--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ’নাৰ চতুৰ্থ  ঢৌৰ আশংকাৰ  মাজতে কেৰেলাত এইবাৰ নতুন আতংকৰ ৰূপত আৱিৰ্ভাৱ হৈছে নোৰোভাইৰাছ।ৰাজ্যখনত এতিয়ালৈকে ২ টি শিশু এই ভাইৰাছত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত কৰা হৈছে।কেৰালা চৰকাৰে প্ৰকাশ কৰা মতে  দুটা শিশুৰ দেহত  ৰোটাভাইৰাছৰ দৰে নোৰোভাইৰাছ  সংক্ৰমণ ধৰা পৰিছে। 

স্বাস্থ্য বিভাগে সমগ্ৰ  পৰিস্থিতি নিৰীক্ষণ কৰি আছে বুলিও চৰকাৰী ভাবে জনোৱা হৈছে৷ দূষিত পানী আৰু খাদ্যৰ জৰিয়তে ভাইৰাছ বিয়পিব পাৰে বাবে চৰকাৰে এই ক্ষেত্ৰত সকলো সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে৷চৰকাৰী পৰীক্ষাগাৰত খাদ্যৰ বিষক্ৰিয়াত ভোগা  শিক্ষাৰ্থী একাংশৰ নমুনা পৰীক্ষা কৰাৰ পিছত  নোৰোভাইৰাছৰ সংক্ৰমণ নিশ্চিত কৰা হয়৷ 
 শিক্ষাৰ্থীসকলে বিদ্যালয়ত মধ্যাহ্ন ভোজন কৰাৰ পিছত খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হৈছিল৷ 


বমি আৰু/বা ডায়েৰিয়া, মূৰৰ বিষ আদি এই ভাইৰাছত আক্ৰান্ত হোৱা জনৰ দেহত দেখা দিয়ে৷সাধাৰণতে দূষিত খাদ্য, পানী আদিৰ  জৰিয়তে নোৰোভাইৰাছ সংক্ৰমিত হ'ব পাৰে৷আক্ৰান্ত জনৰ দেহত পানীৰ পৰিমাণ কমি যায়, ফলত ডিহাইড্ৰেচন হ'ব পাৰে৷ 

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে কয় যে  ৰোগটো অত্যন্ত সংক্ৰামক বুলি উল্লেখ কৰি আৰু জনসাধাৰণক পৰিচ্ছন্নতা বজাই ৰাখিবলৈ আহ্বান জনাযইছে।

উল্লেখ্য বিগত বৰ্ষত  পুকড়ে পশু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ এগৰাকী ছাত্ৰৰ দেহত  নোৰোভাইৰাছ ধৰা পৰাৰ পিছতে সষ্টম হৈ পৰিছিল কেৰালাৰ স্বাস্থ্য বিভাগ। কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে ভাইৰাছ বিধৰ সংক্ৰমণ সন্দৰ্ভত উচ্চস্তৰীয় বৈঠকত মিলিত হৈছিল।

মন্ত্ৰী গৰাকীয়ে ৰাজ্য খনৰ খোৱাপানীৰ উৎস সমূহত যাতে ভাইৰাছ বিধ মিহলি হ’ব নোৱাৰে তাৰ বাবে সতৰ্ক হ’বলৈ সংশ্লিষ্ট সকলো পক্ষকে নিৰ্দেশ দিছে।

কি এই ন’ৰ’ ভাইৰাছ?

ন’ৰ’ ভাইৰাছ হৈছে মানুহৰ পাচনতন্ত্ৰত আক্ৰমণ কৰা এক প্ৰকাৰৰ ভাইৰাছ। এই ভাইৰাছে আক্ৰমণ কৰাৰ পিছতে মানুহ এজনৰ বমি আৰু ডায়েৰিয়া হ’বলৈ ধৰে।

খাদ্য আৰু পানীৰ জৰিয়তেও এই ভাইৰাছ বিয়পি পৰিব পাৰে। তদুপৰি ৰোগীৰ বমি, শৌচ আদিৰ দ্বাৰাও এই ভাইৰাছ বিয়পি পৰে।

বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহতো কেৰালাত  সংহাৰৰ সৃষ্টি কৰা নিপা ভাইৰাছৰ পুনৰ আগমন ঘটিছে। নিপা ভাইৰাছত আক্ৰান্ত হৈ এজন কিশোৰৰ মৃত্যু ঘটিছিল।

যোৱা বছৰৰ ৩ ছেপ্টেম্বৰৰ পৰা কোঝিকোডৰ বাসিন্দা কিশোৰজনৰ দেহত বিভিন্ন উপসৰ্গ দেখা দিবলৈ আৰম্ভ কৰিছিল।

কৰ’না পৰিস্থিতি অত্যন্ত উদ্বেগজনক হৈ থকাৰ সময়তে  নোৰোভাইৰাছৰ আৱিৰ্ভাৱে অধিক আতংকৰ সৃষ্টি কৰিছে কেৰালাত।

ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ইতিমধ্যে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি