--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভীমকল আমাৰ সকলোৰে পৰিচিত এক জনপ্ৰিয় কল। ভীমকল গ্ৰাম্য অঞ্চলত যথেষ্ট পৰিমাণে ব্যৱহাৰ হয়। এই কল সাধাৰণ কলতকৈ শকত-আৱত বাবেই হয়তো ভীম কল নাম দিয়া হৈছিল। এই কল অধিক বীজযুক্ত। পকিলে খাবলৈ বৰ মিঠা হয়। কিছুমানে ভীমকলক আঠীয়া কল বুলিও কয়। এই গছ জোপাৰ বৈজ্ঞানিক নাম হ’ল – Musa balbisiana Colla। অসমৰ সমাজ জীৱনত দৈনন্দিন বিভিন্ন কাৰুকাৰ্যত ভীমকল আৰু ভীমকল গছৰ বিভিন্ন অংশৰ ব্যৱহাৰ অপৰিসীম। 

ভাৰতৰ বাহিৰেও চীন, ইণ্ডোনেছিয়া, মালয়েছিয়া, ম্যানমাৰ, নেপাল, নিউঅ গিনি, ফিলিপাইনছ, শ্ৰীলংকা আৰু থাইলেণ্ডত ভীমকল পোৱা যায়। পকা ভীমকল পুহ মাহত নিয়মিত খালে গাত ভীমৰ সমান বল হয় বুলি গাঁৱৰ মানুহৰ মুখে মুখে শুনা যায়। পিঠাগুৰিৰ সৈতে পকা ভীমকল মিহলাই তৈয়াৰ কৰা লাডু খাবলৈ বৰ ভাল।পকা ভীমকলৰ জেলি তৈয়াৰ কৰিও খাব পাৰি।  খেতিয়কসকলক গৃহিণীয়ে ফিকা চাহৰ লগত ভীমকল আৰু পিঠাগুৰিৰ লাডু খাবলৈ প্ৰায়েই দিয়ে। এই লাডু খায়েই ঘৰৰ গৃহস্থই দিনৰ এপৰলৈ হাল বাই মাটি চহ কৰে। ভীমকলৰ আছে বহু গুণাগুণ। 

ভীমকলৰ উপকাৰিতাৰ বিষয়ে জানো আহক 

১)পকা ভীমকলৰ গুটিবোৰ চালনীৰে চালি আঁতৰাই ছমাহৰ কেঁচুৱাক খুৱালে শ্ৰী বৃদ্ধি হয়। 

২)শিশুৰ পয়ালগা ৰোগ ভীমকল খালে ভাল হয়। 

৩)পকা ভীমকল পাতল পাতলকৈ কাটি ৰ’দত ভালদৰে শুকুৱাই বিস্কুটৰ নিচিনাকৈ চাহৰ লগত খাব পাৰি। 

৪) পেটচলা বেমাৰত এটা কেঁচা ভীমকলৰ তিনি ভাগৰ এভাগ, মধুৰিআমৰ কুমলীয়া আগ তিনিটা আৰু পাঁচ ছেণ্টিমিটাৰমান বহল শিলিখা গছৰ বাকলিৰ সৈতে খুন্দি তাৰ পৰিশ্ৰুত খালে মাত্ৰ দুপালিতে পেটচলা ভাল হয়। 

৫)ভীমকল গৰম দিনত সাধাৰণতে পেট ঠাণ্ডা কৰিবলৈ খুওৱা হয়।

৬)ভীমকলৰ বাকলি শুকুৱাই পুৰি খাৰ তৈয়াৰ কৰিব পাৰি।

৭)ভীমকল কৃমিনাশক।

৮)গাঁঠিৰ বিষ হ’লে ভীমকলৰ পোৰা বাকলি ছাই আৰু ক’লা হালধি লগালে ভাল।

৯)পকা ভীমকল পুৱা খালী পেটত খালে গ্ৰহণী ভাল হয়।

১০) প্ৰস্ৰাৱৰ বিভিন্ন সমস্যাত ভীমকলৰ চৰবত বৰ উপকাৰী।

১১)ভীমকলে পেট ঠাণ্ডা কৰে আৰু প্ৰস্ৰাৱ খোলোচা কৰে।

১২)ক্ষীণ লোকে নিয়মীয়াকৈ ভীমকল সেৱন কৰিলে স্বাস্থ্যবান হৈ পৰে।

১৩)পকা ভীমকলত যথেষ্ট পৰিমাণে পটাচিয়াম থাকে৷ সেই কাৰণে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ভীমকল উপকাৰী৷

১৪)ভীমকলৰ পচলা খালে কোষ্ঠকাঠিন্যতা দূৰ হয়৷

১৫) ৰক্তহীনতাত ভোগা লোকৰ বাবে ভীমকলৰ কলডিল অতি উপকাৰী৷

গতিকে আহক পকা ভীমকল খাই শৰীৰটোক সুস্থ-সবল কৰি ৰখাৰ লগতে ৰোগমুক্ত কৰি ৰাখো।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ