষণেই হৈছে জ্বৰ হোৱাৰ লগতে নাকৰ পৰা প্ৰৱল  ৰক্তক্ষৰণ হোৱা। সেয়ে ৰোগ বিধৰ নাম 'নোজ ব্লীড ফিভাৰ' ৰখা হৈছে।

ভাৰতত এতিয়ালৈকে  এই বিৰল ভাইৰাছ সম্পৰ্কীয় ৰোগত দুজন লোক আক্ৰান্ত হৈছে। তেওঁলোকৰ মাজৰে এগৰাকী গুজৰাটৰ এগৰাকী মহিলাৰ  মৃত্যু ঘটিছে। মাৰ্চ মাহত গুজৰাটৰ ভাৱনগৰত দুজন লোক  এই নতুন ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছিল। তেওঁলোকৰ এগৰাকী আছিল ৫৫ বছৰীয়া মহিলা। 

ৰোগ বিধত আক্ৰান্ত হৈয়েই তেওঁৰ মৃত্যু ঘটিছিল।ইয়াৰ পিছতে দেশত 'নোজ ব্লীড ফিভাৰ'কলৈ আতংকৰ সৃষ্টি হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে কৈছে যে  এই ভাইৰাছবিধে যোৱা কেইসপ্তাহমানত বিশ্বৰ  কেইবাখনো দেশত উদ্বেগ বৃদ্ধি কৰিছে।

ইৰাকত এই ৰোগত আক্ৰান্ত হৈ ১৯ জন লোকৰ মৃত্যু ঘটিছে।বিশেষজ্ঞসকলৰ মতে এই ভাইৰাছ প্ৰধানকৈ গৰুৰ শৰীৰৰ পৰা মানৱ শৰীৰলৈ সংক্ৰমিত হোৱাৰ আশংকা থাকে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ৰোগবিধৰ  মুখ্য লক্ষণ হৈছে জ্বৰ।

 ৰোগবিধৰ প্ৰকৃত নাম হৈছে ক্ৰিমিয়ান-কঙ্গো হেমৰেজিক জ্বৰ। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, এই ৰোগবিধ প্ৰথমবাৰৰ বাবে ১৯৪৪ চনত ক্ৰিমিয়াত ধৰা পৰিছিল।সেয়ে ৰোগ বিধৰ নাম ক্ৰিমিয়ান-কঙ্গো হেমৰেজিক জ্বৰ দিয়া হৈছিল। ১৯৬৯ চনত এই কথা পোহৰলৈ আহিথিল ক্ৰিমিয়াৰ ৰক্তক্ষৰণ জ্বৰ সৃষ্টি কৰা বীজাণুটো কঙ্গোত ১৯৫৬  চনতে চিনাক্ত কৰা হৈছিল। সেয়ে ৰোগবিধৰ সৈতে দুয়োটা স্থানৰ নাম সংযোগ কৰি ক্ৰিমিয়ান-কঙ্গো হেমৰেজিক জ্বৰ ৰখা হয়।

বিশেষজ্ঞসকলে কৈছে যে ৰোগবিধৰ আক্ৰান্ত হোৱাসকলৰ মৃত্যুৰ হাৰ ৩০ শতাংশৰ ওচৰত। এই ৰোগত আক্ৰান্ত হ'লে ৰোগীৰ নাকৰ পৰা ধাৰাসাৰ ৰক্তক্ষৰণ হয়। এই ৰোগৰ  মুখ্য লক্ষণ কেইটা  হৈছে মূৰৰ বিষ, তীব্ৰ জ্বৰ, চকু ৰঙা পৰা,পিঠিৰ বিষ, পেটৰ বিষ আৰু বমি আদি। 
ৰোগৰ তীব্ৰতা বৃদ্ধি হ'লে এনে হয়। সাধাৰণতে এনে ভাইৰেল জ্বৰৰ দ্বাৰা সংক্ৰমিত হোৱাৰ দ্বিতীয় সপ্তাহত ৰোগীৰ অৱস্থা সংকটজনক হৈ পৰিব পাৰে। চলিতবৰ্ষৰ বছৰৰ জানুৱাৰী মাহৰ পৰা এতিয়ালৈকে ইৰাকত প্ৰায় ১২০ জন লোক ক্ৰিমিয়ান-কঙ্গো হেমৰেজিক জ্বৰ বা 'নোজ ব্লীড ফিভাৰ'ত আক্ৰান্ত হৈছে।দেশ খনত ৰোগবিধত আক্ৰান্ত হৈ ১৯ জন লোকৰ মৃত্যুও হৈছে ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ